গুৱাহাটী, 3 মার্চ : কি হ'ব বিৰোধী ঐক্য মঞ্চৰ ৷ বিজেপিক প্ৰতিহত কৰাৰ একমাত্ৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায়বোৰ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ ব্যাপক তৎপৰতাৰে গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ ৷ বৰ্তমান বিৰোধী ঐক্য মঞ্চত 16 টা ৰাজনৈতিক দল আছে ৷ এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে যিকোনো মূহুৰ্ততে দিন ঘোষণা কৰিব পাৰে ৷ কিন্তু এনে সময়ত এতিয়াও বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই ৷ এক কথাত ক'বলৈ গ'লে এতিয়াও বিৰোধী ঐক্য মঞ্চৰ আসন বুজাবুজিৰ বিষয়টো স্পষ্ট হোৱা নাই ৷
বিৰোধী ঐক্য মঞ্চই 14 টা সমষ্টিতে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সহমতত উপনীত হৈছে যদিও স্পষ্ট হোৱা নাই কোন দলে কোনটো সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব ৷ শাসকীয় দলৰ বিপৰীতে বিৰোধী অধিক তৎপৰ হ'ব লাগিছিল যদিও বৰ্তমান সময়ত বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে ৷ বিৰোধীৰ দুৰ্বল স্থিতিৰ বিপৰীতে প্ৰার্থী তালিকা ঘোষণাৰে বিজেপিয়ে লোকসভা নিৰ্বাচনত যুদ্ধংদেহি মনোভাবেৰে জঁপিয়াই পৰিছে ৷ কোনো ধৰণৰ আক্ৰোশ নোহোৱাকৈ অতি সহজভাৱেই বিজেপিয়ে নিজৰ 11 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা শনিবাৰে ঘোষণা কৰে ৷ কিন্তু ইয়াৰ বিপৰীতে এতিয়াও আসনক লৈ অংক মিলাব পৰা নাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চই ৷
আজিও আসনৰ ভাগ-বাটোৱাৰাক লৈ ঐক্যমঞ্চৰ অংশীদাৰ দলকেইটা ঐকমত্যত উপনীত হ’ব নোৱৰাটো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে ৷ ইফালে লোকসভা নিৰ্বাচনৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ উঠিছে শাসকীয় দল বিজেপি ৷ কিন্তু এই সময়তে একপ্ৰকাৰ নিস্ক্ৰীয় ভূমিকা গ্ৰহণ কৰিছে বিৰোধী শিবিৰে ৷ 16 টা বিৰোধী দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি আহিছে যদিও আজিলৈ আসনৰ ভাগ-বাটোৱাৰা তেওঁলোকে সম্পন্ন কৰিব পৰা নাই ৷ ইয়াৰ বিপৰীতে আম আদমি পাৰ্টিয়ে নিজাববীয়াকৈ তিনিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ এই তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে দলটোৱে ৷ বিষয়টো চৰ্চিত হৈ অহাৰ সময়তে ঐক্য মঞ্চৰ অংশীদাৰ আন এটা দল চি পি আয়েও অকলেই প্ৰার্থী তালিকা ঘোষণা কৰিবলৈ প্ৰস্তুতি চলাইছে ৷
ইফালে চাৰিটা সমষ্টি ক্ৰমে ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একপ্ৰকাৰ আঁকোৰগোজ স্থিতিত আছে অসম তৃণমূল কংগ্ৰেছ ৷ দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ইতিমধ্যেই দলীয় স্থিতিৰ কথা স্পষ্ট কৰিছে ৷ এনে এক হতাশজনক পৰিস্থিতি বিৰাজ কৰাৰ সময়তে অতি লক্ষণীয়ভাৱে বিৰোধী ঐক্য মঞ্চক নেতৃত্ব প্ৰদান কৰা কংগ্ৰেছৰ নেতা-বিষয়ববীয়াসকলে নিস্ক্ৰীয় ভূমিকা গ্ৰহণ কৰিছে ৷ কংগ্ৰেছ নেতৃত্বই আসন বুজাবুজিৰ বিষয়টো আজিলৈ সমাধানৰ দিশলৈ নিব পৰা নাই ৷ মূলতঃ 'বিগ ব্ৰাদাৰ' কংগ্ৰেছৰ দুৰ্বল স্থিতিৰ বাবেই বিৰোধী ঐক্য মঞ্চত ঐক্যৰ অভাৱ ঘটিছে ৷
ইফালে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰু দলীয় নেতাৰ দল ত্যাগত জৰ্জৰিত কংগ্ৰেছৰ বিপৰ্যয়ৰ দিশটো স্পষ্ট ৰূপত ওলাই পৰিছে ৷ যাৰ বাবে কংগ্ৰেছৰ প্ৰতি আস্থা কমি আহিছে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ দল সমূহৰ ৷ ইতিমধ্যে মুকলিকৈ এই কথা সদৰী কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ নিজৰ দলটোকে চম্ভালিব নোৱাৰা কংগ্ৰেছ দলে ঐক্য মঞ্চক কিদৰে চম্ভালিব ৷ বৰ্তমান সময়ত এই প্ৰশ্নৰে অৱতাৰনা হৈছে ৷ বিৰোধী ঐক্য মঞ্চৰ এনে দুৰ্বল স্থিতিক লৈ ৰাজ্যৰ ৰাজনীতিত সৰৱ চৰ্চা অব্যাহত আছে ৷ ইফালে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰি আহিছে শাসকীয় দল বিজেপিৰ উপৰি বিৰোধী ঐক্য মঞ্চত চামিল নকৰা এ আই ইউ ডি এফ দলে ৷
লগতে পঢ়ক : বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে নিস্তব্ধ-নিতাল বিৰোধী : মন্ত্রী পীযুষ হাজৰিকা