ETV Bharat / politics

প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে 20 শতাংশ টিকট বিক্ৰী কৰে: ঝাৰখণ্ডত ড৹ শৰ্মাই ফুটালে নতুন বোমা - JHARKHAND ASSEMBLY ELECTIONS 2024

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত টিকটক লৈ চলি থকা অভিযোগ-প্ৰতি অভিযোগৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ আনিছে ।

Assam CM on Congress
ঝাৰখণ্ডত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 8:19 PM IST

ৰাঁচী : ঝাৰখণ্ড নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনত দিন-ৰাতি একাকাৰ কৰি ঘূৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তাৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে ২০ শতাংশ টিকট বিক্ৰী কৰে ।

কংগ্ৰেছ বিধায়ক উমাশংকৰ আকেলাক বৰহীৰ পৰা টিকট প্ৰত্যাখ্যান কৰাৰ পিছতে তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ঝাৰখণ্ডত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী (ETV Bharat)

কংগ্ৰেছে দুই কোটি টকাকৈ টিকট বিক্ৰী কৰি থকা বুলি উমাশংকৰ আকেলাৰ অভিযোগক একপ্ৰকাৰ ন্যায্যতা প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ময়ো কংগ্ৰেছত আছিলো । যদি কোনোবা বিধানসভা নিৰ্বাচনত ১০০ খন আসন থাকে, তেন্তে কংগ্ৰেছত তেওঁলোকৰ ভিতৰত ২০ খন আসন বিক্ৰী কৰাৰ পৰম্পৰা আছে । উমাশংকৰ আকেলাই যি কৈছে সেয়া মোৰ বাবে নতুন কথা নহয় । মই দেখিছো যে নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছৰ 20 শতাংশ টিকট বিক্ৰী হয় ।"

বিজেপিৰ বিদ্ৰোহী প্ৰাৰ্থীসকলক সৈমান কৰোৱাৰ চেষ্টা

আনহাতে, টিকট বঞ্চিত বিজেপি প্ৰাৰ্থীৰ বিসম্বাদ সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "সকলোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মনোনয়নো প্ৰদান কৰে । কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখলৈকে তেওঁলোকক সৈমানো কৰোৱা হয় । তেওঁলোকক সৈমান কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু আমাৰ ব্যৱস্থাই কাম কৰি আছে ।"

তেওঁ লগতে কয়, "আমাৰ মিত্ৰজোঁটৰ পৰা প্ৰতিখন আসনত এজনকৈ প্ৰাৰ্থী থিয় কৰোৱা হৈছে । কিন্তু ইণ্ডি মিত্ৰজোঁটৰ অৱস্থা কি সেয়া আপোনালোকে লক্ষ্য কৰিলেই বুজিব পাৰিব । প্ৰতিখন আসনত দুই-তিনিজনকৈ প্ৰাৰ্থী থিয় হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয়, "সুদেশ মাহাতোৰ মনোনয়নত প্ৰতিকূল বতৰ সত্ত্বেও যেনেদৰে হাজাৰ হাজাৰ কৰ্মী ইয়ালৈ আহিছে, ই স্পষ্টভাৱে দেখুৱাই যে এন ডি এৰ প্ৰতি জনসাধাৰণৰ প্ৰৱণতা কি ।" ইয়াৰ বাবে তেওঁ এন ডি এৰ সকলো সহযোগী দলক অভিনন্দন জনাই কয়, "চিল্লী বিধানসভা সমষ্টিৰ পৰা মই আশাকৰো যে সুদেশ মাহাতোৱে পুনৰ এবাৰ অভিলেখ ভোটত জয়ী হ'ব ।"

লগতে পঢ়ক :দীপাৱলীৰ বাবে আৰু চিন্তাৰ প্ৰয়োজন নাই; ২৮ অক্টোবৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা
লগতে পঢ়ক :কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰি কি আলোচনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.