ETV Bharat / politics

এই বয়সত নিৰ্বাচন খেলি হাৰিবলৈ মন নাই ৰাজেন গোহাঁইৰ - Ex BJP MP Rajen Gohain

শেষ সময়ত নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলি হাৰিবলৈ মন নাই বুলি মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰাজেন গোঁহাইৰ ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যদি সঁচাকৈ বুজাবুজি নাই তেন্তে নগাঁৱত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে ৰাজেন গোহাঁয়ে ৷

Nagaon Parliamentary Constituency
চৰ্চাত নগাঁও লোকসভা সমষ্টি
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 3:40 PM IST

নগাঁও লোকসভা সমষ্টি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ

নগাঁও, 26 ফেব্ৰুৱাৰী : সম্প্ৰতি ৰাজ্যৰ সৰ্বাধিক চৰ্চিত লোকসভা সমষ্টিটোৱে হৈছে নগাঁও লোকসভা সমষ্টি ৷ বিগত চাৰিটা কাৰ্যকাল একেৰাহে বিজেপিৰ দখলত থকা নগাঁও লোকসভা সমষ্টি 2019 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ কেবাটাও বিধানসভা সমষ্টি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিচৰ পৰাই দুই কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ উপৰিও প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক দলীয় সংঘাত ৷

কংগ্ৰেছত প্ৰাৰ্থিত্বৰ বাবেখোৱা-কামোৰা অব্যাহত থকাৰ মাজতে দেওবাৰে নগাঁৱত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ পূৰ্বে চাৰে এঘাৰখন আসন বিজেপিৰ নিশ্চিত থকা বুলি দাবী কৰি অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুৰ সলনি কৰি পূৰ্বৰ চাৰে এঘাৰৰ পৰিৱৰ্তে এতিয়া এঘাৰখন আসন নিশ্চিত বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ৷ ইয়াৰ পিচতেই পূৰ্বৰ নগাঁও লোকসভা সমষ্টিৰ চাৰিটাকৈ কাৰ্যকালৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে সোমবাৰে কৰিলে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য ৷

সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচত নগাঁও লোকসভা সমষ্টিত 65 শতাংশ সংখ্যালঘু ভোট থকা বুলি দাবী কৰি সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব নোলোৱাৰ কথা ঘোষণা কৰে ৰাজেন গোহাঁয়ে ৷ শেষ সময়ত নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলি হাৰিবলৈ মন নাই বুলি স্পষ্ট কৰিলে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷ লোকসভা সমষ্টিটোৰ ভোট বিন্যাসৰ প্ৰসংগ উল্লেখ কৰি কি সমীকৰণেৰে বিজেপি জয়ী হোৱাৰো সুযোগ আছে তাৰো ব্যাখ্যা কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যদি সঁচাকৈ বুজাবুজি নাই তেন্তে বিজেপি জয়ী হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে ৰাজেন গোহাঁয়ে ৷ অৰ্থাৎ সংখ্যালঘুৰ ভোট কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বিভাজন হ’লে বিজেপি জয়ী হোৱাৰ আশাবাদী ৰাজেন গোহাঁই ৷ মুঠৰ ওপৰত নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব নোলোৱাটো একপ্ৰকাৰ নিশ্চিত কৰি দিলে ৰাজেন গোহাঁয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছ শূন্য জয়পুৰ চাহ বাগিচা, ৫ শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.