ETV Bharat / politics

কোকৰাঝাৰ সমষ্টি : ১২ গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা আৰু সম্পত্তি - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 9:36 PM IST

নিৰ্বাচনত অৱতীৰ্ণ হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুগৰাকী প্ৰাৰ্থী কোটিপতি । দুগৰাকী প্ৰাৰ্থী হাজাৰপতি আৰু আঠগৰাকী লাখপতি । ১৭.০৭ কোটি টকাৰ সম্পত্তিৰে শীৰ্ষত আছে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী । শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকৰ তলৰ কোনো এগৰাকী প্ৰাৰ্থী নাই কোকৰাঝাৰ সমষ্টিত । কেইবাজনো প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী ।

KOKRAJHAR LOK SABHA CONSTITUENCY
কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী

গুৱাহাটী, ২৪ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাচত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ । ২৬ এপ্ৰিলত পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । আনহাতে ৭ মে’ত কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

বি টি আৰৰ অন্তৰ্গত কোকৰাঝাৰ সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ ১২ গৰাকী প্ৰাৰ্থী ৷ প্ৰাৰ্থীসকল হৈছে- বি পি এফৰ খাম্ফা বৰগয়াৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী, ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়া, গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকা, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু, নিৰ্দলীয় অজয় নাৰ্জাৰী, নিৰ্দলীয় জ্যোতিষ কুমাৰ নাথ, নিৰ্দলীয় তৃপ্তিনা ৰাভা, নিৰ্দলীয় পংকজ ইছলাৰী, নিৰ্দলীয় পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু নিৰ্দলীয় ৰঞ্জন কুমাৰ ব্ৰহ্ম ৷ ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে দুগৰাকী মহিলা প্ৰাৰ্থী ।

কোনগৰাকী প্ৰাৰ্থী কিমান সম্পত্তিশালী :

কোকৰাঝাৰ সমষ্টিৰ ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুগৰাকী প্ৰাৰ্থী কোটিপতি । সম্পত্তিৰ ক্ষেত্ৰত শীৰ্ষত আছে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭,০৬,৭৬,৩৫৮ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৪,০৯,৮৭,১১৮ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২,৯৬,৮৯,২৪০ টকা । আনহাতে তেওঁৰ হাতত নগদ ধন হিচাপে আছে ৪,০৪,০৭৭ টকা । তেওঁৰ দেওনা আছে ৭,৬১,৭৪,০৮৫ টকা । সেইদৰে খাম্ফা বৰগয়াৰীৰ পত্নীৰ অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ক্ৰমে ৪,৭৯,১৯,১১৯ টকা আৰু ২,৯৪,৩৮,০০০ টকা । স্বামী আৰু স্ত্ৰী দুয়োগৰ‍কীয়ে কোটিপতি ৷

কোকৰাঝাৰ সমষ্টিৰ আনগৰাকী কোটিপতি প্ৰাৰ্থী হৈছে ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১,৭২,৮৪,৯১৩ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১,৩৯,৮৩,৯১৪ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩৩,০১,০০০ টকা । তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ হৈছে ৫০ হাজাৰ টকা আৰু পত্নীৰ হাতত আছে ৯০ হাজাৰ টকা । পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫১,৬৩,৫৫৪ টকা ।

কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭,৯৪,০৪৭ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৮,৫৪,০০০ টকা । তেওঁৰ নগদ ধন আছে ৪০ হাজাৰ টকা । তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ নগদ ধন আছে ৫০ হাজাৰ টকা । তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫৬,০৮,৪৯৪ টকা ‍আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২৭ লাখ টকা । গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী বিনীতা ডেকাৰ নগদ ধন আছে ২ লাখ টকা আৰু স্বামীৰ আছে ৭ লাখ টকা । প্ৰাৰ্থীগৰাকীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫,০৯,০০০ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৮ লাখ টকা । তেওঁৰ স্বামীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৪ লাখ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ৫৫ লাখ টকা ।

ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী ললিত পেগুৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩৭,৮২৭ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ৪৫ লাখ টকা । তেওঁৰ নগদ ধন আছে ৩০ হাজাৰ টকা । আনহাতে নিৰ্দলীয় প্ৰাৰ্থী অজয় নাৰ্জাৰীৰ নগদ ধন আছে ৫০ হাজাৰ টকা আৰু মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১০,৫৬,৭২৪ টকা । জ্যোতিষ কুমাৰ নাথৰ নগদ ধন আছে ৭৫ হাজাৰ টকা আৰু মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২.৬০ লাখ টকা । তেওঁৰ স্থাৱৰ সম্পত্তি নাই যদিও পত্নীৰ আছে ৫০ লাখ টকা মূল্যৰ স্থাৱৰ সম্পত্তি । ইফালে তেওঁৰ দেওনা আছে ৭,০৯,১৫৪ টকা আৰু পত্নীৰ দেওনা আছে ১০,৯২,৭০০ টকা । নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভাৰ নগদ ধন আছে ২৪ হাজাৰ টকা আৰু মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২৫,৪০৭ টকা । তেওঁ হৈছে সমষ্টিটোৰ সবাতকৈ দৰিদ্ৰ প্ৰাৰ্থী ।

আনহাতে প্ৰাৰ্থী পংকজ ইছলাৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫১.৩০ লাখ টকা আৰু নগদ ধন আছে ২৫ হাজাৰ টকা । সেইদৰে কোকৰাঝাৰ সমষ্টিৰ বিশেষভাৱে চৰ্চিত আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪৬,৫৯,৯৭৭ টকা । তেওঁৰ নগদ ধন আছে ৫,০১,০০০ টকা । প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰক্ষ্মৰ নগদ ধন আছে ১০ হাজাৰ টকা আৰু সম্পত্তিৰ পৰিমাণ হৈছে ৩০ হাজাৰ টকা । তেওঁৰ নাই কোনো স্থাৱৰ সম্পত্তি । এইগৰাকী প্ৰাৰ্থীও সমষ্টিটোৰ আন এগৰাকী দৰিদ্ৰ প্ৰাৰ্থী ।

কাৰ কিমান শিক্ষাগত অৰ্হতা :

কোকৰাঝাৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা যথেষ্ট ভাল । উচ্চতৰ মাধ্যমিকৰ তলৰ কোনো এগৰাকী প্ৰাৰ্থী নাই । বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ১৯৯১ চনত কোকৰাঝাৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুচাহাৰীৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । তেওঁ ২০০৯ চনত ইগন’ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয় । ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ১৯৯৯ চনত বঙাইগাঁও কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ১৯৮৭ চনত ৰঙিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী বিনীতা ডেকাৰ শিক্ষাগত অৰ্হতা ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী । ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী ললিত পেগুৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ২০১৭ চনত এন চি ডি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

নিৰ্দলীয় প্ৰাৰ্থী অজয় নাৰ্জাৰীৰ শিক্ষাগত অৰ্হতা এল এল বি । সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী জ্যোতিষ কুমাৰ নাথৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । তৃপ্তিনা ৰাভাৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । নিৰ্দলীয় প্ৰাৰ্থী পংকজ ইছলাৰীয়ে ১৯৯৩ চনত কোকৰাঝাৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰক্ষ্মৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ ডিগ্ৰী । তেওঁ ২০১৯ চনত ইগন'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গোচৰ । ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে চিদলী থানাত আছে গোচৰ ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.