ETV Bharat / politics

25 বছৰে চামগুৰিত জংঘলৰাজ চলাই আহিছে ৰকিবুল হুছেইনে: আমিনুল ইছলাম

Samaguri Bye Election : চামগুৰি সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাক লৈ মন্তব্য বিধায়ক আমিনুল ইছলামৰ । সমষ্টি দখলৰ অংক এ আই ইউ ডি এফৰ ।

author img

By ETV Bharat Assamese Team

Published : 11 hours ago

Samaguri Bye Election
চামগুৰি সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ মন্তব্য (ETV Bharat Assam)

নগাঁও, ১৬ অক্টোবৰ : চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি সমষ্টিত বিগত প্ৰায় 25 বছৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে জংঘলৰাজ চলাই অহাৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।

তেওঁ কয়, "চামগুৰি সমষ্টিত প্ৰায় 25 বছৰে ৰকিবুল হুছেইনে জংঘলৰাজ চলাই আহিছে । বিগত সময়ত বিৰোধীৰ কোনো নেতা-কৰ্মীকেই চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ নেতৃত্বৰ কংগ্ৰেছৰ একাংশ কৰ্মী-সমৰ্থকে প্ৰৱেশ কৰিব দিয়া নাছিল । চামগুৰি সমষ্টিতেই অসমৰ ভিতৰত সৰ্বাধিক গুণ্ডাৰাজ চলি আহিছে । সৰ্বাধিক নিৰ্বাচনী হিংসাও চামগুৰি সমষ্টিতেই সংঘটিত হৈ আহিছে ।

আনহাতে, চামগুৰি সমষ্টিত মুক্ত গণতন্ত্ৰ কেতিয়াবাই হত্যা কৰা হৈছে বুলিও বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে । তেওঁ কয়, "বিৰোধী দলৰ নেতা-কৰ্মীক আক্ৰমণ, মাৰপিট আদি চামগুৰি সমষ্টিৰ বাবে নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ।" মঙলবাৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ঘটনাক গৰিহণা দি সমষ্টিটোত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায় বিধায়ক আমিনুল ইছলামে ।

উল্লেখ্য যে বিগত প্ৰায় 23 বছৰ ৰকিবুল হুছেইনৰ দখলত থকা সমষ্টিটো দখলৰ বাবে কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপিয়ে তৎপৰতা অব্যাহত ৰখাৰ মাজতে সুযোগৰ সন্ধানত আছে বিৰোধী এ আই ইউ ডি এফ দলো । সমষ্টিটো দখলৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত মাৰপিট, সংঘাত চলি থকাৰ মাজতে সমষ্টিটোৰ শান্তিপ্ৰিয় ভোটাৰৰ ভোটেৰে সমষ্টিটো এ আই ইউ ডি এফ দলেই দখল কৰিব বুলিও আশাবাদী বিধায়ক আমিনুল ইছলাম । অৱশ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এই পৰ্যন্ত ঘোষণা অথবা চৰ্চালৈ অনা নাই কোনো প্ৰাৰ্থীৰ নাম ।

লগতে পঢ়ক :বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ
লগতে পঢ়ক :১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.