ETV Bharat / politics

নগাঁৱত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ : প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

Pradyut Bordoloi : আজিয়েই অন্ত পৰিব সকলো উৎকণ্ঠা। নগাঁৱৰ পৰা সাংসদ হিচাপে কোন যাব দিল্লীলৈ ? চলি আছে ভোটগণনা। আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ৷

ASSAM LOK SABHA ELECTION RESULTS
আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:44 PM IST

নগাঁও, 4 জুন : সকলো উৎকণ্ঠাৰ অন্তত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ অসমৰ অন্যতম চৰ্চিত তথা গুৰুত্বপূৰ্ণ সমষ্টি নগাঁৱৰ পৰা এইবাৰ সাংসদ হিচাপে কোন নিৰ্বাচিত হ'ব তাক লৈয়ো চলি আছে জল্পনা-কল্পনা ৷ কিন্তু আজি কিছু সময় পিচতেই অন্ত পৰিব সকলো জল্পনা-কল্পনাৰ ৷

নগাঁৱৰ পৰা সাংসদ হিচাপে কোন যাব দিল্লীলৈ (ETV BHARAT ASSAM)

মঙলবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে নগাঁও লোকসভা সমষ্টিৰ ভোটগণনা ৷ নগাঁও লোকসভা সমষ্টিৰ পৰা মুঠ 13 গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও মূল যুঁজখন কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত হ'ব বুলি সকলোৱে ধাৰণা কৰিছিল ৷ কিন্তু অৱশেষত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মাজত মূল যুঁজখন হোৱা পৰিলক্ষিত হৈছে ৷

প্ৰথমাৱস্থাতেই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বহু ভোটৰ ব্যৱধানত আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে ৷ শেহতীয়া তথ্য অনুসৰি 56,331 টা ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ অৱশ্যে কিছু সময় সময় পাচতেই স্পষ্ট হ'ব নগাঁৱৰ সাংসদ হিচাবে এইবাৰ কোন নিৰ্বাচিত হ’ব ৷ ইফালে মঙলবাৰে ভোটগণনাৰ বাবে নগাঁৱত মুঠ তিনিটা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও নগাঁও লোকসভা সমষ্টিৰ ভোট গণনাৰ বাবে দুটা ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ নগাঁও ডছন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে জিলা প্ৰশাসনে ৷

উল্লেখ্য যে, 8 বজাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ 50 খন নিৰ্বাচনী জিলাৰ 52 টা কেন্দ্ৰৰ 152 টা হলৰ 1941 খন টেবুলত হৈছে ভোটগণনা ।

লগতে পঢ়ক : ক্ৰমাৎ আকৰ্ষণীয় অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট : ধুবুৰীত পিছ পৰিছে বদৰুদ্দিন আজমল, যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.