ETV Bharat / politics

যোৰহাটত সৰ্বাধিক ভোটদান: ই ভি এমত বন্দী প্রথম পর্যায়ৰ নিৰ্বাচনত ৩৫ প্রার্থীৰ ভাগ্য - Lok Sabha Election 2024

ৰাজ্যত সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ কিমান শতাংশ ভোটাৰে সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ ? নিৰ্বাচনৰ মাজতে ক’ত হৃহযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হ’ল কৰ্মীৰ ? ই ভি এমৰ বিসংগতি ক’ত ক’ত ?

LOK SABHA ELECTION 2024
লোকসভা নিৰ্বাচন 2024
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:10 PM IST

গুৱাহাটী, ১৯ এপ্ৰিল : দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে একপ্ৰকাৰ শান্তিপূৰ্ণভাৱে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অসমৰ পাঁচটা সমষ্টিত ভোটদান সম্পন্ন হয় । কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ১০,০০১ টা ভোটকেন্দ্ৰত ভোটদান হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভোটদানৰ পৰিমাণ:

বাতৰি লিখাৰ পৰলৈকে লাভ কৰা তথ্য মতে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭১.৬৪ শতাংশ ভোটদান হয় । যোৰহাট সমষ্টিত সৰ্বাধিক ভোটদান‌ হোৱাৰ বিপৰীতে লখিমপুৰ সমষ্টিত সৰ্বনিম্ন ভোটদান হয় ৷ ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে সদৰী কৰা তথ্য মতে কাজিৰঙাত ৬৯.৭১ শতাংশ, শোণিতপুৰত‌ ৭১.৩৪ শতাংশ, লখিমপুৰত ৬৮.৭১ শতাংশ, ডিব্ৰুগড়ত ৭১.০৫ শতাংশ আৰু যোৰহাটত ৭৭.৪৫ শতাংশ ভোটদান হৈছে । এই সংখ্যা বৃদ্ধি হ'ব বুলি নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে সদৰী কৰিছে ।

উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ৮৬,৪৭,৮৬৯ গৰাকী । ইয়াৰে ৪২,৮২,৮৮৭ গৰাকী পুৰুষ ভোটাৰ; ৪৩,৬৪,৮৫৯ গৰাকী মহিলা ভোটাৰ আৰু ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । তথ্য মতে কাজিৰঙাত মুঠ ২০৫০১৬ গৰাকী ভোটাৰ, শোণিতপুৰত ১৬৩৩৮০০ গৰাকী, লখিমপুৰত ১৫৭৭২৩৪ গৰাকী, ডিব্ৰুগড়ত ১৬৫৯৫৮৮ গৰাকী আৰু যোৰহাটত ১৭২৭১২১ গৰাকী ভোটাৰ আছে ।

প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী:

৫ টা লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । ইয়াৰে কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী, যোৰহাট লোকসভা সমষ্টিত ৪ গৰাকী প্ৰার্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ৩৫ জন প্ৰার্থীৰ ভিতৰত থকা হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে- ডিব্ৰুগড়ত বিজেপিৰ সৰ্বানন্দ সোণোৱাল, অজাপৰ লুৰীণজ্যোতি গগৈ, আপৰ মনোজ ধানোৱাৰ; যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈ; লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা ; কাজিৰঙাত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ'জলীনা তিৰ্কী; শোণিতপুৰত বিজেপিৰ ৰঞ্জিৎ দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু আপৰ ঋষিৰাজ কৌণ্ডিন্য আদি ।

বিক্ষিপ্ত ঘটনা:

ভোটগ্ৰহণৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ অধীনৰ শালপাৰাত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয় ৷ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ ৰূপহীহাটৰ শালপাৰাৰ এটা ভোটকেন্দ্ৰত দুই দলৰ এজেণ্টৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ ভোটগ্ৰহণ চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু বিজেপি দলৰ এজেণ্টৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় ।‌ অৱশ্যে পিচত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ইপিনে পুৱা শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দিবাং ঘাটৰ দেওপানী সুঁতিত নিৰ্বাচনী দ্ৰুত সেৱাৰ দলৰ (Quick response team) বাহন নদীৰ সোঁতত ডুব যায় ৷ পিচত SDRF ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ডুব যোৱা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

আনহাতে দিনৰ ভাগত ৰাজ্যৰ বিভিন্ন ঠাইত EVM ৰ বিসংগতি ধৰা পৰে ৷ মৰিয়নী নগৰ ৰে’লৱে বেংগলী এল পি 185 নং ভোটগ্ৰহণ কেন্দ্ৰ, মৰিয়নী হাইস্কুলৰ ১৭৮ নং ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে ডিব্ৰুগড়ৰ খোৱাং, মাজুলী, নগাঁৱৰ মিছা, বঢ়মপুৰ, নাহৰকটীয়া, বোকাখাত, কাজিৰঙা, বিহপুৰীয়াত EVM বিসংগতি হয় ৷ যাৰ বাবে ভোটগ্ৰহণত পলম হোৱা বুলি জানিব পৰা গৈছে ৷

