ETV Bharat / politics

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিৰে আৰম্ভ মনোনয়ন দাখিল প্ৰক্ৰিয়া - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । তৃতীয় পৰ্যায়ত গুৱাহাটী, ধুবুৰী,বৰপেটা আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

LOK SABHA POLLS 2024
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:39 PM IST

গুৱাহাটী, ১২ এপ্ৰিল: অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল, পৰীক্ষণ আৰু প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । সমান্তৰালভাৱে দেশৰ লগতে অসমতো আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া । আজিৰে পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়া । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ১৯ এপ্ৰিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । তৃতীয় পৰ্যায়ত গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৯ এপ্ৰিলত সমাপ্ত হোৱাৰ পাচত ২০ এপ্ৰিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব । আনহাতে, মনোনয়ন পত্র প্ৰত্যাহাৰৰ দিন হৈছে ২২ এপ্ৰিল । ইফালে, গুৱাহাটী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা সমষ্টিটোৰ নিৰ্বাচন প্ৰাধিকাৰী সুমিত ছাত্তাৱানে আজি এক নিৰ্বাচনী জাননী জাৰি কৰে ।

সেই অনুসৰি ৫ নং গুৱাহাটী সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে ৰাজহুৱা বন্ধৰ বাহিৰে আজিৰে পৰা ১৯ এপ্ৰিললৈ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ৰ দ্বিতীয় মহলাৰ ১নং কোঠাত মনোনয়ন পত্র দ‍াখিল কৰিব পাৰিব । আনহাতে,২০ এপ্ৰিলত মনোনয়ন পত্রসমূহ পৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন পত্র প্ৰত্যাহাৰৰ দিন হৈছে ২২ এপ্ৰিল । ৭ মে'ত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । উল্লেখ্য যে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, যোৰহাট আৰু কাজিৰঙাত ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পাঁচটা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটযুদ্ধ । সেইদৰে দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ বাবে মুঠ ৬১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু নিৰ্বাচন হ'ব ২৬ এপ্ৰিলত ।

লগতে পঢ়ক:বিহুৰ পিচতেই ভোটযুদ্ধ: অসমত তিনিটা পৰ্যায়ত ক’ত কেতিয়া নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.