ETV Bharat / politics

ভোটগণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন, তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Jorhat Lok Sabha Constitution : তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰে ভোটগণনালৈ সাজু হৈ উঠিছে যোৰহাট জিলা প্ৰশাসন ৷ সমষ্টিটোত আজিপৰ্যন্ত লাভ কৰা হৈছে 16,539 খন পোষ্টেল বেলট পেপাৰ ৷ যোৰহাট লোকসভা সমষ্টিৰ ভোটগণনাৰ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

LOK SABHA ELECTION 2024
4 জুনক কেন্দ্ৰ কৰি যোৰহাট সাজু (Source : Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 5:37 PM IST

Updated : Jun 2, 2024, 5:53 PM IST

যোৰহাট, 2 জুন : ভোটগণনালৈ মাজত মাত্ৰ এটা দিন বাকী ৷ তাৰে প্ৰাকক্ষণত সাজু হৈ উঠিছে যোৰহাট জিলা প্ৰশাসন ৷ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনে ৷

যোৰহাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ প্ৰাংগণত সমষ্টিটোৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিৰ পোষ্টেল ভোট গণনা কৰা হ’ব ৷ পুৱা 8 বজাৰ পৰা 14 খনকৈ টেবুলত অনুষ্ঠিত হ’ব যোৰহাট আৰু টীয়ক সমষ্টিৰ ভোটগণনা । পৰৱৰ্তী 8.30 বজাৰ পৰা আৰম্ভ হ’ব ই ভি এম সমূহৰ ভোট গণনা প্ৰক্ৰিয়া ।

লগতে পঢ়ক: সমাগত ৪ জুন; ভোটগণনাৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - LOK SABHA ELECTION 2024

আনহাতে, পোষ্টেল ভোট গণনাৰ বাবে দুটা পৃথক হলত 7 খনকৈ টেবুলত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এইপৰ্যন্ত যোৰহাট লোকসভা সমষ্টিত লাভ কৰা হৈছে 16,539 খন পোষ্টেল বেলট পেপাৰ ৷ ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ পোষ্টেল ভোট গণনাৰ বাবে তিনিটা ৰাউণ্ডৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, টীয়ক সমষ্টিৰ বাবে 18 ৰাউণ্ডত আৰু যোৰহাটৰ বাবে 13 ৰাউণ্ডত ভোট গণনা সম্পন্ন কৰা হ’ব । দেওবাৰে জিলাখনৰ আৱৰ্ত ভৱনত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত ভোটগণনাৰ সবিশেষ প্ৰকাশ কৰে জিলা আয়ুক্ত তথা যোৰহাট লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া পুলক মহন্তই ।

লগতে পঢ়ক: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুখত কিয় "ময়ে ময়ে" গীতৰ প্ৰসংগ - Lok Sabha Election 2024

জিলা আয়ুক্ত মহন্তই লগতে কয় যে, যোৰহাটত দুটা বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হোৱাৰ বিপৰীতে তিতাবৰত তিতাবৰ আৰু মৰিয়নী সমষ্টিৰ, শিৱসাগৰত শিৱসাগৰ আৰু ডিমৌৰ, সোণাৰিত সোণাৰি আৰু মাহমৰাৰ বাবে, নাজিৰাত নাজিৰা আৰু মাজুলীত মাজুলীৰ ভোট গণনা সম্পন্ন কৰা হ’ব ।

কিন্তু যোৰহাট লোকসভা সমষ্টিৰ সমগ্ৰ ভোটগণনাৰ অন্তিম ফলাফল যোৰহাটৰ পৰাই ঘোষণা কৰা হ’ব । ভোটগণনাস্থলীত কেৱল ৰিটাৰ্ণিং অফিচাৰ, কাউণ্টিং এজেণ্ট, আৰক্ষী, নিৰীক্ষক, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব । আনহাতে, সাংবাদিক আৰু দায়িত্ববাহী বিষয়াৰ বাহিৰে কাকো ম’বাইল ফোন নিবলৈ অনুমতি দিয়া নহ’ব ।

দেওবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই কয় যে, ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ’ব । যাতে নিয়াৰিকৈ এই প্ৰক্ৰিয়া সম্পন্ন হৈ যায় ৷

লগতে পঢ়ক: যোৰহাটৰ অলিয়ে-গলিয়ে কাৰ নাম বেছিকৈ হৈছে উচ্চাৰিত ? ভোটাৰে কি কয় ? - Lok Sabha Election 2024

Last Updated : Jun 2, 2024, 5:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.