ETV Bharat / politics

মুখ্যমন্ত্ৰীক জিৰণি লোৱাৰ পৰামৰ্শ মীৰা বৰঠাকুৰৰ - Artificial flood in Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 8:35 PM IST

Congress on Himanta Biswa Sarma : এসময়ৰ শুভাকাংক্ষী মীৰা বৰঠাকুৰে ড৹ হিমন্ত বিশ্ব শৰ্মাক জিৰণিৰ পৰামৰ্শ আগবঢ়াইছে ৷ ইফালে ভূপেন বৰাৰ মতে মূল বিষয়ৰ পৰা ফালৰি কাটিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই USTMৰ কথা কৈ আছে ৷

Congress on Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)

গুৱাহাটী, ১০ আগষ্ট : ইউ এছ টি এমৰ মালিকে ‘ফ্লাড জেহাদ’ আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷

ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘ নিজৰ ব্যক্তিগত অনুষ্ঠান থকাৰ পিছত আনৰ ব্যক্তিগত অনুষ্ঠানক আক্ৰমণ কৰাটো শোভা নাপায় ৷ ইউ এছ টি এমে অসমবিৰোধী, উত্তৰ-পূৰ্বাঞ্চলবিৰোধী কাম কৰা মই শুনা নাই ৷ মূল বিষয়ৰ পৰা ফালৰি কাটিবলৈ মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলমান কৰাটো নিত্য-নৈমত্যিক কাৰ্য হৈছে ৷ ভিজন ডকুমেন্ট বাস্তৱায়িত কৰাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে । বান-গৰাখহনীয়া সমস্যাক লৈ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি কেন্দ্ৰক হেঁচা দিয়ক । ১০০ দিনত গুৱাহাটীৰ বান নাইকীয়া কৰিম বুলি কৈছিল তেওঁ ৷ ১০ বছৰ পিছতহে গম পালে সমস্যাৰ কথা ৷ সমাধান কৰাৰ কথাহে আছিল ৷ সমস্যা আগতেও আছিল, সমাধান কোনে কৰিব ?’’

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰে কয়, ‘‘ মুখ্যমন্ত্ৰীক ৰেষ্টৰ প্ৰয়োজন হৈছে । ইউ এছ টি এমৰ মালিকৰ লগত অংক নিমিলাৰ বাবে আক্ৰমণ কৰিছে ৷ আশে-পাশে তেওঁ বিচৰা মাটি চাগৈ তেওঁ পোৱা নাই ৷ তেওঁৰ পত্নীয়ে বিচৰা মাটি চাগৈ পোৱা নাই ৷ তেনেকুৱা ব্যক্তিগত কথা থাকিব পাৰে ৷ মুখ্যমন্ত্ৰীয়ে গছত গৰু উঠা কথা কৈছে ৷ এসমৰ শুভাকাংক্ষী হিচাবে কৈছো, তেখেতক ৰেষ্টৰ প্ৰয়োজন হৈছে ৷’’

উল্লেখ্য যে গুৱাহাটীৰ কৃত্ৰিম বানৰ অন্যতম কাৰণ সন্দৰ্ভত ইউ এছ টি এমক দোষাৰোপ কৰি মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে কৈছিল, ‘‘ ইউ এছ টি এমৰ মালিকে নিৰ্দয়ভাৱে পাহাৰ কাটি শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে । গছ-গছনি ৰক্ষা কৰিও নিৰ্মাণকাৰ্য কৰিব পাৰি যদিও ইউ এছ টি এমৰ মালিকে তাকে নকৰি পাহাৰ কাটি শেষ কৰি দিছে । বুলড’জাৰ চলাই পাহাৰ শেষ কৰি দিয়া হৈছে । পাহাৰসমূহ ধ্বংস কৰাৰ বাবেই গুৱাহাটীত বৰষুণ নহ’লেও যোৰাবাটৰ পৰা খানাপাৰালৈকে ভয়াৱহ কৃত্ৰিম বান হয় ৷’’

লগতে পঢ়ক : গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে পাহাৰ কাটি গঢ়ি তোলা মেঘালয়ৰ প্ৰতিষ্ঠানকে দোষাৰোপ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত কোনে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে ? ক'লে মুখ্যমন্ত্রীয়ে

যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.