নেশ্যনেল ডেস্ক, 12 মে’ : দেশৰ অন্যতম ধনী ৰাজনৈতিক নেতা হিচাপে পৰিগণিত হৈছে এন ডি এ-ৰ হৈ গুণ্টুৰ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা টিডিপি নেতা ড৹ পেম্মাছানি চন্দ্ৰশেখৰ ৷ মনোনয়নৰ সময়ত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি, তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ মূল্য প্ৰায় 5,705 কোটি টকা ৷
বিপৰীতে আছে 1,038 কোটি টকাৰ ঋণ ৷ তেওঁৰ আমেৰিকাত থকা ব্যৱসায় এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কিন্তু ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত এই পৰিমাণ আন নেতাতকৈ কম ৷
উল্লেখ্য যে, ৰাজনীতিবিদ গৰাকীৰ নামত আছে 2,316 কোটি টকা ৷ পত্নী শ্ৰীৰত্নাৰ নামত 2,289 কোটি টকা আৰু সন্তানৰ নামত আছে 992 কোটি টকাৰ স্থাৱৰ সম্পত্তি ৷ তদুপৰি চন্দ্ৰশেখৰৰ আছে বেঞ্জ, টেছলা, ৰ’লছ ৰয়েচ, টয়’টা ফৰ্চুনাৰৰ দৰে কেইবাখনো বিলাসী বাহন ৷
বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা পেম্মাছানি চন্দ্ৰশেখৰে চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰায় দুই দশক পূৰ্বে গৈছিল আমেৰিকালৈ ৷
পৰৱৰ্তী সময়ত চন্দ্ৰশেখৰে চিকিৎসা বৃত্তিৰ সৈতে জড়িত অনলাইন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ ব্যৱসায় আৰম্ভ কৰি সফলতা লাভ কৰে ৷ তাতেই তেওঁ ইউ ৱৰ্লড নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰি চিকিৎসা, শিক্ষা, নাৰ্চিং, হাইস্কুল, স্নাতক, একাউণ্টিং, বিত্ত, আইনী আৰু ফাৰ্মাচীৰ ক্ষেত্ৰত সেৱা আগবঢ়ায় ৷
ড৹ পেম্মাছানি চন্দ্ৰশেখৰৰ সম্পত্তি তলত দিয়া ধৰণৰ...
- নগদ ধন: 2.06 লাখ টকা
- বেংক একাউণ্টত থকা ধনৰ পৰিমাণ : 5.97 কোটি টকা
- ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ অংশীদাৰিত্বৰ পৰিমাণ: 2,281 কোটি টকা
- ইঞ্চুৰেন্সৰ পৰিমাণ : 12 কোটি টকা
- আনক দিয়া ঋণৰ পৰিমাণ : 16.6 কোটি টকা
- বাহনৰ মূল্য : 6.11 কোটি টকা
- সোণৰ মূল্য : 11.61 লাখ টকা
- বিভিন্ন ঘৰ, মাটি, কৃষিভূমিৰ নামত থকা ধনৰ পৰিমাণ : 72 কোটি টকা
বিপৰীতে থকা ঋণৰ পৰিমাণ হৈছে 519 কোটি টকা
চন্দ্ৰশেখৰৰ পত্নী ডাঃ শ্ৰীৰত্নাৰ নামত থকা সম্পত্তিৰ পৰিমাণ...
- নগদ ধন: 1,51,800 টকা
- বেংক একাউণ্টত থকা ধনৰ পৰিমাণ : 5.90 কোটি টকা
- ৰাজহুৱা আৰু প্ৰাইভেট লিমিটেডৰ নামত থকা ধন : 2,281 কোটি টকা
- ইঞ্চুৰেন্সৰ পৰিমাণ : 6.63 কোটি টকা
- সোণ-ৰূপৰ মূল্য : 1.84 কোটি টকা
- কৃষ্ণা জিলাত থকা কৃষিভূমিৰ পৰিমাণ : 5.53 একৰ মাটি অৰ্থাৎ 2.33 কোটি টকা মূল্যৰ সম্পত্তি
- বিভিন্ন ঘৰ, মাটি, কৃষিভূমিৰ নামত থকা ধনৰ পৰিমাণ : 32.48 কোটি টকা
বিপৰীতে শ্ৰীৰত্নাৰ নামত থকা ঋণৰ মূল্য হৈছে 519 কোটি টকা ৷
উল্লেখ্য যে, চন্দ্ৰশেখৰৰ পুত্ৰ অভিনৱ পেম্মাছানিৰ নামত 495.50 কোটি টকা থকাৰ বিপৰীতে কন্যা সহস্ৰা পেম্মাছানিৰ নামত আছে প্ৰায় 495.50 কোটি টকাৰ সম্পত্তি ৷ অৰ্থাৎ ৰাজনীতিবিদ গৰাকীৰ পুত্ৰ-কন্যাৰ নামত আছে সমান সমান টকাৰ সম্পত্তি ৷ তাৎপৰ্যপূৰ্ণভাৱে পেম্মাছানিৰ পৰিয়ালবৰ্গৰ নামত ঋণ আছে 1,038 কোটি টকাৰ ৷