ETV Bharat / politics

চামগুৰিৰ ৰাইজে বিজেপিক আশীৰ্বাদ দিব এইবাৰ : পল্লব লোচন দাস - ASSAM BY ELECTION

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:59 PM IST

Samaguri By Election : উপ-নিৰ্বাচনত সহজেই চামগুৰি এৰি নিদিয়ে বিজেপিয়ে । চামগুৰিৰ ভোটাৰৰ সমৰ্থন, আৰ্শীবাদ বিচাৰি কাষ চাপিব বিজেপি । চামগুৰিবাসীয়ে উন্নয়নৰ স্বাৰ্থত উপ-নিৰ্বাচনত শাসকীয় দলক সমৰ্থন কৰিব বুলি দাবী প্ৰাক্তন সাংসদ পল্লব লোচন দাসৰ ।

Samguri Constituency
প্ৰাক্তন সাংসদ পল্লব লোচন দাস (ETV Bharat Assam)

নগাঁও, ১৯ জুলাই: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে । এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিৰ ভিতৰত চামগুৰি বিধানসভা সমষ্টিত বিজেপিৰ জয় সহজ নহ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ হ'লেও স্বীকাৰ কৰাৰ পাচতো যেন চামগুৰি সহজতে এৰি দিয়াত নাই জ্য়েষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ পল্লব লোচন দাসে । এইবাৰ উপ-নিৰ্বাচনত চামগুৰি বিধানসভা সমষ্টিয়েই লক্ষ্য হ'ব পাৰে বিজেপিৰ । শুক্ৰবাৰে সন্ধিয়া নগাঁৱত উপস্থিত হৈ প্ৰাক্তন সাংসদ পল্লব লোচন দাসে কৰা এক মন্তব্যত যেন স্পষ্ট হৈছে এই কথা ।

আজি সন্ধিয়া নগাঁৱত উপস্থিত হোৱা প্ৰাক্তন সাংসদ পল্লব লোচন দাসে উপ-নিৰ্বাচনক লৈ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । উপ-নিৰ্বাচনত ৰাজ্যৰ পাঁচখন আসনৰ চাৰিখনতেই বিজেপিৰ জয় নিশ্চিত বুলি মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই পল্লব লোচন দাসে ক'লে," বিৰোধীৰ দখলত থকা চামগুৰি সমষ্টিটোত এইবাৰ বিজয়ৰ লক্ষ্যৰে ভোটাৰৰ কাষ চাপিব বিজেপি । চামগুৰিৰ ভোটাৰক আকৰ্ষিত কৰাৰো চেষ্টা কৰিব বিজেপিয়ে । চামগুৰিৰ ৰাইজৰ আর্শীবাদ বিচাৰি কাষ চাপিব বিজেপি ।"

কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ চলি থকাৰ কথাও উল্লেখ কৰি পল্লব লোচন দাসে ৰাইজৰ উন্নয়নৰ বাবেই চৰকাৰে কাম কৰি থকা বুলি কয় । তেওঁ চামগুৰিৰ জনতাই উন্নয়নৰ স্বাৰ্থত এইবাৰ শাসকীয় বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰিব বুলি দাবী কৰে । চামগুৰিত জয়ী হ'লে উপ-নিৰ্বাচনত পাঁচখন আসনেই দখল কৰাটো বিজেপিৰ বাবে সম্ভৱ হৈ পৰিব বুলিও আশাবাদী পল্লব লোচন দাস ।

লগতে পঢ়ক:সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ধৰণে হ’ব উপ-নিৰ্বাচন : জনালে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই - Bye Election in Assam

কংগ্ৰেছক চকী গতাই দিম বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ? - CM Himanta slams Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.