ETV Bharat / politics

এক লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী দুলু আহমেদৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

DULU AHMED PRESS MEET : নিৰ্বাচনী বৈতৰণী পাৰ কৰাই এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থীৰ মূল লক্ষ্য ৷ 3নং বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুলু আহমেদৰো লক্ষ্য একেটাই ৷ সোমবাৰে বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে তাকেই যেন সূচালে ৷

Dulu Ahmed press meet
বৰপেটাত দুলু আহমেদৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 1:49 PM IST

বৰপেটাত দুলু আহমেদৰ সংবাদমেল

বৰপেটা, 23 এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূ্ৰ্বে ৰাজ্যত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাচতে টিকট নোপোৱাৰ ক্ষোভতে অসম জাতীয় পৰিষদ দল ত্যাগ কৰে দুলু আহমেদে ৷ সমান্তৰালকৈ 3নং বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে আহমেদে ৷

উল্লেখ্য যে, দল এৰিলেও কিন্তু জাহাজতে উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৷ সেই উদ্দেশ্যি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে সোমবাৰে বৰপেটা প্ৰেছ ক্লাবত সম্বোধন কৰে এখন সংবাদমেল ৷ সংবাদমেলখন সম্বোধন কৰি পোনতে আহমেদে জাহাজৰ প্ৰতীক লাভ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ লগতে বৰপেটাৰ ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

কিয়নো প্ৰাৰ্থীগৰাকীয়ে জাহাজৰ প্ৰতীকত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰাৰ পাচতে সৃষ্টি হৈছিল এক বিতৰ্কৰ ৷ তেওঁ দাবী কৰা অনুসৰি, এইক্ষেত্ৰত চলিছিল বহু ষড়যন্ত্ৰ ৷ এতিয়াও আহমেদক সকলোৱে টাৰ্গেট কৰা বুলি তেওঁ সংবাদমেলতে ঘোষণা কৰে ৷ উক্ত সংবাদমেলৰ জৰিয়তে দুলু আহমেদে বহুকেইটা অভিযোগ উত্থাপন কৰে ৷

সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী দ্বীপ বায়নৰো আক্ৰমণৰ লক্ষ্য হৈ পৰা বুলি কয় ৷ তদুপৰি বিজেপিৰ সদস্যসকলে ধৰ্মীয় সংখ্যালঘু অঞ্চললৈ গৈ কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ অভিযোগ তোলে ৷ অৱশ্যে এই অভিযোগ কিমান দূৰ সত্য, সেয়া পৰৱৰ্তী সময়ত জনা যাব ৷

বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক উদ্ধাৰৰ বাবে স্বয়ং প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিবলগীয়া হোৱা পৰিস্থিতিয়ে বিজেপিৰ ভেঁটি কিমান দৃঢ় কৰিছে বুলিও দলটোক একপ্ৰকাৰ কটাক্ষ কৰে আহমেদে ৷ বিগত 17 এপ্ৰিলত নলবাৰীত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ জনসভাৰ পেজৰ ভিউৱাৰ্চ সন্দৰ্ভতো দুলু আহমেদে মন্তব্য কৰে ৷

সেই অনুসৰি, প্ৰধানমন্ত্ৰী মোদীৰ নিজৰ পেজত ভিউৱাৰ্চৰ সংখ্যা 15 লাখ ৷ পৰিৱৰ্তে একেটা দিনতে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিল কৰা ভিডিঅ’ৰ ভিউৱাৰ্চৰ সংখ্যাই স্পৰ্শ কৰে 18 লাখ ৷ কিছুদিন পূৰ্বে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত টোপনিয়াই থকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷

সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আহমেদে কয় যে ফণীভূষণ চৌধুৰীয়ে দিল্লীলৈ যাবলৈ বিচৰাই নাই, টোপনি মৰাতো এখন নাটকহে ৷ লগতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী দীপ বায়নক মুখ্যমন্ত্ৰী প্ৰক্ষেপিত প্ৰাৰ্থী বুলি মন্তব্য কৰে তেওঁ ৷ যাৰ বাবে শেষ হাঁহি দুলু আহমেদে মাৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷ সংবাদমেলখনতে তেওঁ প্ৰায় এক লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰাৰো দাবী তোলে ৷

ইফালে জাহাজৰ প্ৰতীক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দুলু আহমেদৰ যাত্ৰা জাহাজৰেই আৰম্ভণি হৈছিল আৰু জাহাজৰেই শেষ হ’ব ৷ "লুৰিণো জাহাজৰ মালিক, দুলু আহমেদো জাহাজৰ মালিক ৷ 2021 ৰ বিধানসভাৰ নিৰ্বাচনত লুৰিণজ্যোতিয়ে 14 শতাংশ ভোট লাভ কৰাৰ বিপৰীতে দুলু আহমেদে লাভ কৰিছিল 36 শতাংশ ভোট ৷ সেয়ে দুলু আহমেদ জাহাজৰ প্ৰকৃত মালিক" বুলি নিৰ্দলীয় প্ৰাৰ্থী আহমেদে দাবী কৰে ৷

সমান্তৰালকৈ অসম জাতীয় পৰিষদে বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নক সমৰ্থন কৰিব নে চি পি আই এম-ৰ মনোৰঞ্জন তালুকদাৰক সমৰ্থন কৰিব, সেই সম্পৰ্কে স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায় ৷

লগতে চাওক: সভাৰ মাজতে মঞ্চৰ পৰা বাগৰিল ফণীভূষণ চৌধুৰী

কংগ্ৰেছ দলে বৰপেটাৰ আসনখন বিজেপিক এৰি দিছে : শ্বেৰমান আলী আহমেদৰ অভিযোগ - Lok Sabha Election 2024

বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.