ETV Bharat / politics

গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 6:15 PM IST

গৌৰৱময় হৈ পৰিছে যোৰহাট । গৌৰৱ গগৈৰ নিশ্চিত জয়ৰ পাচতে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল । যোৰহাট-শিৱসাগৰত আনন্দৰ ঢল বোৱা পৰিলক্ষিত হৈছে । গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিছে লোকসভা সমষ্টিটোৰ চৌদিশ ।

Congress workers celebrate victory of Gaurav Gogoi
গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী (ETV Bharat Assam)

টীয়ক/শিৱসাগৰ,৪ জুন: উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে যোৰহাট লোকসভা লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তত । গৌৰৱ গগৈ জয়ী হোৱাৰ পাচতে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল । নাচি-বাগি আনন্দ-উল্লাস কৰা দেখা গৈছে যোৰহাটবাসীয়ে । যোৰহাটত যোৰহাট লোকসভাৰ মুঠ ১৬৫৯৬ প'ষ্টেল ভোটৰ লগতে যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিৰ ভোট গণনা কৰা হয় ।

যোৰহাট বিধানসভা সমষ্টিৰ ১৩ টা আৰু টীয়ক বিধানসভা সমষ্টিৰ ১৪ টা ৰাউণ্ডত গণনা সমাপন হৈছে । উল্লেখযোগ্য যে যোৰহাট লোকসভাত মুঠ ভোটাৰ আছিল ১৭,১৮,২৭৩ জন আৰু ভোটৰ হাৰ ৭৯.৯৮% । ইপিনে কটকটীয়া নিৰাপত্তাৰ মাজেৰে যোৰহাট জিলা প্ৰশাসনে ভোট গণনা আৰম্ভ কৰে আৰু কেউটা ৰাজনৈতিক দলৰ কৰ্মী-সমৰ্থকসকলৰ মাজত উৎকন্ঠা পৰিলক্ষিত হৈছিল পুৱাৰে পৰা ।

লগতে পঢ়ক: উখল-মাখল বিজেপি কাৰ্যালয়: এফালে নাম-প্ৰসংগ, আনফালে ভোজৰ প্ৰস্তুতি - Lok Sabha Election Results 2024

বিশেষকৈ কংগ্ৰেছী যুৱ নেতা গৌৰৱ গগৈয়ে শেহতীয়াকৈ প্ৰায় ১,২৫,০০০টা ভোটত অগ্ৰগতি লাভ কৰাৰ পাচৰে পৰা কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকলে বিহু মাৰি, ঝুমুৰ নাচি গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা হোৱা নাই যদিও গৌৰৱ গগৈৰ বিজয় নিশ্চিত হৈ পৰাৰ পাচতে ব্যাপক আনন্দ-উল্লাস কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ মন্ত্ৰী-বিধায়কে চলোৱা প্ৰচাৰ আৰু বিভিন্ন আঁচনিৰ প্ৰলোভনত ৰাইজ ভোল নগৈ প্ৰকৃত প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে । যোৰহাটৰ উপৰিও শিৱসাগৰৰ কংগ্ৰেছ কৰ্মীসকলো উৎফুল্লিত হৈ আনন্দ-উল্লাস কৰা দেখা গৈছে । ৰাজপথলৈ ওলাই আহি বিহু মাৰি, নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে কংগ্ৰেছ কৰ্মীসকল ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.