ETV Bharat / politics

বন্দিত্বৰ পৰা ওলাবই নোৱাৰিলে কেজৰিৱাল : পুনৰ ৩ দিনৰ বাবে চি বি আই জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal arrested by CBI

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:15 PM IST

Updated : Jun 26, 2024, 7:32 PM IST

Arvind Kejriwal arrested by CBI: বিপদে লগ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ ২১ মাৰ্চত আবকাৰী নীতি গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত এইবাৰ চি বি আইৰ জালত পৰিল কেজৰিৱাল । সুৰা কেলেংকাৰীৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে বুধবাৰে গ্ৰেপ্তাৰ কৰে কেজৰিৱালক ৷

Arvind Kejriwal arrested by CBI
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, ২৬ জুন: দিল্লী আবকাৰী নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বুধবাৰে চি বি আয়ে গ্ৰেপ্তাৰ কৰে । তদন্তকাৰী সংস্থাই বুধবাৰে তেওঁক ৰাউজ এভিনিউ আদালতত (বিচাৰ আদালত) হাজিৰ কৰিছিল আৰু আদালতৰ অনুমতি সাপেক্ষে চিবিআয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । আদালতে কেজৰিৱালক তিনিদিনৰ বাবে ৰিমাণ্ডত প্ৰেৰণ কৰে । ২৯ জুনৰ সন্ধিয়া ৭ বজাৰ পূৰ্বে তেওঁক পুনৰ আদালতত হাজিৰ কৰিব লাগিব । অৱশ্যে চি বি আইয়ে কেজৰিৱালক ৫ দিনৰ জিম্মাত বিচাৰিছিল ।

শুনানিৰ সময়ত কেজৰিৱালে আদালতত কয়, "মই আৰু মনীষ ছিছ’দিয়া দুয়োজনেই নিৰ্দোষী । আমি কেতিয়াও দোষ মনীষৰ ওপৰত জাপি দিয়া নাই ।" এই কেলেংকাৰীৰ সমগ্ৰ দোষ কেজৰিৱালে মনীষ ছিছ’দিয়াৰ ওপৰত জাপি দিছে বুলি চিবিআইয়ে আদালতত কোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বক্তব্য প্ৰদান কৰে । ইয়াৰ পূৰ্বে আদালতৰ কক্ষতে শুনানিৰ সময়ত কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । তেওঁৰ ব্লাড ছুগাৰৰ মাত্ৰা হ্ৰাস পায় । তেওঁক লগে লগে আন এটা কোঠালৈ লৈ যোৱা হয় ।

উল্লেখ্য যে, আবকাৰী নীতি গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে ২১ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি তিহাৰ জেললৈ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পাচতেই মঙলবাৰৰ নিশা চিবিআয়ে তিহাৰ জেলত উপস্থিত হৈ তেওঁক জেৰা চলায় আৰু আবকাৰী নীতি কেলেংকাৰী গোচৰত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰে ।

লগতে পঢ়ক: সুৰা নীতি কেলেংকাৰীৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা চিবিআইৰ - DELHI LIQUOR SCAM CASE

জেলৰ পৰা ওলাই আহিব নোৱাৰিব কেজৰিৱাল :

ইয়াৰ পূৰ্বেও আবকাৰী নীতি গোচৰত চিবিআয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছিল । ধন সৰবৰাহৰ গোচৰত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিলেও এতিয়া কেজৰিৱাল জেলৰ পৰা ওলাই আহিব নোৱাৰিব ।

দিল্লী সুৰা নীতি সন্দৰ্ভত সংঘটিত হোৱা কথিত অনিয়ম সন্দৰ্ভত ২০২২ চনৰ আগষ্ট মাহত চিবিআই আৰু ইডিয়ে গোচৰ ৰুজু কৰিছিল । ইডিয়ে সুৰা নীতিৰ গোচৰত ২১ মাৰ্চত কেজৰিৱালক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । এক এপ্ৰিলত তেওঁক তিহাৰলৈ প্ৰেৰণ কৰা হয় ।

উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে ১০ মে’ত কেজৰিৱালক ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল আৰু জেলৰ পৰা ওলাই আহিছিল কেজৰিৱাল । ১ জুনলৈকে প্ৰচাৰ চলোৱাৰ পাচত ২ জুনৰ সন্ধিয়া তেওঁ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰে । ৩ জুলাইলৈকে তেওঁ ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক: কাৰাবন্দী হৈয়েই থাকিব কেজৰিৱাল : জামিন আদেশত স্থগিতাদেশ - ARVIND KEJRIWAL

এই অভিযোগ কেজৰিৱালৰ বিৰুদ্ধে :

ইডি আৰু চি বি আইৰ অভিযোগ অনুসৰি, কেজৰিৱাল আৰু আম আদমি পাৰ্টীয়ে দিল্লী আবকাৰী নীতি সন্দৰ্ভত চাউথ গ্ৰুপৰ সদস্যৰ পৰা ১০০ কোটি টকাৰ উৎকোচ লয় । ২০২২ চনত গোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আম আদমি পাৰ্টীয়ে কেলেংকাৰীৰ ধনৰ এটা অংশ ব্যৱহাৰ কৰিছিল । এইদৰে আম আদমি পাৰ্টীয়ে কেজৰিৱালৰ জৰিয়তে ধন সৰবৰাহৰ অপৰাধ সংঘটিত কৰে ।

চাউথ গ্ৰুপৰ সদস্যসকল কোন ?

চাউথ গ্ৰুপত অৰবিন্দ ফাৰ্মাৰ প্ৰমোটাৰ শৰৎ ৰেড্ডী, ৱাই এছ আৰ চি পি লোকসভাৰ সাংসদ এম শ্ৰীনিবাসুলু ৰেড্ডী, তেওঁৰ পুত্ৰ ৰাঘৱ মগুন্তা আৰু কবিতা আছিল । এই গোটটোক প্ৰতিনিধিত্ব কৰিছিল অৰুণ পিল্লাই, অভিষেক বয়নপল্লী আৰু বুচিবাবুৱে । সুৰা কেলেংকাৰী গোচৰত ইতিমধ্যে তিনিওজনকে গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: জেলতেই থাকিব নে মুক্তি পাব ? কেজৰিৱালৰ জামিনক লৈ মঙলবাৰে উচ্চ ন্যায়ালয়ে দিব ৰায় - ARVIND KEJRIWAL

Last Updated : Jun 26, 2024, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.