ETV Bharat / politics

এইবাৰ কংগ্ৰেছ এৰিলে জ্যেষ্ঠ নেতা শৈলেন বৰা আৰু অঞ্জন বৰাই - Assam congress Leader Quits Party - ASSAM CONGRESS LEADER QUITS PARTY

Assam congress Leader Party Quit: সুদীৰ্ঘ ২০ বছৰ ধৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব থকা শৈলেন বৰায়ো দল এৰিলে ৷ ধাৰা অব্যাহত ৰাখি কংগ্ৰেছ এৰিলে বিশ্বনাথৰ সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অঞ্জন বৰায়ো ৷ কেৱল সিমানেই নহয়, অঞ্জন বৰাই লগত প্ৰায় তিনিশ সমৰ্থক লৈ বিজেপি দলতো যোগদান কৰে ৷

ASSAM CONGRESS LEADER PARTY QUIT
শৈলেন বৰা অঞ্জন বৰাৰ দলত্যাগ
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:12 PM IST

দল এৰি কংগ্ৰেছ নেতা অঞ্জন বৰাৰ মন্তব্য

গুৱাহাটী/ বিশ্বনাথ, 21 মাৰ্চ: নিৰ্বাচন পালেহিয়েই যদিও খহনীয়া ৰোধ হোৱাৰ নামেই লোৱা নাই কংগ্ৰেছত । দৈনিক এজনকৈ হ’লেও কংগ্ৰেছৰ নেতাই দল এৰা কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতায়ো । দলটোৰ পদত্যাগৰ তালিকাখন ক্ৰমাৎ দিঘলীয়া হ'বলৈ ধৰিছে ।

দলত্যাগৰ ধাৰা অব্যাহত থকাৰ সময়তে পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৈলেন বৰায়ো । কংগ্ৰেছৰ সকলো বিষয়বাব ত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ ই-মেইলযোগে তেওঁ প্ৰেৰণ কৰিলে নিজৰ পদত্যাগ পত্ৰ ।

উল্লেখ্য যে সুদীৰ্ঘ ২০ বছৰ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ উপৰি নিৰ্বাচনী কমিটিৰ কাৰ্যবাহী সদস্য আছিল । বৰ্তমান সময়ত তেওঁ কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ সদস্য হিচাপে আছিল । আজি দল ত্যাগ কৰিব বুলি তেওঁ বুধবাৰেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক অৱগত কৰোৱাইছিল ।

দলটোত এলাগী হোৱাৰ অভিযোগ তুলি দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ পদত্যাগ কৰে । শেষত বৃহস্পতিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ কাৰ্যবাহী আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰে । জ্যেষ্ঠ নেতা শৈলেন বৰাৰ পদত্যাগ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাত ।

ইফালে শোণিতপুৰ কংগ্ৰেছতো এক মোক্ষম আঘাত হানি বিশ্বনাথৰ সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অঞ্জন বৰাসহ প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বৃহস্পতিবাৰে কংগ্ৰেছ দল ত্যাগ কৰে । উল্লেখযোগ্য যে বিগত বিধান সভা নিৰ্বাচনত বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা বৰ্তমান বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৬ হাজাৰ ভোটত পৰাস্ত হৈছিল অঞ্জন বৰা । ইফালে বৰাই দল ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতিত অতিষ্ঠ হৈ তেওঁ বিজেপিত যোগদান কৰিব ।

উল্লেখযোগ্য বিশ্বনাথ চাৰিআলিৰ পৰা সমৰ্থকসকলক লগত লৈ প্ৰায় ৬০ খন গাড়ীৰে ৰেলী কৰি তিনি শতাধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকক লৈ তেজপুৰৰ যোগদান অনুষ্ঠানত উপস্থিত হয় অঞ্জন বৰা ৷ ঘৰৰ পৰা ওলায়েই প্ৰথমে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথৰ বুঢ়া বাবা মন্দিৰত আশিস লৈ তিনিশ সমৰ্থকসহ বিজেপিত যোগদান কৰিবলৈ তেজপুৰলৈ ৰাওনা হয় কংগ্ৰেছ নেতা অঞ্জন বৰা ৷ বৰাৰ লগতে কংগ্ৰেছৰ মণ্ডল, ব্লক আৰু বুথ লেভেলৰ কৰ্মীসহ প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি গেৰুৱা বসন পিন্ধে ।

লগতে পঢ়ক: ছোনিয়া গান্ধীক সাক্ষাতৰ পিচতে পদত্যাগ পত্ৰ উঠাই ল'লে আব্দুল খালেকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.