জোনাই, ৩১ মে': ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । যাক লৈ অসমৰ প্ৰতিখন জিলাতে প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে । প্ৰস্তুতি সন্দৰ্ভত জিলা নিৰ্বাচন বিষয়া তথা জোনাই মহকুমাৰ অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে । সংবাদমেলত অতিৰিক্ত আয়ুক্তগৰাকীয়ে যোৱা ১৯ এপ্ৰিলত সুকলমে অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সহায় সহযোগিতা আগবঢ়োৱা আৰু অংশগ্ৰহণ কৰা সকলো বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে । সংবাদমেলত তেওঁ ভোটগ্ৰহণৰ দিনাৰে পৰা জোনাই মহকুমা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে ।
সমান্তৰালকৈ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৮০ নং জোনাই বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) ভোটগণনাক লৈ জোনাই মহকুমা প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈ থকা বুলিও জানিবলৈ দিয়ে । ইফালে ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও আৰক্ষী প্ৰশাসন সষ্টম হৈ থকা বুলি উল্লেখ কৰে । আনহাতে ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নিযুক্তি দিয়া কৰ্মী আৰু পৰ্যবেক্ষকসকলৰ বাবে এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ সংবাদমাধ্যমক অৱগত কৰে ।
আনহাতে ভোটগণনাৰ দিনা কোনো পৰিস্থিতিতে গণনাগৃহৰ ভিতৰত ইলেক্ট্ৰনিক সামগ্ৰী যেনে মোবাইল ফোন আদিৰ অনুমতি দিয়া নহ'ব বুলি তেওঁ ঘোষণা কৰে । কেৱল আৱণ্টিত মিডিয়া কোঠাৰ জৰিয়তেহে যোগাযোগ কৰিব পাৰিব বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে উল্লেখ কৰে । তেওঁ জনোৱা মতে ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলৰ সৈতে ভোটগণনা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হৈছে ।
জোনাই মহকুমা প্ৰশাসনে গণনাগৃহৰ বাবে ১৪ নম্বৰ টেবুল নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰি ১৮ টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব বুলি জানিবলৈ দিয়ে । অৱশ্যে প্ৰয়োজন অনুসৰি অধিক ৰাউণ্ডৰ পৰিচালনা কৰা হ'ব । উল্লেখ্য যে ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত জোনাই সমষ্টিত মুঠ ২৩৩ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । সমষ্টিটোৰ মুঠ ২,২১,০৬৬ গৰাকী ভোটাৰৰ বিপৰীতে ১,৬৩,৩৯১ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে । অৰ্থাৎ ভোটদানৰ হাৰ আছিল ৭৫.৯৭ শতাংশ ।