ETV Bharat / politics

ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয় - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 5:17 PM IST

Lok Sabha Election Results 2024: সকলো বিৰোধীক ওফৰাই খাদুৰ চাহিব সমষ্টিৰ পৰা বিজয়ৰ হাঁহি মাৰিলে দীৰ্ঘদিনে বন্দিত্ব জীৱন কটোৱা অমৃতপাল সিঙে । কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰাৰ্থীগৰাকীয়ে ।

Independent candidate Amritpal Singh won from Khadur Sahib Lok Sabha Constituency
বন্দীত্বৰ জীৱন কটোৱা অমৃতপাল সিঙৰ বৃহৎ জয় (Google)

নেশ্যনেল ডেস্ক,৪ জুন: অব্যাহত আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা । পলে পলে বৃদ্ধি পাইছে উত্তেজনা । ইয়াৰ মাজতে আহিল এক ডাঙৰ খবৰ । কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ খাদুৰ চাহিব লোকসভা সমষ্টিত জয়লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিঙে । কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অমৃতপাল সিঙে খাদুৰ চাহিবৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰে । সকলো বিৰোধীক ওফৰাই খাদুৰ চাহিবৰ বাসিন্দাসকলে একপক্ষীয় ফটোৱাৰে অমৃতপালৰ সপক্ষে ভোটদান কৰি জয়যুক্ত কৰায় প্ৰাৰ্থীগৰাকীক ।

উল্লেখ্য যে খালিস্তানপন্থী নেতাজনক ২০২৩ বৰ্ষৰ এপ্ৰিলত পাঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । এমাহৰো অধিক সময় ধৰি পলায়ন কৰি থকাৰ পিচত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অমৃতপাল সিঙক অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিঙসহ আন ৯ খালিস্তানী নেতাই । অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল ।

লগতে পঢ়ক: কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা : বৃহৎ অগ্ৰগতি অমৃতপাল সিঙৰ - Lok Sabha Election Results 2024

ইফালে খাদুৰ চাহিব আসনখনৰ পৰা ২০১৯ চনত কংগ্ৰেছৰ জছবীৰ সিং গিল জয়ী হৈছিল । কংগ্ৰেছে এইবাৰ কুলদীপ সিং জিৰাক আসনখনৰ বাবে মনোনীত কৰিছে আনহাতে বিজেপিৰ পৰা মনজিৎ সিং মান্নাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ললজিৎ সিং ভুল্লাৰে আপক প্ৰতিনিধিত্ব কৰিছে আৰু অকালি দলক বীৰচা সিং ভালতোহাই প্ৰতিনিধিত্ব কৰিছে । পাঞ্জাবৰ ১৩ খন লোকসভা আসনৰ বাবে ভোটদান ১ জুনত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত অনুষ্ঠিত হৈছিল ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.