ETV Bharat / politics

ৰাজেন গোঁহাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পোষকতা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 6:03 PM IST

ৰাজেন গোহাঁইৰ মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ প্ৰেৰণ কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ ৷ ৰাজেন গোহাঁই দলত থাকিব নে নাথাকিব সেই সিদ্ধান্ত দলে ল’ব বুলিও মন্তব্য ড৹ শৰ্মাৰ ৷

HIMANTA BISWA SARMA  ON RAJEN GOHAIN
ৰাজেন গোঁহাইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

গোৱালপাৰা, 26 এপ্ৰিল: ‘‘নিৰ্বাচনৰ দিনটোত দলৰ বিপক্ষে কথা কৈ নিজকে নতুন-পুৰণিৰ চাৰ্টিফিকেট দিয়াৰ দিন পাৰ হৈ গ’ল ৷’’ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ এক বিস্ফোৰক মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এইদৰে ক’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে শুকুৰবাৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল ৷ স্পষ্টকৈ কাৰো নাম উল্লেখ নকৰাকৈ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে নিৰ্দিষ্ট কাৰোবাক উদ্দেশ্যি কৈছিল যে তেওঁ নিজকে বিজেপিত সৰ্বেসৰ্বা বুলি ভাবিলেই নহ'ব, সৰ্বাধিক জনপ্ৰিয় বুলি ভাবিলেই নহ'ব ৷ দলটোক সঠিভকভাৱে পৰিচালনাও কৰিব লাগিব ৷

ভোটদানৰ দিনটোতে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কৰা এনেধৰণৰ মন্তব্যত মুখ্যমন্ত্ৰী ড৹ শৰ্মা অস্বস্তিত পৰা দেখা গ’ল ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘মই আশা কৰিম, আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য ৰাষ্ট্ৰীয় অধ্যক্ষলৈ প্ৰেৰণ কৰিব ৷ ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল’ব ৷ যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা মোদীজীৰ বিৰুদ্ধে কথা ক’ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত সেই সিদ্ধান্ত আমাৰ দলে ল’ব পাৰে ৷’’

উল্লেখ্য যে শুকুৰবাৰে গোৱালপাৰাৰ আগিয়াত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ধুতি, লুঙী আৰু সূতা-কম্বলৰ ৰাজনীত কৰিছিল । কিন্তু বিজেপি চৰকাৰৰ দিনত অসমৰ মহিলাসকলে অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ দৰে আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে ।

কেৱল এয়াই নহয় হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান দিব বিজেপি চৰকাৰে । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বিগত তিনি বছৰত এক লাখ চাকৰি এক টকা উৎকোচ নোলোৱাকৈ দুখীয়া পৰিয়ালে লাভ কৰিবলৈ সক্ষম হৈছে । চলিত বর্ষত আৰু ৫০ হাজাৰ চাকৰি অসম চৰকাৰে দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যদা দিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: বিজেপিৰ বিপৰ্যয়ৰ আশংকা কৰি ৰাজেন গোহাঁইৰ হুংকাৰ : জবাব দিব লাগিব নেতৃত্বই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.