ETV Bharat / politics

বিধানসভাত নীতিশৰ ভাগ্য পৰীক্ষা, অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ - Awadh Bihari Choudhary

Bihar Floor Test: বিধানসভাত আজি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ শক্তি পৰীক্ষা । চৰকাৰ ৰক্ষা কৰিবলৈ নীতিশ কুমাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব । অৱশ্যে তাৰ পূৰ্বে অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত লোৱা হ'ব ।

Bihar Floor Test
বিধানসভাত নীতিশৰ ভাগ্য পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 11:44 AM IST

নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী: আজিৰে পৰা আৰম্ভ হ'ব বিহাৰ বিধানসভাৰ বাজেট অধিবেশন । অধিবেশনৰ প্ৰথম দিনাই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভাগ্য নিৰ্ণয় হ'ব । চৰকাৰ বচাবলৈ নীতিশ কুমাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব । যাৰ বাবে বিহাৰৰ ৰাজনীতিত ব্যাপক কৌতূহলে বিৰাজ কৰিছে । কেৱল এয়াই নহয় বিধানসভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যতো আজি নিৰ্ণয় কৰা হ'ব । এনে পৰিস্থিতিত শাসক তথা বিৰোধী সকলো দলে তেওঁলোকৰ বিধায়কসকলৰ প্ৰতি সতৰ্ক হৈ আছে । মহাজোঁটৰ বিধায়কসকলক যোৱা দুদিন ধৰি তেজস্বী যাদৱৰ চৰকাৰী বাসভৱনতে ৰখা হৈছে ।

একে সময়তে, বুদ্ধগয়াত দুদিনীয়া কৰ্মশালাত অংশ গ্ৰহণ কৰি বিজেপি বিধায়কসকল নিশা পাটনালৈ উভতি আহিছে । জেডিইউৰ বিধায়কসকলকো এখন ব্যক্তিগত হোটেলত ৰখা হৈছে । আনহাতে, কংগ্ৰেছৰ বিধায়কসকলেও হায়দৰাবাদৰ পৰা পাটনালৈ উভতি আহিছে আৰু তেজস্বী যাদৱৰ চৰকাৰী বাংলোত আছে । সকলো বিৰোধী বিধায়কে তাৰ পৰা পোনে পোনে বিধানসভাত উপস্থিত হ'ব ।

বিহাৰ বিধানসভাৰ কাৰ্যক্ৰম পুৱা ১১ বজাত আৰম্ভ হ'ব । বিধানসভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীয়ে সমবেত বিধায়কসকলক সম্বোধন কৰিব । তাৰ পিচত কিছু সময়ৰ বাবে কাৰ্যক্ৰম বন্ধ কৰা হ'ব । তাৰ পিচত বিধানসভা আৰু বিধান পৰিষদৰ সদস্যসকল কেন্দ্ৰীয় হলত উপস্থিত থাকিব । য'ত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰে পুৱা ১১:৩০ বজাত বিধানসভাৰ সম্প্ৰসাৰিত ভৱনৰ কেন্দ্ৰীয় হলত বিধান সভাৰ সদস্য আৰু বিধান পৰিষদৰ সদস্যসকলক সম্বোধন কৰিব ।

ৰাজ্যপালৰ ভাষণৰ অন্তত দুয়োখন সদনৰ সদস্যসকলে তেওঁলোকৰ নিজ নিজ সদনলৈ উভতিব । ইয়াৰ পিচত বিধানসভাত অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ হ'ব । বিধানসভা সচিবৰ দ্বাৰা অনাস্থা প্ৰস্তাৱৰ বিষয়ে সদনক অৱগত কৰা হ'ব । ৩৮ গৰাকী বিধায়কে ইয়াৰ সমৰ্থনত থিয় দিব আৰু অনুমোদন লাভ কৰিব ।

তাৰ পিচত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে বিধানসভাৰ অধ্যক্ষৰ আসনত বহিব আৰু বিধানসভাৰ অধ্যক্ষৰ অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ কৰা হ'ব । যদি অনাস্থা প্ৰস্তাৱ গৃহীত হয়, তেন্তে নতুন অধ্যক্ষ নিৰ্বাচিত হ'ব । ইয়াৰ পিচত, মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হৈ তেওঁৰ চৰকাৰৰ বাবে আস্থা ভোট উত্থাপন কৰা হ'ব । আজিয়ে সদনত অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন উত্থাপন কৰা হ'ব । ইয়াৰ পিচত শোক প্ৰস্তাৱ হ'ব আৰু তাৰ পিচত সদনৰ কাৰ্যক্ৰম ১৩ ফেব্ৰুৱাৰীলৈ স্থগিত ৰখা হ'ব ।

লগতে পঢ়ক :সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’বনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন NDA য়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.