ETV Bharat / politics

তিনিদিনীয়া মন্থন : ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে ৰোডমেপ প্ৰস্তুত কৰিলে প্ৰদেশ কংগ্ৰেছে - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 9:43 PM IST

Assam Congress Meeting : সামৰণি পৰিল প্ৰদেশ কংগ্ৰেছৰ তিনিদিনীয়া মন্থনৰ । গুৱাহাটীৰ হোটেল লিলিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ ৯ ঘণ্টাজোৰা দীঘলীয়া বৈঠক। বৈঠকৰ পাচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল । প্ৰস্তুত কৰা হৈছে ভৱিষ্যতৰ ৰোডমেপ।

POLITICAL AFFAIRS COMMITTEE OF APCC
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, 17 জুলাই : তিনিদিনীয়া মন্থনৰ পাচত 2026ৰ বিধান সভা নিৰ্বাচনলৈকে ৰোডমেপ প্ৰস্তুত কৰিলে প্ৰদেশ কংগ্ৰেছে ৷ কেৱল পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনেই নহয় বিধানসভা নিৰ্বাচনলৈকে দিশ নিৰ্ণয় কৰিলে প্ৰদেশ কংগ্ৰেছে ৷ এই কথা সদৰী কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ অৱশ্যে কি ৰোডমেপ প্ৰস্তুত কৰিলে সেই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নিদিলে সভাপতি বৰাই ৷ আনকি বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগত দলৰ স্থিতি সন্দৰ্ভতো কোনো ধৰণৰ মন্তব্য নকৰিলে তেওঁ ৷

কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ দীঘলীয়া বৈঠক (ETV Bharat Assam)

সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰদেশ কংগ্ৰেছৰ মন্থনৰ আজি সামৰণিৰ দিনা গুৱাহাটীৰ হোটেল লিলিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত সাংসদ, বিধায়ক আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থী সকলৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে ৷ প্ৰায় 9 ঘণ্টাজুৰি চলা এই বৈঠকখনত প্ৰস্তুত কৰা হয় একচন প্লেন ৷ বৈঠকখনৰ পাচতে সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বৰাই কয় যে দলৰ ভৱিষ্যৎ ৰণনীতিক লৈ তিনিদিন ধৰি বৈঠক কৰা হয় ৷ তিনিদিন ধৰি চলা বৈঠকত দলৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় ৷ 2026 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ কিদৰে অৱতীৰ্ণ হ'ব তাক লৈ বৈঠকত আলোচনা কৰা হয় ৷ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য - Opposition unity Assam

আনহাতে জোনাইৰ পৰা সোণাইলৈ কৰা হ'ব যাত্ৰা আৰু এই যাত্ৰাত মুক্তকন্ঠে গর্জন কৰা হ'ব বুলি উল্লেখ কৰে বৰাই ৷ লগতে বৈঠকত পঞ্চায়তৰ লগতে বিধানসভাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত দলৰ স্থিতি সন্দৰ্ভত বিশদ আলোচনা হয় ৷ বৰাই লগতে কয় যে আজিৰ বৈঠকত মস্তিষ্ক মন্থন কৰা হয় আৰু দলৰ দিশ নিৰ্ণয়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিজেপি চৰকাৰৰ দিনত জাতিটো সংশয়ৰ মাজত আছে আৰু বিজেপিয়ে সৃষ্টি কৰা এই বাতাবৰণ বিৰুদ্ধে কংগ্ৰেছে যুঁজ দিব বুলি বৰাই কয় ৷ তেওঁ লগতে কয় যে আজিৰ বৈঠকত 60 গৰাকী নেতাক লৈ ছগৰাকী আহ্বায়কৰ যোগেদি ছটা গ্ৰুপ কৰি আলোচনা কৰা হয় ৷ 9 ঘণ্টাৰ মন্থনৰ পিচত সকলোৰে মতামত লৈ ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুত কৰা হয় ৷ কংগ্ৰেছৰ দলীয় শক্তি বৃদ্ধি কৰাত দলীয় নেতাসকলে মতামত আগবঢ়ায় ৷ বৈঠকত লাভ কৰা পথ নিৰ্দেশনাৰে দলটো আগুৱাই যাব বুলি বৰাই কয় ৷

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ভূপেন বৰাই কয় যে চৰকাৰৰ মুৰব্বীগৰাকীৰ ভ্ৰষ্টাচাৰে ৰাইজৰ চকু কপালত তুলিছে ৷ সেই কথা আজিৰ বৈঠকত আলোচনা কৰা হৈছে ৷ আগন্তুক সময়ত চৰকাৰৰ মুৰব্বীগৰাকীৰ পৰ্বতসম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ মূল বিষয় হ'ব বুলি বৰাই উল্লেখ কৰে ৷ অসমত মুছলমানৰ সংখ্যা বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে এইজনেই সেইজন মানুহ যিজনে গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ বুলি কৈছিল ৷

উল্লেখ্য যে আজি হোটেল লিলিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়ৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সদস্যসকল, বিধায়কসকল, সাংসদসকল, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল আৰু জনগোষ্ঠীয় প্ৰতিনিধিসকলৰ যুটীয়া সভা অনুষ্ঠিত হয় ৷ এই বৈঠকতে কংগ্ৰেছ দলে ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰে ৷ আজিৰ দীঘলীয়া বৈঠকৰ পূৰ্বে বিগত দুটা দিনত ৰাজীৱ ভৱনত এখনৰ পাচত আনখনকৈ বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷

লগতে পঢ়ক : লক্ষ্য উপ আৰু পঞ্চায়ত নিৰ্বাচন : ৰাজীৱ ভৱনত এখনৰ পাচত আনখন বৈঠকৰে মন্থন - APCC MEETING IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.