ETV Bharat / politics

অগপই কিয় অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে ? - AGP Extended Executive Meeting

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 9:07 PM IST

AGP Meeting in Rangia: শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা অগপৰ ৷ ইয়াৰে অংশ ৰূপে ৰঙিয়াত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন ।

AGP Extended Executive Meeting in Rangia
অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

ৰঙিয়া, ১১ আগষ্ট: ৰঙিয়াৰ প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত দেওবাৰে অগপৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । কামৰূপ জিলাৰ অগপ ৰঙিয়া সমষ্টি সমিতিৰ তত্বাৱধায়ক তথা দলৰ সাধাৰণ সম্পাদক সুনীল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত মূলতঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয় । সভাখনত দলটোৰ সাধাৰণ সম্পাদক সুনীল ডেকাই কয়," যিহেতু পঞ্চায়ত নিৰ্বাচন সমাজৰ তৃণমূল পৰ্যায়ৰ সৈতে জড়িত, সেয়েহে দলৰ কৰ্মী সকলে এই সুযোগতে সৰ্বস্তৰৰ ৰাইজৰ মাজত দলটোক আগবঢ়াই নিবলৈ পূৰ্ণ প্ৰচেষ্টা কৰা উচিত ।"

অগপই কিয় অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে ?

দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দলে অকলে অৱতীৰ্ণ হোৱা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয়,"পঞ্চায়ত নিৰ্বাচন অকলে খেলাটো প্ৰয়োজনীয় । কাৰণ অগপ হৈছে এটা ৰাজনৈতিক দল । পঞ্চায়ত নিৰ্বাচন হৈছে তৃণমূল পৰ্যায়ৰ সৰ্বসাধাৰণ ৰাইজৰ লগত জড়িত নিৰ্বাচন । পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ ভেটি সুৰক্ষিত কৰাটো জৰুৰী । সেয়েহে আমি নিজৰ ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থ আৰু দলৰ আঞ্চলিক সমিতি পৰ্যায়ত দলটোৰ প্ৰতীক হাতীত ভোট দিবলৈ ৰাইজক আগ্ৰহী কৰিবলৈ এই নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাটো জৰুৰী ।'

ৰঙিয়াত অগপৰ ভেটি যথেষ্ট শক্তিশালী :

আনহাতে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা দলে টিকট বিচৰা সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নৰ কৌশলপূৰ্ণভাৱে উত্তৰ দি জ্যেষ্ঠ নেতা গৰাকীয়ে কয়," ৰঙিয়াত দলটোৰ ভেটি যথেষ্ট শক্তিশালী । ইতিপূৰ্বে ৰঙিয়াৰ পৰা দলটোৰ জ্যেষ্ঠ নেতা প্ৰয়াত থানেশ্বৰ বড়োৱে তিনিবাৰকৈ নিৰ্বাচনত বিজয়ী হোৱাৰ লগতে সমষ্টিটোত ৰাইজৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰি গৈছে । ইয়াৰ উপৰি বৰ্তমান সময়ত দলটোৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীৰ নেতৃত্বত কৰ্মীসকলে ৰাইজৰ সৈতে এক সু-সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে । সেয়েহে আগন্তুক নিৰ্বাচনৰ পূৰ্বে আন ৰাজনৈতিক দলৰ দৰে অগপয়ো নিজৰ ভেটি সুদৃঢ় কৰিবলৈ পূৰ্ণ চেষ্টা অব্যাহত ৰাখিব ।"

উক্ত সভাখনত অগপ ৰঙিয়া সমষ্টি সমিতিৰ তত্বাৱধায়ক তথা দলৰ সাধাৰণ সম্পাদক সুনীল ডেকাৰ লগতে দলৰ কেন্দ্ৰীয় সম্পাদক আৰু মুখপাত্ৰ অৰ্ণৱ ভৰালী , ৰঙিয়া সমষ্টি সমিতিৰ সভাপতি লীলাধৰ শালৈ, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য উমেশ কলিতা, সম্পাদক জন্মিৰাম শালৈ, বিত্তীয় সম্পাদক ঘণশ্য়াম কাকতি, অগপ কামৰূপ জিলা সমিতিৰ সম্পাদক শুভৰাম দাসৰ লগতে বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । সভাখনত ৰঙিয়া বিধানসভা সমষ্টিৰ ২৬খন আঞ্চলিক সমিতিৰ পাঁচজনকৈ বিষয়ববীয়া তথা কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:'২৬ লৈকে বিজেপিৰ সংগ নেৰে অগপই - Atul Bora Remarks On Alliance

অগপৰ উপ-নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা: বুথ সন্মিলনৰ লগতে দলীয় কৰ্মশালাৰ আয়োজন - AGP on By election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.