ETV Bharat / politics

বিৰোধী ঐক্য এক নহ'লে পাঁচ সমষ্টিত বিৰোধীৰ জয় হোৱাটো সহজ নহ'ব: মনোৰঞ্জন তালুকদাৰ - By election in Assam

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি আঁউল লাগিছে বিৰোধী ঐক্য মঞ্চত । অখিল গগৈৰ পিচতে এইবাৰ মুখ খুলিছে চি পি আই এমৰ নেতা তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । বিৰোধী ঐক্য এক নহ'লে পাঁচ সমষ্টিত বিৰোধীৰ জয় হোৱাটো সহজ নহ'ব বুলি দাবী কৰে বিধায়ক তালুকদাৰে ।

Monuranjan Talukdar appeals to the opposition unity Assam to remain united till the 2026 elections
মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:44 AM IST

বৰপেটাৰোড, ২১ জুলাই: ৰাজ্যৰ পাঁচ সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰাৰ্থী দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । উপ-নিৰ্বাচনত বিৰোধী ঐক্য এক নহ'লে পাঁচ সমষ্টিত বিৰোধীৰ জয় হোৱাটো সহজ নহ'ব বুলি দাবী কৰে বিধায়ক তালুকদাৰে । বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ বিৰোধী দল একত্ৰিত হোৱাটো অতি দৰকাৰী হৈ পৰিছে বুলি উল্লেখ কৰি ঐক্যৰ স্বাৰ্থত চি পি আই এম দলে এতিয়ালৈকে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কংগ্ৰেছে যদি এককভাৱে নিৰ্বাচন খেলিব বিচাৰে তেতিয়াহ’লে নিশ্চিতভাৱে চি পি আই এমেও বিকল্প চিন্তা কৰিব বুলি দৃঢ়তাৰে কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ চি পি আই এমৰ তৃণমূল কৰ্মীয়ে বঙাইগাঁৱৰ পৰা উপ-নিৰ্বাচন খেলাৰ বাবে দলৰ শীৰ্ষ নেতৃত্বক হেঁচা প্ৰয়োগ কৰিছে বুলিও উল্লেখ কৰে চি পি আই এমৰ নেতাগৰাকীয়ে ।

বিধায়ক তালুকদাৰে লগতে কয়, "বিৰোধী ঐক্য এক হোৱাটো বিচৰা নাই কংগ্ৰেছ দলে । কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলাৰ কথা চিন্তা কৰিছে । কংগ্ৰেছে বিৰোধী ঐক্যক উপেক্ষা কৰিছে ৷ এইদৰে থাকিলে ২৬ চনতো BJP ক পৰাস্ত কৰা সম্ভৱ নহ'ব । কংগ্ৰেছে বিৰোধীৰ সমৰ্থন বিচৰা নাই । কংগ্ৰেছে নিজকে এক শক্তিশালী দল বুলি ভাবিছে কংগ্ৰেছে ৷" উপ-নিৰ্বাচনত যদি বিৰোধী সকলো দলে নিজা নিজা কৈ প্ৰাৰ্থী দিয়ে তেনেহ'লে বিজেপি লাভৱান হোৱাটো নিশ্চিত বুলিও কয় সৰভোগৰ বিধায়কগৰাকীয়ে ।

লগতে তেওঁ কয় যে চি পি আই এমৰ মূল এজেণ্ডা বিজেপিক পৰাস্ত কৰা । সেয়ে বিৰোধী দল একত্ৰিত হোৱাটো অতি দৰকাৰী হৈ পৰিছে বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ । কিন্তু কংগ্ৰেছে নিবিচাৰিলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ৫/১০ হেজাৰ ভোট পালেও চি পি আই এমে নিজাববীয়াকৈ নিৰ্বাচন খেলিবই লাগিব বুলি কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

লগতে পঢ়ক: ভূপেন বৰাই বন্ধুসকলক কেয়াৰ নকৰে: অখিল গগৈ - Opposition unity Assam

কংগ্ৰেছে অকলেই অৱতীৰ্ণ হ’ব উপ-নিৰ্বাচনত: প্ৰদ্যুৎ বৰদলৈ - MP Pradyut Bordoloi slams Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.