ETV Bharat / politics

ঢোলে-ডগৰে ধেমাজিত ৰাইজে আদৰিলে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক - Uday Shankar Hazarika in Dhemaji - UDAY SHANKAR HAZARIKA IN DHEMAJI

Uday Shankar Hazarika in Dhemaji : ধেমাজিত উষ্ম আদৰণি লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক ৷ টিকট বঞ্চিত কংগ্ৰেছী নেত্ৰী ৰাণী নৰহ সন্দৰ্ভতো আগঢ়ালে মন্তব্য ৷

Uday Shankar Hazarika in Dhemaji
ঢোলে-ডগৰে ধেমাজিত ৰাইজে আদৰিলে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 7:00 AM IST

ঢোলে-ডগৰে ধেমাজিত ৰাইজে আদৰিলে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক

ধেমাজি, 25 মাৰ্চ : লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক ধেমাজিত উষ্ম আদৰণি জনায় ধেমাজি জিলা কংগ্ৰেছে ৷ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক বিদায়ী সাংসদ বুলি সমালোচনা কৰি নিৱনুৱা সমস্যা, নদীবান্ধ আদি বিষয়সমূহক লৈ ৰাইজৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ।

সমান্তৰালভাৱে, ভোটাৰ ৰাইজে নিজৰ বিবেকৰ মতে ভোটদান কৰিব বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ৷ লক্ষণীয় বিষয় যে, বহু উৎকণ্ঠাৰ অন্তত লক্ষীমপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছে উদয় শংকৰ হাজৰিকাই ।

লখিমপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰাণী নৰহ আৰু ন -কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰ ভিতৰত কোনে টিকট পাব সেই সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছিল ৷ লখিমপুৰ লোকসভা সমষ্টিৰ টিকট পোৱাৰ বাবে ৰাণী নৰহ দীৰ্ঘদিন ধৰি দিল্লীত হাইকমাণ্ডৰে যোগাযোগত আছিল ।

আনকি নতুন দিল্লীত একেবাৰে শেষলৈকে নিজৰ প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল ৰাণী নৰহে । ৰাণী নৰহে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি নিজৰ প্ৰাৰ্থিত্বৰ বাবে শেষ চেষ্টা চলাইছিল । কিন্তু অৱশেষত কংগ্ৰেছ নেতৃত্বই লখিমপুৰ সমষ্টিত ৰাণী নৰহৰ পৰিৱৰ্তে উদয় শংকৰ হাজৰিকাক টিকট দিয়ে ।

লক্ষণীয় বিষয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ দিন চমু চাপি অহাৰ পিছতো দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত বিলম্ব কৰিছিল কংগ্ৰেছে ৷ অৱশেষত লখিমপুৰ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিচত দেওবাৰৰ সন্ধিয়া ধেমাজিৰ কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত ঢোলে-ডগৰে, গায়নে-বায়নে উষ্ম আদৰণি জনোৱা হয় উদয় শংকৰ হাজৰিকাক ।

  • " class="align-text-top noRightClick twitterSection" data="">

টিকট বঞ্চিত কংগ্ৰেছী নেত্ৰী ৰাণী নৰহৰ সৈতে উদয় শংকৰ হাজৰিকাৰ ককাই-ভনীৰ দৰে সম্পৰ্ক বুলি সংবাদ মাধ্যমৰ আগত কয় হাজৰিকাই ৷

লগতে পঢ়ক : টিকটৰ পৰা বঞ্চিত পত্নী : প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ - Bharat Narah resigns

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.