ETV Bharat / politics

যুৱসকলে কয়- ‘‘আমাক সংস্থাপন দিয়ক’’, মুখ্যমন্ত্ৰীয়ে কয়- ‘‘হিন্দু-মুছলমান’’ - Assam CM On Muslim Population

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 4:00 PM IST

Gaurav Gogoi on Himanta Biswa Sarma statement : হিমন্ত বিশ্ব শৰ্মাই কথাই প্ৰতি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে ৷ হিন্দু-মুছলিম ৰাজনীতি কৰি বিফল হ’ল নৰেন্দ্ৰ মোদী । হিমন্ত বিশ্ব শৰ্মাও বিফল হ’ব বুলি মন্তব্য গৌৰৱ গগৈৰ ৷

Gaurav Gogoi on Himanta Biswa Sarma statement
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰসংগত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

গুৱাহাটী, ২০ জুলাই : ‘‘অতি কম বয়সতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্মৃতিভ্ৰংশ ৰোগত ভুগিছে ৷”- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে উভতি ধৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সংখ্যালঘু লোকৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হ’বলৈ শুকুৰবাৰে আহ্বান জনাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই বিতৰ্কিত মন্তব্যৰ কাঢ়া প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ সাংসদ, লোকসভাৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে ।

শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়, ‘‘ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু-মুছলিম ৰাজনীতি বিফল হ’ব ৷ বয়স হ’লে এনেধৰণৰ বেমাৰ হয় ৷ অসমৰ মুখ্যমন্ত্ৰীৰো কম বয়সতে ঠিক একেই বেমাৰ হৈছে । মুখ্যমন্ত্ৰীৰ ধৰ্মৰ ৰাজনীতি বিফল হ’ব । বিশেষকৈ নিৰ্বাচনত বিজেপি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ এয়া এক উদাৰহণ ৷’’

ৰাহুল গান্ধীক লৈ কি আছিল হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত বক্তব্য ? :

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান জনসংখ্যা নিয়ন্ত্ৰণৰ সন্দৰ্ভত শেহতীয়া মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰিছে । হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কৈছিল- ‘‘ মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি ৰোধ কৰাত কংগ্ৰেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে । যদি ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হয়, তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব ৷ কিয়নো সম্প্ৰদায়টোৱে কেৱল তেওঁৰ কথা শুনে ৷ কাইলৈৰ পৰা ৰাহুল গান্ধী যদি জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হয়, ‘খটা-খট’ নহ'লেও ‘ফটা-ফট’ মুছলমানসকলৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কাম হ'ব । কাৰণ অসমৰ এখন মুছলমান গাঁৱলৈ গৈ মোৰ বা মোদী আৰু ৰাহুল গান্ধীৰ নাম যদি লোৱা হয়, গাঁৱৰ মানুহে ৰাহুল গান্ধীৰ কথা শুনিব বুলি ক'ব ।‌ কাৰণ মোক বা মোদীক তেওঁলোকে শত্ৰু বুলি জ্ঞান কৰে । গতিকে ৰাহুল গান্ধীয়ে মুছলমানসকলৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিব ।’’

হিমন্ত বিশ্ব শৰ্মাক কাঢ়া প্ৰত্যুত্তৰ গৌৰৱৰ :

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈ কাম কৰি আছে । গগৈয়ে কয়, ‘‘ কথাই প্ৰতি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমৰ বিধানসভা নিৰ্বাচনলৈ ডেৰ বছৰ আছে । এই ডেৰ বছৰ আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত হিন্দু-মুছলিমৰ কথাই শুনা পাই থাকিব ৷ যদি যুৱসকলে কয় আমাক সংস্থাপন দিয়ক, মুখ্যমন্ত্ৰীয়ে কয় হিন্দু-মুছলিম । মেডিকেলৰ আশাকৰ্মীসকলে যদি কয় আমাক দৰমহা দিয়ক, তেতিয়াও মুখ্যমন্ত্ৰীয়ে কয় হিন্দু-মুছলিমৰ কথা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ হিন্দু-মুছলিম ৰাজনীতি কৰি বিফল হ’ল । অসমতো হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু-মুছলিমৰ ৰাজনীতি বিফল হ’ব ৷”

গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে ডেৰ বছৰৰ পিচত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই এনে সাম্প্ৰদায়িক মন্তব্যৰ আশ্ৰয় লৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৈ যোৱা লোকসভা নিৰ্বাচনত কৰা সাম্প্ৰদায়িক আচৰণৰ কথাও গগৈয়ে নিজৰ বক্তব্যত উল্লেখ কৰে । তেওঁ মন্তব্য কৰে- "প্ৰধানমন্ত্ৰী মোদীয়ে ইস্তাহাৰ আৰু মংগলসূত্ৰক লৈ বেয়া ৰাজনীতিৰ কথা কৈছিল ৷ সেয়াও এইবাৰ বিফল হ’ল ৷ অসমতো বিফল হ’ব হিমন্ত বিশ্ব শৰ্মা ৷”

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে পৱন সিং ঘাটোৱাৰক বদনাম কৰিবলৈ চেষ্টা কৰি আছে : গৌৰৱ গগৈ

লগতে পঢ়ক : মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীয়ে গোকাট মিছা কৈছে : ৰিপুণ বৰা

লগতে পঢ়ক : ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ’ব লাগে : মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.