ইপিনে নিৰ্বাচনৰ মাজতে আজি শিৱসাগৰ নগৰৰ সমীপৰ বানমুখৰ গোহাঁই গাঁৱত নিৰ্বাচনী দায়িত্ব পালন কৰি থকাৰ মাজতে এগৰাকী মহিলাই আকস্মিক মৃত্যুক সাৱটি লয় । ৰাইজৰ দলৰ সক্ৰিয় কৰ্মী সংগীতা গগৈৰ (46) হৃদযন্ত্ৰ বিকল হোৱাৰ ফলত মৃত্যু হয় ৷ ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ত সমৰ্থকসকলক চাহৰ যোগান ধৰি থকাৰ মাজতে ঢলি পৰে সংগীতা ৷ ততাতৈয়াকৈ মহিলাগৰাকীক সমীপৰ প্ৰগতি নাৰ্চিং হোমলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

ভোট বৰ্জন:

নিৰ্বাচনৰ দিনটোতেই কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও বিধানসভা সমষ্টিৰ বৰকৰৈয়নী গাঁৱৰ প্ৰায় ৬ শতাধিক লোকে নিৰ্বাচন বৰ্জন কৰে । পথ নিৰ্মাণ নকৰাৰ বাবেই দেৰগাঁৱৰ কৰৈয়নিত ৰাইজে ভোট বৰ্জন কৰে । দলং আৰু পথ নিৰ্মাণ নকৰাৰ বাবে গাঁওখনৰ প্ৰায় ৬ শতাধিক লোকে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ইপিনে ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাগুৰি ভোট কেন্দ্ৰৰ ৭০০ গৰাকী ভোটাৰে ভোট বৰ্জন কৰে । অঞ্চলটোৰ বাট-পথ আৰু দলং নিৰ্মাণত চৰকাৰে চৰম অৱহেলা কৰাৰ বাবে ভোট কেন্দ্ৰটোৰ ৭০০ গৰাকী ভোটাৰে ভোট বৰ্জন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

কলিয়াবৰৰ প্ৰতিবেদন: ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ভিতৰত কলিয়াবৰ বিধানসভা সমষ্টিত সৰ্বাধিক ভোটদান ৷ বৰ্তমানলৈকে লাভ কৰা তথ্য অনুসৰি, ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ ২৩০ টা ভোটকেন্দ্ৰত ভোটদানৰ হাৰ প্ৰায় ৮৫ শতাংশৰ অধিক হোৱাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে ভোটগ্ৰহণ সামৰি প্ৰায়বোৰ ভোটকেন্দ্ৰত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল কলিয়াবৰ জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয় চৌহদলৈ ঘূৰি আহি ষ্ট্ৰং ৰূমত জমা কৰিছে ই ভি এমসমূহ । উল্লেখ্য যে কলিয়াবৰৰ গৰুমৰাৰ ৬৪, ৬৫ নং ভোটকেন্দ্ৰত এতিয়াও চলি আছে ভোটগ্ৰহণ ৷ ভোটগ্ৰহণৰ সময় শেষ হোৱাৰ পাছতো দুই শতাধিক ভোটাৰ ভোট প্ৰদানৰ বাবে দীঘলীয়া শাৰীৰে অপেক্ষা কৰি আছে ।

কোনো ভোটাৰ ভাগৰি পৰিছে, উপায় নাপাই মাটিতে বহি অপেক্ষা কৰিছে ভোটদানৰ বাবে । কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ গৰুমৰাৰ ৬৪ আৰু ৬৫ নং ভোট কেন্দ্ৰত এই দৃশ্য পৰিলক্ষিত হয় ।

জোনাইৰ প্ৰতিবেদন : এইবাৰ লোকসভা নিৰ্বাচনত জোনাইত প্ৰায় ৭০ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সমষ্টিটোত যোৱা লোকসভা বা বিধানসভা নিৰ্বাচনৰ তুলনাত এইবাৰৰ নিৰ্বাচনত ভোটৰ হাৰ কম ৷

জোনাইৰ কিছু ভোটকেন্দ্ৰত ই ভি এম স্থাপন কৰাত যান্ত্ৰিক বিজুতি হোৱাৰ বাবে পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৷

লগতে পঢ়ক: এটা ভোটকেন্দ্ৰত মাত্ৰ এটা ভোট : 39 কিঃমিঃ খোজকাঢ়ি গৈ ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.