গুৱাহাটী, ১৪ মার্চ: ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে ৰাজ্যখনতো কাৰ্যতঃ ব্যৰ্থ হ'ল বিৰোধী ঐক্যমঞ্চ । কংগ্ৰেছ দলে যোৱা ১২ মাৰ্চত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিতেই নিজাববীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত যোৱা ১৩ মাৰ্চত ক্ষুব্ধ হৈ চি পি আই (এম) দলে বৰপেটা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।
আম আদমি পাৰ্টীয়ে ইতিপূৰ্বে তিনিটা লোকসভা সমষ্টি ক্ৰমে তেজপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটীত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷ অৱশ্যে শুকুৰবাৰে লোৱা সিদ্ধান্ত অনুসৰি গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা নকৰে আম আদমি পাৰ্টীয়ে ৷
তৃণমূল কংগ্ৰেছ দলেও ঐক্য মঞ্চৰ পৰা ওলাই গৈ শিলচৰকে ধৰি মুঠ ৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে । একেদৰে চি পি আই দলেও ৰাজ্যৰ তিনিখন আসনত প্ৰার্থী থিয় কৰাব বুলি ঘোষণা কৰিছে । ফলত ৰাজ্যৰ বিভিন্ন সমষ্টিত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা নিশ্চিত হৈ পৰিছে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ উঠি-পৰি লাগিছে শাসকীয় বিজেপি ।
উল্লেখযোগ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক শ’লঠেকত পেলোৱাৰ লক্ষ্য লৈ ৰাজ্যখনত কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিজেপিবিৰোধী ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল একত্ৰিত হৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰিছিল । এই মঞ্চৰ মূল লক্ষ্য আছিল ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিৰ আটাইকেইটাতে একোজনকৈ সৰ্বসম্মত প্ৰার্থী থিয় কৰাই বিজেপিবিৰোধী ভোটৰ বিভাজন ৰোধ কৰি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক পৰাস্ত কৰা । ইয়াকে লৈ দলকেইটাৰ মাজত কেইবালানি আলোচনাও অনুষ্ঠিত হয় আৰু দলকেইটাৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত আছিল ।
ৰাইজৰ দলকে ধৰি আন কেইবাটাও দল আসনৰ দাবীদাৰ নাছিল যদিও অসম জাতীয় পৰিষদ, আপ, চি পি আই, চি পি আই (এম), তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত আসনৰ ভাগ-বাটোৱাৰাক লৈ আলোচনা চলি থকাৰ মাজতে আপে নিজাববীয়াকৈ অসমত তিনিখন আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিয়ে । উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত আপ আৰু কংগ্ৰেছ দলৰ মাজত আসন বুজাবুজি সম্ভৱ হৈছে যদিও পঞ্জাবত দল দুটাৰ মাজত এনে বুজাবুজি হোৱা নাই আৰু অৱশেষত অসমতো নহ'ল ।
ৰাজ্যত নতুনকৈ গঠন হোৱা তৃণমূল কংগ্ৰেছ দলৰ কোনো বিশেষ সাংগঠনিক ভিত্তি নাই যদিও বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ হৈ দলটোৱে ৪খন আসনৰ বাবে দৰ-দাম কৰিবলৈ লয় । ইয়াৰ বিপৰীতে দলটোৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত কংগ্ৰেছ দলক এখনো আসন নিদি ৪২খন আসনতেই নিজাববীয়াকৈ প্ৰার্থী তালিকা ঘোষণা কৰি ‘ইণ্ডিয়া' জোঁটৰপৰা একপ্ৰকাৰ আঁতৰি যোৱাৰ পাছত ৰাজ্যখনতো তৃণমূলৰ সৈতে কোনো বুজাবুজি নহ'ল ।
এতিয়া নিশ্চিতভাৱে তৃণমূল কংগ্ৰেছে ৰাজ্যত কমেও তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । চি পি আই (এম) দলে আজি অভিযোগ কৰা মতে, দলটোৱে তিনিখন আসন দাবী কৰিছিল যদিও বৰপেটা আসনক লৈ আলোচনা-বিলোচনা অব্যাহত থকাৰ মাজতে হঠাতে কংগ্ৰেছ দলে বৰপেটাকে ধৰি ১২টা সমষ্টিত দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷ ফলত ক্ষুব্ধ হৈ চি পি আই (এম) দলে বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ বিৰোধী ঐক্যমঞ্চ বুলি একমাত্ৰ ডিব্ৰুগড় আসনখনত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত বুজাবুজি হৈছে আৰু কংগ্ৰেছে এই আসনখনত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বক সমর্থন দিছে ৷ অৱশ্যে একাংশ কংগ্ৰেছীয়ে ইয়াৰ বিৰোধিতা কৰি আছে ।
তদুপৰি সমষ্টিটোত আপৰ এগৰাকী প্ৰার্থী প্ৰতিদ্বন্দ্বিতাত থকা হেতুকে তাত বিজেপি প্ৰার্থী সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ মাজত প্ৰত্যক্ষ যুঁজ হোৱাৰ সম্ভাৱনা কম । সমষ্টিটোত বিজেপিবিৰোধী ভোটৰ বিভাজন অৱশ্যম্ভাৱী হৈ পৰিছে । তেনেস্থলত ৰাজ্যখনৰ কোনো এটা সমষ্টিতেই বিৰোধী ঐক্যমঞ্চই একত্ৰিত হৈ শাসকীয় বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নোহোৱাত এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈছে বিজেপি শিবিৰ ।
কংগ্ৰেছৰ তালিকা প্ৰকাশৰ পাচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বিজেপি মিত্ৰজোঁটে ১৩খন আসন লাভ কৰিব বুলি দাবী কৰাটো তাৎপর্যপূর্ণ । উল্লেখ্য যে বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী দ্বীপ বায়ন আৰু চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত ভোট বিভাজন হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰী জয়ী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে ।
ইপিনে গুৱাহাটীতো কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু আপৰ প্ৰাৰ্থী ভৱেন চৌধুৰীৰ মাজত বিৰোধীৰ ভোট বিভাজন হৈ বি জে পিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি জয়ী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । এইদৰে অসমৰ আন আন লোকসভা সমষ্টিত বিৰোধীৰ মাজত ভোট বিভাজনে বিজেপিৰ পথ সুচল কৰি তুলিব । অৱশ্যে এইক্ষেত্ৰত অসমৰ ভোটাৰ ৰাইজেহে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব ।
লগতে পঢ়ক: দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী, সকলো ঠিকেই আছে নে অজাপৰ ভিতৰচ’ৰাত ?