ETV Bharat / politics

মুছলমান আৰু যাদৱৰ বাবে মই কাম নকৰো : ৰামৰ দেশত কাৰ এই ঘোষণা ? - NDA MP controversial statement - NDA MP CONTROVERSIAL STATEMENT

JDU MP Devesh Chandra Thakur: মুছলমান আৰু যাদৱসকলৰ কাম কৰিবলৈ অস্বীকাৰ কৰিছে এন ডি এ মিত্ৰজোঁটৰ এগৰাকী সাংসদে ৷ মুছলমানে ভোট নিদিয়াৰ বাবে জয়ী হোৱা ভোটৰ ব্যৱধান কমিল তেওঁৰ ৷ ফলত তেওঁ খৰ্গহস্ত হৈ পৰিছে ৷ মুকলিকৈ কাম নকৰাৰ ঘোষণা কৰিছে এইগৰাকী সাংসদে ৷

NDA MP CONTROVERSIAL STATEMENT
JDU MP Devesh Chandra Thakur (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 4:41 PM IST

নিউজ ডেস্ক, 17 জুন: লোকসভা নিৰ্বাচন অন্ত পৰিল ৷ বিজেপিৰ নেতৃত্বত এন ডি এই গঠন কৰিলে চৰকাৰ ৷ তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী ৷ এন ডি এৰ অন্যতম অংশীদাৰ দল হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড) ৷ নীতিশৰ সহায় অবিহনে বিজেপিৰ বাবে চৰকাৰ গঠন কৰাটো সম্ভৱ নহ’লহেতেন ৷ কিন্তু এইবাৰ এন ডি এৰ অংশীদাৰ দল জে ডি ইউৰ এগৰাকী সাংসদৰ মন্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ দুটা সম্প্ৰদায়ৰ লোকৰ হৈ কাম নকৰো বুলি ক’লে সাংসদগৰাকীয়ে ৷

বিহাৰৰ সীতামাৰী সংসদীয় সমষ্টিৰ পৰা জে ডি ইউৰ প্ৰাৰ্থী দেৱেশ চন্দ্ৰ ঠাকুৰে 515719 টা ভোট লাভ কৰি সংসদলৈ নিৰ্বাচিত হয় ৷ অৱশ্যে তেওঁৰ জয়ৰ ব্য়ৱধান আছিল 51356 ৷ বিজয়ৰ ব্যৱধান কম হোৱাৰ বাবে সাংসদগৰাকীয়ে দোষাৰোপ কৰিছে দুটা বিশেষ সম্প্ৰদায়ক ৷ সেই দুয়োটা সম্প্ৰদায়ৰ ভোট নোপোৱাৰ বাবেই বিজয়ৰ ক্ষেত্ৰত ভোটৰ ব্যৱধান কম হোৱা বুলি দেৱেশ চন্দ্ৰ ঠাকুৰে মন্তব্য কৰিছে ৷ ঠাকুৰে দোষাৰোপ কৰা সম্প্ৰদায় দুটা হৈছে যাদৱ আৰু মুছলমান ৷ যাৰ বাবে এতিয়া এই দুয়োটা সম্প্ৰদায়ৰ বাবে ‘‘কাম নকৰো’’ বুলি ঘোষণা কৰিছে সাংসদ ঠাকুৰে ৷

লগতে পঢ়ক: অহংকাৰীসকলক ৰামে ২৪০তে বান্ধি ৰাখিলে; বিজেপিক কটাক্ষ আৰএছএছ নেতাৰ - RSS LEADER SLAMS BJP

‘‘যাদৱ আৰু মুছলমানৰ কাম নকৰো’’: সাংসদ দেৱেশ চন্দ্ৰ ঠাকুৰে কয়, ‘‘মই যোৱা 22 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত আছে ৷ এই সময়ছোৱাত মই মুছলমান আৰু যাদৱসকলৰ বাবে সৰ্বাধিক কাম কৰিছিলো ৷ কিন্তু এতিয়া মই স্পষ্টকৈ কওঁ যে এওঁলোকৰ বাবে মই কাম নকৰো ৷ যদি এই সমাজৰ লোকে মোৰ ওচৰলৈ নিজৰ কামৰ বাবে আবেদন লৈ আহিব খোজে, তেন্তে আহিব পাৰে ৷ মই তেওঁলোকক চাহ-জলপান খুৱাম ৷ কিন্তু চাহ-জলপান খাই তেওঁলোক গুচি যাব লাগিব ৷ মই তেওঁলোকৰ কাম নকৰো ৷’’

