ETV Bharat / politics

ভাৰতৰ সংবিধান ৰঙা নে নীলা ? বিতৰ্কত হিমন্ত বিশ্ব শৰ্মা - Indian Constitution Controversy

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 12:44 PM IST

Updated : May 21, 2024, 3:01 PM IST

Himanta Biswa Sarma on Rahul Gandhi : সদায়ে সংবাদ শীৰ্ষত থাকি ভালপোৱা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বিতৰ্ক ৷ এইবাৰৰ প্ৰসংগ হৈছে ভাৰতীয় সংবিধান ৷ পিছে এই বিষয়ত মুখ্যমন্ত্ৰী শৰ্মাক উভতি ধৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা পৱন খেড়াই ৷ দুয়োগৰাকী ৰাজনীতিকৰ বিতৰ্কত আমোদ লাভ কৰিছে সাধাৰণ জনতাই ৷ চাওক সবিশেষ...

INDIAN CONSTITUTION CONTROVERSY
সংবিধানৰ ৰং বিতৰ্ক (Source : Etv Bharat Assam)

গুৱাহাটী, 21 মে’ : লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ভাৰতীয় সংবিধানক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাঙুৰি মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা পৱন খেড়াই ৷ লগতে হিমন্ত বিশ্ব শৰ্মালৈও প্ৰেৰণ কৰিছে ভাৰতীয় সংবিধানৰ ৰঙা পকেটবুক সংস্কৰণৰ এটা কপি ৷ সামাজিক মাধ্যম X-ত এই কথা সদৰী কৰিছিল পৱন খেড়াই ৷

পিছে পৱন খেড়াক ধন্যবাদ জনাই প্ৰত্যুত্তৰ দি কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি কয় যে কংগ্ৰেছে সংবিধানৰ প্ৰকৃত সংস্কৰণটোৰ কথা পাহৰি পেলাইছে, তাতকৈ ৰঙা পকেট বুক সংস্কৰণৰ প্ৰতিহে মোহ বেছি কংগ্ৰেছৰ ৷ কেৱল সেয়ে নহয়, পৱন খেড়াৰ পৰা তেওঁ বিচাৰিলে সংবিধানৰ মৌলিক কপি ৷

উল্লেখ্য যে, সামাজিক মাধ্যম এক্সত ১৭ মে’ত অসমৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ সংবিধানক লৈ ৰাহুল গান্ধীক সাঙুৰি এক মন্তব্য কৰিছিল ৷ এক্সতো হিমন্ত বিশ্ব শৰ্মাই লিখিছিল এনেদৰে - “ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপিৰ আৱৰণ নীলা ৷ চীনৰ মূল সংবিধানৰ আৱৰণ ৰঙা ৷ ৰাহুলে চীনৰ সংবিধান কঢ়িয়াই লৈ ফুৰে নেকি? আমি পৰীক্ষা কৰিব লাগিব” ৷

তাৰ পৰৱৰ্তী সময়ত একেদিনাই X ত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছিল- “ৰাহুলে তেওঁৰ সভাত উপস্থিত থকা ৰাইজৰ আগত চীনৰ ৰঙা সংবিধান প্ৰদৰ্শন কৰিছে ৷ নীলা ৰঙৰ আমাৰ সংবিধানত, The Directive Principles of State Policy নামৰ এটা অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে ৷ যিয়ে আমাৰ দেশত এক সম নাগৰিক সংহিতা প্ৰণয়ন কৰাটো পবিত্ৰ কৰ্তব্য কৰি তুলিছে; এতিয়া ইয়াৰ বিৰোধিতা কৰিছে ৰাহুলে ৷ সেইবাবেই মই নিশ্চিত যে, তেওঁৰ হাতত থকা সংবিধানখন নিশ্চয় চীনা সংবিধান” ৷

ৰাহুল গান্ধীয়ে হাতত চীনৰ সংবিধান লৈ ফুৰে বুলি বুজাব খোজা হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই সূচনা কৰিছে নতুন বিতৰ্কৰ ৷ অসমৰ মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা পৱন খেড়াই মুখ্যমন্ত্ৰী শৰ্মালৈ প্ৰেৰণ কৰিছে ভাৰতীয় সংবিধানৰ পকেট বুক সংস্কৰণৰ কপি ৷

তদুপৰি সামাজিক মাধ্যমত খেড়াই মন্তব্য কৰিছে যে, “ভাৰতৰ সংবিধান সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপমানজনক মন্তব্য শুনি আজি তেখেতলৈ ভাৰতীয় সংবিধানৰ পকেটবুক সংস্কৰণৰ কপি এটা প্ৰেৰণ কৰিলো ৷ লগতে আশা কৰিলো যে, তেওঁ পঢ়িব আৰু সদায় হেণ্ডবেগত ৰাখিব”৷

তাৰপাছতেই মঙলবাৰে পুৱতি নিশা পৱন খেড়াক ধন্যবাদ জনাই এক্সত প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সমান্তৰালকৈ বিজেপি মুখ্যমন্ত্ৰীজনে লিখিছে এনেদৰে “শান্তি নিকেতনৰ নন্দলাল বসু আৰু তেওঁৰ দলে সৃষ্টি কৰা শিল্পকৰ্ম, আমাৰ চহকী ঐতিহ্য আৰু সাংস্কৃতিক উত্তৰাধিকাৰক চিত্ৰিত কৰা ভাৰতীয় সংবিধানৰ মৌলিক প্ৰতিলিপি মোলৈ প্ৰেৰণ কৰিব পাৰিবনে ? মই শুনিছো যে কংগ্ৰেছে সংবিধানৰ মূল সংস্কৰণটো ইতিমধ্যে পাহৰি পেলাইছে আৰু ৰঙা পকেটবুক সংস্কৰণটোৰ প্ৰতিহে হৈছে অধিক আগ্ৰহী” ৷

দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ নোহোৱালৈকে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ ৰাজনৈতিক কাৰ্যক্ৰমণিকা অব্যাহত থকাৰ আশাকে প্ৰকাশ কৰা হৈছে বুলি জনসাধাৰণৰ মাজত চৰ্চা চলিছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কংগ্ৰেছ নেতা পৱন খেৰাৰ; কিন্তু কিয় ? - Congress On Himanta Sarma

Last Updated : May 21, 2024, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.