গোলাঘাট, 28 মাৰ্চ: ‘‘কংগ্ৰেছ দলত কোনো নাথাকে ৷ শূণ্য হ’ব কংগ্ৰেছ ৷ মোদী গ্যেৰাণ্টীৰ দৰে কংগ্ৰেছশূণ্যৰ গ্যেৰান্টী দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত জোড়ো যাত্ৰা হৈছে কংগ্ৰেছমুক্ত যাত্ৰা ৷ 2026 ৰ আগত কংগ্ৰেছ সম্পূৰ্ণৰূপে শেষ হ’ব ।
বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দ্বীপেন বৰুৱা, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱপ্ৰদীপ ফুকনসহ ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপি দলত যোগদান কৰিব ৷ যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় । আনহাতে কাজিৰঙাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীকো মুখ্যমন্ত্ৰীগৰাকীয়ে মাতিলে বিজেপিত যোগদান কৰিব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘তেওঁ মোৰ ঘৰৰ মানুহ, যাক যেতিয়া লাগে আনিলেই হ’ব । সাংবাদিকে হুলস্থুল কৰিলে কাৰণেহে বৰ্তমান ভুপেন বৰাই বিজেপিলৈ অহাৰ কথা অস্বীকাৰ কৰিছে ৷’’ উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰস্তুতি সামৰণি মাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইখন আসন লাভ কৰিব বুলি প্ৰকাশ কৰে । তেওঁ কয় যে এতিয়া টাৰ্গেট 13 খন আসনৰ । ধুবুৰীত 4 টা বিধানসভা সমষ্টিত বিজেপিয়ে লীড ল’ব ।
ইফালে কাইলৈ গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত গোলাঘাট জিলা কংগ্ৰেছৰ গৰিষ্ঠসংখ্যকে কংগ্ৰেছ দল ত্যাগ কৰি সদলবলে গেৰুৱা বাহিনীত আনুষ্ঠানিকভাবে যোগদান কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভাগ্য কেৱল বিজেপি দলত আছে ৷ তেখেত মুখ্যমন্ত্ৰী হ'লেও বিজেপি দলৰ পৰা হ'ব, কংগ্ৰেছৰ পৰা নহয় ।
উল্লেখ্য যে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ অগপ আৰু বিজেপি দলৰ বিধায়কসকলৰ সৈতে বৃহস্পতিবাৰে মু্খ্যমন্ত্ৰীগৰাকী আলোচনাত মিলিত হয় ৷ লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰোৱাৰ উদেশ্যে গুৰুত্বপূৰ্ণ সভাখনত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আদি লোকসভা সমষ্টিৰ অন্তৰ্গত বিধায়কসকলৰ সৈতেও মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে লখিমপুৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী ভূপেন বৰাৰ নিজৰ মানুহ ৷ কিন্তু ভূপেন বৰাই বিজেপি দলত যোগদান কৰিব বাবে কংগ্ৰেছৰ বিধায়কসকলে প্ৰাৰ্থীগৰাকীক সমৰ্থন নকৰিব বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক: ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও বেলেগ দললৈ নাযাওঁ বুলি ক’ব পৰা নাই : জয়ন্ত মল্ল বৰুৱা