‘‘মোৰ ওচৰলৈ এগৰাকী মুছলমান লোকে নিজৰ কামৰ আবেদন লৈ আহিছিল ৷ ভাল মানুহ আছিল তেওঁ ৷ মই তেওঁক সুধিলো এই যে নিৰ্বাচনটো হৈ গ’ল, আপুনিতো নিশ্চয় লালটেন (লেম্প) চিহ্নতে ভোট দিলে ৷ মানুহজনে ক’লে হয় লালটেনৰ ছবিতে ভোট দিছো ৷ মই ক’লো যে তথাপিও আপুনি সাহস কৰি মোৰ ওচৰলৈ আহিছে ৷ মই তেওঁক সুধিলোঁ যে কি ভাবি আহিছে ? মই আপোনালৈ চাহ-মিঠাই আনিবলৈ কৈছো ৷ তাৰ পিচত আপোনাক দোৱা-চালাম জনাই বিদায় দিম ৷ কিন্তু মই আপোনাৰ কাম নকৰো ৷’’- দেৱেশ চন্দ্ৰ ঠাকুৰে কয় ৷

লগতে পঢ়ক: মসৃণ নহ'ব মোদীৰ তৃতীয়টো কাৰ্যকাল ! - Modi Govt third term

‘‘নৰেন্দ্ৰ মোদীৰ যাতে মুখ চাব নালাগে সেই কাৰণেই লালটেন’’: দেৱেশ চন্দ্ৰ ঠাকুৰে আৰু কয়, ‘‘যেতিয়া যাদৱ আৰু মুছলমান ভোট দিয়াৰ সময়ত যদি জে ডি ইউৰ চিহ্ন কাঁড়ত টিপা মাৰে, তেন্তে নৰেন্দ্ৰ মোদীৰ ছবি দেখা পায়, সেয়ে তেওঁলোকে লালটেনত টিপা মাৰিলে ৷ তেন্তে কাম কৰাৰ সময়ত মই আপোনাৰ মুখত লালুজী আৰু লালটেনৰ ছবি কিয় নেদেখিম ? মই তেওঁলোকৰ কাম কেনেকৈ কৰিম ? মই নোৱাৰো ৷ মই প্ৰথমবাৰ এনেকুৱা কৰিছো ৷ 70 বছৰ বয়সত প্ৰথমবাৰ মই এই কাম কৰিছো আৰু আগলৈও কৰিম ৷ প্ৰতিগৰাকী যাদৱ বা মুছলমান ভাই মোৰ ওচৰলৈ আহক, চাহ খাওক, আপোনালোকক সদায় স্বাগতম ৷ কিন্তু কামৰ কথা নক’ব ৷ মই আপোনালোকৰ কাম নকৰো ৷

দেৱেশ চন্দ্ৰ ঠাকুৰক সমালোচনা আৰ জে ডিৰ: জে ডি ইউৰ সাংসদৰ এই মন্তব্যৰ পিচতে সমালোচনা মুখৰ হৈ পৰিছে বিহাৰৰ অন্যতম বিৰোধী ৰাজনৈতিক দল ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডি ৷ নিজৰ দলীয় এক্স হেণ্ডেলত আৰ জে ডিয়ে এটা পোষ্টত লিখিছে যে, জে ডি ইউৰ এইগৰাকী সাংসদ নীতিশ কুমাৰৰ বলত নতুনকৈ নিৰ্বাচিত হৈছে ৷ আটাইতকৈ কম জনসংখ্যা থকা সম্প্ৰদায়ৰ পৰা অহা এইগৰাকী সাংসদে বিহাৰৰ 32 শতাংশ জনসংখ্যা থকা সম্প্ৰদায়ক বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছে ৷ কাইলৈ যদি আন কোনো সম্প্ৰদায়ে ভোট নিদিয়ে তেতিয়া এনেকুৱা ব্যৱহাৰেই কৰিবনে ?

লগতে পঢ়ক: আমি এগৰাকী ন-উদ্ভাসিত মোদীক প্ৰত্যক্ষ কৰিম ; জ্যেষ্ঠ সাংবাদিক এন ৰাম - Journalist N Ram on Modi Govt

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.