ETV Bharat / politics

মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা ল’ব নেকি লখিমপুৰত ? - Lok Sabha Election 2024

Lakhimpur Lok Sabha Constituency : মহিলা ভোটাৰৰ ক্ষেত্ৰত সংখ্যাগুৰু লখিমপুৰ সমষ্টিত প্ৰভাৱ পৰিব নেকি চৰকাৰী আচনিৰ ? কি কয় মহিলা ভোটাৰে । এক প্ৰতিবেদন ।

Etv Bharat
মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা ল’ব নেকি লখিমপুৰত ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:02 PM IST

লখিমপুৰ, ৩১ মে’: মাজত মাথো তিনিদিন । তিনিদিনৰ পিচতে হ’ব লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ এই লৈ এতিয়া সকলো উৎকন্ঠিত । কোন সমষ্টিত কাৰ শিৰত পৰিব বিজয়মাল্য ?

মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা ল’ব নেকি লখিমপুৰত ? (ETV Bharat Assam)

যিমানেই ভোট গণনাৰ দিন চমু চাপি আহিছে সিমানেই জল্পনা-কল্পনা বাঢ়িছে । ব্যতিক্ৰমী নহয় ১২ নং লখিমপুৰ লোকসভা সমষ্টি । সমষ্টিটোত কোনে বিজয়ৰ মালা ধাৰণ কৰিব তাৰ বাবে ৰাজনৈতিক মহলত ভাগে-ভাগে বিশ্লেষণ চলিছে ।

সমষ্টিটোত এইবাৰ বৃদ্ধি হ’ল মহিলা ভোটাৰৰ সংখ্যা । মহিলা ভোটাৰে ল’ব নেকি নিৰ্ণায়ক ভূমিকা ? ৰাজনৈতিক বিশ্লেষণত এতিয়া এনেবোৰ বিষয়েও ঠাই পাইছে । উল্লেখ্য যে লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ মহিলা ভোটাৰ সংখ্যাগুৰু আছিল । পুৰুষ ভোটাৰতকৈ দুই সহস্ৰাধিক বেছি আছিল মহিলা ভোটাৰ ৷

লগতে পঢ়ক: প্ৰকৃত ভোটদাতাৰ পৰিৱৰ্তে কোনে কৰিলে ভোটদান ?

১২ নং লখিমপুৰ সংসদীয় সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১৫,৬৯,৫৩১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৭,৮১,৭৯৪ জন আৰু মহিলা ভোটাৰ হ’ল ৭,৮৪,৪৩২ গৰাকী ৷ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা ২,৬৩৮ গৰাকী বেছি । সমষ্টিটোত ৭৬.৪২ শতাংশ ভোটাৰে ভোটদান কৰে ৷ অৰ্থাৎ ভোটদান কৰে প্ৰায় ১২ লাখ ৫ হেজাৰৰো অধিক ভোটাৰে ।

লক্ষ্যণীয় কথাটো হ’ল- বিজেপি চৰকাৰখনে মহিলাসকলক লক্ষ্য কৰি বহু আঁচনি প্ৰৱৰ্তন কৰিছে । তাৰ দ্বাৰা পৰিয়ালসমূহক উপকৃত কৰাৰ লগতে মহিলাসকলক বিজেপিৰ প্ৰতি অথবা চৰকাৰখনৰ প্ৰতি আকৰ্ষিত কৰাৰো উদেশ্য নিহিত আছে বুলি সততে ৰাইজৰ মাজত চৰ্চা চলিছে । চৰকাৰখনে যদিহে এনে আঁচনিসমূহৰ জৰিয়তে মহিলাসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে তেন্তে মহিলা ভোটাৰৰ সংখ্যাধিক্য থকা লখিমপুৰ লোকসভা সমষ্টিত শাসকীয় দলৰ সপক্ষে জনমত যাব পাৰে নেকি ? এয়াও এতিয়া আন এক চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা

সমষ্টিটোৰ একাংশ মহিলা ভোটাৰে কয় যে চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ পৰা মহিলাসকল উপকৃত হৈছে । কিন্তু তাৰ দ্বাৰা মহিলাসকল নিৰ্বাচনত প্ৰভাৱিত হোৱা নাই । আজিৰ দিনত মহিলাসকল সামাজিক তথা ৰাজনৈতিকভাৱে যথেষ্ট সচেতন । তেওঁলোকে বিবেকেৰে পচন্দৰ প্ৰাৰ্থীজনক ভোট দিছে ।

একাংশ মহিলাৰ মতে শাসকীয় অথবা বিৰোধী দল যিয়েই নহওক কাৰো প্ৰলোভনৰ দ্বাৰা মহিলাসকল প্ৰভাৱিত হোৱা নাই । বিবেকেৰে নিজা পচন্দৰ প্ৰাৰ্থীক মহিলা ভোটাৰসকলে ভোটদান কৰিছে ৷ যিয়েই নহ’লেও অহা চাৰি জুনত ভোটগণনাৰ দিনটোত এই সকলো কথা স্পষ্ট হৈ পৰিব ।

মহিলা ভোটাৰ সংখ্যাধিক্য থকা লখিমপুৰ লোকসভা সমষ্টি কাৰ দখললৈ যাব নাইবা বিজয়ৰ মাল্য ধাৰণ কৰি কাৰ দিল্লী যাত্ৰাৰ পথ প্ৰশস্ত হ’ব সেই উত্তৰ ওলাবলৈ মাজত মাথো তিনিদিন বাকী ।

লগতে পঢ়ক: লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নোটা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.