ETV Bharat / politics

বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাৰ পদত্যাগৰ পাচতে দলত আৰম্ভ প্ৰলোভনৰ ৰাজনীতি ! - Ashok Sharma to quit BJP

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 1:06 PM IST

Former MLA Ashok Sarma : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নিষ্ঠাবান কৰ্মী তথা বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাৰ দলত্যাগে লাভান্ধিত কৰিব বিজেপি দলক ৷ সংবাদ মাধ্যমৰ আগত নিজ মুখেৰে এই কথা ক’লে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ কিয় ক’লে জানো আহক বিস্তৃত প্ৰতিবেদনযোগে -

Ex-BJP MLA, RSS activist Ashok Sarma to quit BJP today
বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মা (ETV Bharat Assam)

নলবাৰী, 2 আগষ্ট: আজি আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিব নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাই । বৃহস্পতিবাৰে মা কামাখ্যা আৰু উগ্ৰতাৰা দেৱালয়ত আশীষ লৈছিল শৰ্মাই ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে দলটো এৰিব বুলি অশোক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় । আজি বিয়লি 3 বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ গৈ পদত্যাগ পত্ৰ দিব বুলি জনায় প্ৰাক্তন বিধায়কগৰাকীয়ে ।

বিদ্ৰোহী ৰাজনৈতিক নেতাজনে ইতিমধ্যে চৰকাৰী বাহনো ওভোতাই দিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । আজি পূৰ্বৰ সকলো পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰি কংগ্ৰেছমুখী হ’ব অশোক শৰ্মাই । আনহাতে, অশোক শৰ্মাই দল এৰাৰ খবৰে বহু বিজেপি কৰ্মীক সহায় কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে অশোক শৰ্মাই ।

তেওঁ কয়, "মই দিয়া উত্তৰৰো কোনো উত্তৰ নিদিলে ৷ গতিকে মই ভাবিছো যে মই এই দলত থকাৰ কোনো কাৰণ নাই ৷ যদি থাকো তেতিয়াহ’লে মোৰ যি সত্বা সেয়া হেৰাই যাব ৷ আৰু সেইবাবেহে আজি মই দুখ আৰু যন্ত্ৰণাত দগ্ধ হৈ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে ৷ দলে মোক অনাদৰ কৰিছে ৷ মোক বহুৱাই ৰাখিছে ৷ চৰকাৰ এখনে যেতিয়া জনতাক বিপথে পৰিচালিত কৰিব, আমাৰ দৰে হাজাৰ হাজাৰ কৰ্মীক অৱহেলা, অনাদৰ কৰিব তেতিয়া কোনোবা এজনে তাৰে নেতৃত্ব ল’ব লাগিব ৷ মই সেই নেতৃত্ব লৈছো ৷"

তেওঁ পুনৰ কয়, "মোৰ বলিদানে যদি হাজাৰ কৰ্মীৰ মনোবল বৃদ্ধি কৰে, দলৰ নেতৃত্ব বা চৰকাৰে যদি সন্মান দিয়ে, তেন্তে সেয়াই হ’ব মোৰ বাবে পৰম প্ৰাপ্য ৷ এই কথাটো নলবাৰীত স্পষ্ট হৈছে ৷ মই যে দলত্যাগ কৰিম আৰু অন্য এটা দলত যোগদান কৰিম তাৰ বাবে নলবাৰীত এটা তীব্ৰ আলোড়ন হৈছে । বহুদিন ধৰি বহি থকা মানুহ তথা অৱহেলিত বহু কৰ্মীক দল নেৰিবলৈ অনুৰোধ জনাইছে ৷ কাৰোবাক চাকৰি, কাৰোবাক নতুন দায়িত্ব, ঠিকা দিয়াৰ প্ৰলোভন দিয়া হৈছে ৷ এই প্ৰলোভনৰ লগতে দলটোক শক্তিশালী কৰাৰ যি চেষ্টা চলিছে সেয়া গুৰুত্বপূৰ্ণ ৷"

উল্লেখ্য যে, অহা 9 আগষ্টত নলবাৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হ’ব ভাৰত ত্যাগ আন্দোলনৰ সৈতে সংগতি ৰাখি কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ দিনাই কংগ্ৰেছ দলত যোগদান কৰিব বিদ্ৰোহী ৰাজনৈতিক নেতাজনে ৷ এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছ সাংসদসকল উপস্থিত থাকিব ।

লগতে পঢ়ক: বিজেপি ত্যাগ কৰাৰ পূৰ্বে কামাখ্যা-উগ্ৰতাৰা মন্দিৰত সেৱা জনালে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই - Ashok Sharma to quit BJP

বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি বিদ্ৰোহী অশোক শৰ্মা ? জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী - Show cause notice Ashok Sarma

Hari mandir election-related controversy: মোক মাৰিবলৈ আহিলে মই বুকু পাতি নিদিও - অশোক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.