ETV Bharat / politics

এজন সফল সাংসদৰ কাম প্ৰধানমন্ত্রীক গালি পৰা নহয় : গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্রীৰ - Asam Cm on MP gaurav gogoi

Himanta Biswa Sarma: বিজেপিৰ উন্নয়নৰ ধুমুহাত বিৰোধীৰ মিত্ৰতা তিষ্ঠি থাকিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ কৰিমগঞ্জ আৰু নগাঁৱত কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীয়ে বিজেপিক প্ৰতিদ্বন্দ্বিতালৈ আনিলে । ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত সীমাবদ্ধ হৈ থাকিব । মিঞাক উচ্ছেদ কৰাক লৈ চিঠি লিখা মানুহক যোৰহাটৰ লোকে ভাল পাব জানো ? ১১খন আসনত নিশ্চিত যদিও বাকী দুখন আসনো বিজেপিৰ বাবে মুকলি কৰি দিলে কংগ্ৰেছে ।

Himanta Biswa Sarma on Lok Sabha Election
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 9:26 PM IST

বিৰোধী ঐক্যমঞ্চৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ১৩ মাৰ্চ: ‘বিজেপিৰ উন্নয়নৰ ধুমুহাত বিৰোধীৰ মিত্ৰতা তিষ্ঠি থাকিব নোৱাৰে বুলি মই আগতেই কৈছিলো’, এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বিৰোধী ঐক্যমঞ্চৰ বিভাজন আৰু কংগ্ৰেছ নেতাৰ দলত্যাগ সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এইদৰে কয় ।

মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ নেতৃত্বত ১৬টা দলে মিত্ৰতা কৰা বুলি তেওঁলোকে দাবী কৰিছিল । কিন্তু তেতিয়াই তেওঁ কোৱা কথা আজি প্ৰমাণিত হৈ তেওঁলোকৰ মিত্ৰতা ভাগি গ'ল বুলি মুখ্যমন্ত্ৰয়ে সদৰী কৰে । বিজেপিৰ উন্নয়নৰ ধুমুহাৰ আগত কোনো এজন প্ৰাৰ্থী তিষ্ঠি থাকিব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছিল যদিও কৰিমগঞ্জ আৰু নগাঁৱত ইমান দুৰ্বল প্ৰাৰ্থী দিলে যে সমষ্টি দুটাত বিজেপি প্ৰতিদ্বন্দ্বিতালৈ উভতি আহিল ।

মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া প্ৰতিদ্বন্দ্বিতা ১১ টাৰ বিপৰীতে ১৩ টা সমষ্টিত হ'ব । ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত সীমাবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৰিমগঞ্জ আৰু নগাঁৱত বিজেপি তৃতীয় স্থানত থাকিব বুলি তেওঁ ভাবিছিল । কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখি এতিয়া বিজেপি প্ৰথম অভিমুখে ধাৱমান হৈছে ।

কংগ্ৰেছৰ তালিকাৰ পাছত বিজপি ১৩খন আসনলৈ আহি গ'ল বুলি মুখ্যমন্ত্ৰীয়ে কয় । অৱশ্যে মুখ্যমন্ত্ৰীয়ে ১৩ খনত জয়ী হোৱাৰ কথা স্পষ্টভাৱে কোৱা নাই । বিজেপিলৈ ভয় খাই নে বিজেপিৰ পৰশত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দুৰ্বল হ'ল সেয়া সময়ত গম পোৱা যাব বুলি ড৹ শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

যোৰহাটৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট সমষ্টিত বিজেপিয়ে দুবাৰ এক এক লাখ ভোটৰ ব্যৱধানত জয়ী হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট আগৰ যোৰহাট হৈ থকা নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া বিজেপিক ভোট নিদিয়া মানুহেই নাই । মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ 'কা'ৰ পৰিস্থিতি আৰু আজিৰ পৰিস্থিতিৰ লগত তুলনা কৰি কয় যে ৰাইজ এতিয়া উন্নয়নৰ লগত আছে ।

এজন সফল সাংসদৰ কাম প্ৰধানমন্ত্ৰীক গালি পৰা নহয় বুলি গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীক গালি পাৰিলে নিজৰে ক্ষতি হয় । প্ৰধানমন্ত্ৰীক গালি পৰা সাংসদজন ৰাজ্যৰ বাবে ভাল হ'ব পাৰে নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে । অসমৰ উন্নয়নৰ কথা ক'লে বেলেগ কথা আছিল বুলি মন্তব্য কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে মিঞাক উচ্ছেদ কৰাক লৈ চিঠি লিখা মানুহক যোৰহাটৰ লোকে ভাল পাব জানো ! ১১ খন আসনত নিশ্চিত যদিও বাকী দুখন আসনো বিজেপিৰ বাবে কংগ্ৰেছে মুকলি কৰি দিলে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: আজিৰ দিনটোত অসমৰ কাৰণে হাঁহিবলৈ, নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.