ETV Bharat / politics

মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

Himanta Biswa Sarma in Ranchi : ১৯৫১ চনত অসমত মুছলমানৰ সংখ্যা আছিল ১২ শতাংশ, বৰ্তমান ৪০ শতাংশলৈ বৃদ্ধি পাইছে ৷ এই পৰিৱৰ্তন জীৱন-মৰণৰ বিষয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 9:40 PM IST

Himanta Biswa Sarma in Ranchi
ৰাঁচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নিউজ ডেস্ক, 17 জুলাই : জনগাঁথনি পৰিৱৰ্তনক লৈ চলি থকা ৰাজনীতিৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য ৷ ৰাঁচীত সংবাদ মাধ্যমক সম্বোধন কৰি ড৹ শৰ্মাই কয় যে অসমত ১৯৫১ চনত মুছলমান জনসংখ্যা ১২ শতাংশ আছিল আৰু বৰ্তমান ই ৪০ শতাংশলৈ বৃদ্ধি পাইছে ৷ অসমৰ বহু জিলা পূৰ্বতকৈ সলনি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই জনগাঁথনি পৰিৱৰ্তন হৈছে জীৱন-মৰণৰ বিষয় ৷

সন্তল পৰগণাতো জনগাঁথনিৰ পৰিৱৰ্তন হৈছে : ড৹ শৰ্মা

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঝাৰখণ্ডৰ সন্তল পৰগণাতো অসমৰ দৰেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে ৷ সন্তল পৰগণাকে ধৰি সমগ্ৰ ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি তেওঁলোকক আঁতৰ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান ৷

নিৰ্বাচনী ইস্তাহাৰৰ প্ৰসংগত মন্তব্য :

জনজাতীয় কন্যাৰ লগতে বাংলাদেশী মুছলমানৰ বিবাহ বন্ধৰ প্ৰতিশ্ৰুতি ড৹ শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনী ইস্তাহাৰত এইবাৰ বাংলাদেশী মুছলমানৰ সৈতে বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে ৷

চম্পাই ছোৰেনক আঁতৰাই ১০ খন আসন হেৰুৱাব জে এম এমে: ড৹ শৰ্মা

ঝাৰখণ্ডত ক্ষমতা পৰিৱৰ্তনক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ হেমন্ত ছোৰেনক মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচন কৰাক সমালোচনা কৰি তেওঁ কয় যে ঝাৰখণ্ড মুক্তি মৰ্চাই চম্পাই ছোৰেনক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হ'ব লাগিব ৷ আগন্তুক নিৰ্বাচনত কমেও ১০ খন আসন হেৰুৱাব লাগিব ৷

প্ৰটোকল ব্যয়ৰ ক্ষেত্ৰত উত্থাপিত প্ৰশ্নত অসন্তুষ্টি :

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰটোকলৰ ব্যয়ৰ ওপৰত আপত্তি দৰ্শোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ড৹ শৰ্মাই কয় যে ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী হোৱাৰ প্ৰথম দিনাই তেওঁ প্ৰটোকল নিদিবলৈ অনুৰোধ জনাইছিল । তথাপিও ৰাজ্য চৰকাৰে প্ৰটোকল অব্যাহত ৰাখিছে ৷ ৰাজনীতিৰ স্তৰ ইমান তললৈ যাব বুলি জনা নাছিল বুলি কয় ড৹ শৰ্মাই ৷

প্ৰটোকল প্ৰত্যাহাৰৰ আহ্বান :

ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ মই ঝাৰখণ্ড চৰকাৰক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, যাতে মোক দিয়া প্ৰটোকল প্ৰত্যাহাৰ কৰে ৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ যেতিয়া মই প্ৰথমবাৰৰ বাবে ঝাৰখণ্ডলৈ আহিছিলো, ঝাৰখণ্ড চৰকাৰে মোক ৰাজ্যিক অতিথি বনোৱাৰ কথা কৈছিল, তেতিয়া মই নম্ৰতাৰে কৈছিলো যে যিহেতু মই ৰাজনৈতিক কাৰ্যসূচী লৈ আহিছো, সেয়ে কোনো সুবিধা নিবিচাৰো । আজিও, মই আপোনালোকৰ জৰিয়তে হাতযোৰ কৰি কৈছো যে মোৰ সন্মুখ আৰু পিচফালে কোনো আৰক্ষী নিবিচাৰোঁ ।’’

ইয়াৰ পিচৰবাৰ মোক কোনো সুৰক্ষা, বা প্ৰটোকল নালাগে :

অসন্তুষ্টি ব্যক্ত কৰি ড৹ শৰ্মাই কয়, ‘‘যদিহে আপোনালোকে ৰাজনীতিক ইমান তললৈ নিব পাৰে যে এজন মুখ্যমন্ত্ৰী আন এখন ৰাজ্যলৈ যায়, তেন্তে তেওঁৰ বাবে হোৱা ব্যয়ো খৰচ হিচাপে ধৰে, তেন্তে মই ঝাৰখণ্ড চৰকাৰক অনুৰোধ জনাইছো যে পৰৱৰ্তী ভ্ৰমণত মই কোনো সুৰক্ষা বা প্ৰটোকল নিবিচাৰোঁ ৷ যি খৰচ হয় মই নিজেই কৰিম ৷’’

লগতে পঢ়ক : ঝাৰখণ্ডত ডাবোল ইঞ্জিনৰ চৰকাৰ গঠনৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.