নলবাৰী, ২ এপ্ৰিল: তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অহা 7 মে’ত অনুষ্ঠিত হ’ব ৷ তাৰ বাবে এতিয়া ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ শাসকীয় দল বিজেপিয়েই হওক বা বিপক্ষৰ কংগ্ৰেছেই হওক ৰাইজক নিজ নিজ সমৰ্থিত প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ লগতে দেখা গৈছে এটা দলে আনটো দলৰ বিৰুদ্ধে কৰা তীক্ষ্ণ সমালোচনা ৷
বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নলবাৰীত উপস্থিত হ’ল কংগ্ৰেছ নেতা গৌৰৱ গগৈ । নলবাৰীৰ বিলপাৰৰ পৰা তিনি শতাধিক বাইকেৰে সমদল কৰি কংগ্ৰেছ কৰ্মীয়ে তেওঁক আদৰি আনে সভাস্থলীলৈ ৷ নলবাৰীৰ বিলপাৰৰ পৰা এইদৰে বাইক ৰেলীৰে গৌৰৱ গগৈক লৈ সমদল কৰি নলবাৰীৰ ঘগ্ৰাপাৰ, জাজিয়াবাৰী, খাটিকুছি, সাগৰকুছি,, ঘোহকুছি পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে দলবাৰীত এখন জনসভাত কংগ্ৰেছৰ জিলা সভাপতি ৰাতুল পাটোৱাৰী আৰু সাংসদ গৌৰৱ গগৈয়ে উদাত্ত ভাষণ প্ৰদান কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে আদৰ্শৰ পৰিপন্থী হ’লেও বিজেপি দলৰো নীতি-আদৰ্শ আছে বুলি তেওঁ স্বীকাৰ কৰে ৷ কিন্তু কংগ্ৰেছৰ পৰা যোৱা একাংশ নেতাই বিজেপিত আতংকৰ সৃষ্টি কৰিছে ৷ যাৰ বাবে পুৰণি তথা কট্টৰ বিজেপি নেতাসকল আজি একাষৰীয়া হ’বলগীয়া হৈছে বুলিও গৌৰৱ গগৈয়ে কয় ৷ উদাহৰণ স্বৰূপে ৰাজেন গোহাঁই আৰু অশোক শৰ্মাৰ উদাহৰণ দাঙি ধৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ একাংশ সমৰ্থকে অসমীয়া কৃষ্টি-সংস্কৃতি, মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক মষিমূৰ কৰিছে অসমত ৷ কিন্তু অসম তথা ৰাইজৰ প্ৰতি হোৱা অন্যায় ৰোধৰ বাবে অকলে হ’লেও যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৌয়ে ৷
ইপিনে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে এই চৰকাৰৰ দিনত মহিলাসকলক অন্যায় কৰা হৈছে । অসমত এগৰাকী মহিলা অকল লাখপতি বাইদেউ হৈছে বুলিও কটাক্ষ গৌৰৱ গগৈৰ । একেদৰে ‘‘মোক যিমানে বাধা দিব, মই সিমানে শক্তিশালী হ’ম’’ বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰে গৌৰৱ গগৈয়ে ।
অসমৰ কিছু মন্ত্ৰীয়ে গুণ্ডা-বাউঞ্চাৰৰ দৰে কাম কৰিছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে অসমত কিছু মন্ত্ৰীয়ে আতংকৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে । একাংশ নেতাৰ বাবে বিজেপি কৰ্মীৰ মাজতো আতংকৰ সৃষ্টি হৈছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ।
এইদৰে ৩ নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দ্বীপ বায়নৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়ে । ইয়াৰ পিছতেই নলবাৰীৰ আন কেবাখনো জনসভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে ।
লগতে পঢ়ক: মুখ্যমন্ত্রীয়ে আজমললৈ কিয় ফোন কৰিছিল ? ক'লে ৰকিবুল হুছেইনে - Lok Sabha Election 2024