নিউজ ডেস্ক ,৪ জুন : আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । ইতিমধ্যে প্ৰতিখন জিলাৰে নিৰ্দিষ্ট কেন্দ্ৰবোৰত ভোটগণনা আৰম্ভ হৈছে । লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে । বিজেপি প্ৰাৰ্থীসকলেও পুৱাই ভোটকেন্দ্ৰবোৰত উপস্থিত হৈ সকলো দিশ পৰ্যৱেক্ষণ কৰিছে ।
বঙাইগাঁও:
বঙাইগাঁও মহাবিদ্যালয় চৌহদত স্থাপন কৰা ভোটগণনা কেন্দ্ৰটো পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা প্ৰক্ৰিয়া । পুৱাই কেন্দ্ৰটোত উপস্থিত হয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে বৰপেটা লোকসভা সমষ্টিত তেওঁ জয় নিশ্চিত । তেওঁ ৯-১০ লাখ ভোট লাভ কৰিব বুলি আশাবাদী । ইফালে অসমত বিজেপি মিত্ৰজোঁটে গৰিষ্ঠসংখ্যক আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে ।
নগাঁও : ইফালে নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক ভোটগণনা কেন্দ্ৰত উপস্থিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা । ভোটকেন্দ্ৰত উপস্থিত হৈ তেওঁ দাবী কৰে যে সমষ্টিটোত তেওঁ বিজয় নিশ্চিত । কাজিৰঙাৰ লগতে যোৰহাটতো ৰাইজে মুখৰ নেতাৰ পৰিৱৰ্তে কামৰ নেতা হে বিচাৰে বুলি উল্লেখ কৰে । যোৰহাটত তপন গগৈৰ জয় নিশ্চিত বুলিও কামাখ্যা প্ৰসাদ তাছাই দাবী কৰে ।
হোজাই : ইয়াৰ উপৰিও বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে হোজাইৰ শংকৰদেৱ নগৰত থকা আয়ুক্তৰ কাৰ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হয় । য'ত তেওঁ বিৰোধী প্ৰাৰ্থী লগতে দলবোৰক তীব্ৰ সমালোচনা কৰে । জানিব পৰা মতে আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰথম মহলাত হোজাই সমষ্টি আৰু লামডিং সমষ্টি লগতে তলৰ মহলাত বিন্নাকান্দি সমষ্টিৰ ভোটগণনা কৰা হৈছে । আনহাতে বেলট পেপাৰৰ গণনা গোলাঘাটত অনুষ্ঠিত হৈছে । ইফালে ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ৰাইজৰ সুবিধাৰ্থে আয়ুক্ত কাৰ্যালয়ৰ সমীপতে কাছাৰী ময়দানত ভোটগণনাৰ পৰিসংখ্যা সময়ে সময়ে জনাবলৈ বিশেষ ডিছপ্লেৰ লগতে মাইকত ঘোষণাৰ ব্যৱস্থা কৰা হৈছে ।
বিশ্বনাথ : একেদৰে শোণিতপুৰ লোকসভা সমষ্টিটো পুৱাৰে পৰা ভোটগণনা আৰম্ভ হৈছে । বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ ভোটগণনা চলি আছে । শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ২ টাকৈ বিধানসভা সমষ্টি বিশ্বনাথ আৰু বিহালীত মুঠ ২৪ খন টেবুলত চলি আছে গণনা প্ৰক্ৰিয়া । বিশ্বনাথত ১৯ টা আৰু বিহালীত ১৫ টা ৰাউণ্ডত ভোটগণনা অনুষ্ঠিত হ'ব ।
বিশ্বনাথত ৫৬ গৰাকী কাউণ্টিং ষ্টাফ আৰু চুপাৰভাইজাৰ, ৩৬ গৰাকী মাইক্ৰ' অৱজাৰভাৰে ভোটগণনাৰ দায়িত্ব পালন কৰি আছে । ইফালে ভোটগণনাৰ প্ৰথম পৰ্যায়ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে । ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত বিশ্বনাথ আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় আৰু ভোটগণনা প্ৰক্ৰিয়াৰ বুজ লয় । ৰঞ্জিত দত্তৰ মতে তেওঁ বিজয় নিশ্চত । আনহাতে দেশত পৰৱৰ্তী চৰকাৰ বিজেপিৰে হ'ব বুলি তেওঁ দাবী কৰে ।
ডিব্ৰুগড় : ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ হাই প্ৰফাইল ৰাজনৈতিক যুঁজ দেখা গৈছে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী ঐক্য মঞ্চৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । একেদৰে আম আদমি পাৰ্টীৰ হৈ মনোজ ধানোৱাৰে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে ডিব্ৰুগড়ৰ লাহোৱাল পলিটেকনিকত চলি আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া । পুৱা ভোটকেন্দ্ৰটোত উপস্থিত হৈ লুৰীণজ্যোতি গগৈয়ে মনৰ ভাব প্ৰকাশ কৰে । তেওঁ ফলাফলক লৈ আত্মবিশ্বাসী । তেওঁৰ মতে জনতাৰ জনাৰ্দনে ভাল ফলেই দিব । আনহাতে ৰাইজৰ সিদ্ধান্ত মানি ল'ব বুলিও তেওঁ উল্লেখ কৰে ।
চিৰাং : চিৰাঙৰ চিদলী বিধানসভা সমষ্টিৰ ভোটগণনাৰ বুজ ল'বলৈ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী । চিৰাং জিলা সদৰ কাজলগাঁৱৰ ভোটকেন্দ্ৰত চলি থকা ভোটগণনা পৰিদৰ্শন কৰি জয়ন্ত কুমাৰ বসুমতাৰীয়ে কয় যে পূৰ্বৰে পৰা দাবী কৰাৰ দৰে ২.৫-৩ লাখ ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ব । আনহাতে অসমত বিজেপি মিত্ৰজোঁটে ১২ খন আসন লাভ কৰাটো নিশ্চিত বুলিও তেওঁ দাবী কৰে ।
গুৱাহাটী : ফলাফল ঘোষণাৰ পূৰ্বে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে পুৱাই জ্যোতিনগৰস্থিত হনুমান মন্দিৰত উপস্থিত হয় । তাত পূজা অৰ্চনা কৰি প্ৰাৰ্থীগৰাকী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ ৰাওনা হয় । সংবাদ মাধ্যমক জনোৱা মতে তেওঁ ভাল ফলাফলৰ আশা কৰি আছে ।
লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024