ETV Bharat / politics

ধুবুৰীক বাদ দি ১৩ খন আসন লাভ কৰিব বিজেপি মিত্রজোঁটে : মুখ্যমন্ত্রীৰ ঘোষণা - Assam CM Press Meet

Assam Lok Sabha Seats : কংগ্ৰেছে প্ৰকাশ কৰা তালিকাৰ পাচতে বিজেপিয়ে লাভ কৰিবলগীয়া আসনৰ সংখ্যা ১১ খনৰ পৰা হ'ল ১৩ খন ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- এইটো নিৰ্বাচন মোদীৰ নিৰ্বাচন। এইটো মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্রী কৰাৰ নিৰ্বাচন। নগাঁও আৰু কৰিমগঞ্জত আত্মঘাটি হ'ল কংগ্ৰেছ। ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈয়ো নাযায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Assam Lok Sabha Seats
13 খন আসনত বিজেপি জয়ী হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 5:14 PM IST

বিজেপি মিত্রজোঁটে ১৩ খন আসন লাভ কৰাৰ দাবী মুখ্যমন্ত্রীৰ

গুৱাহাটী, 14 মাৰ্চ : এইবাৰ 11 খনৰ পৰা 13 খনলৈ বৃদ্ধি পালে বিজেপি মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত অসমত লাভ কৰিবলগীয়া আসনৰ সংখ্যা ৷ ইমানদিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ 14 খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে 11 খন লাভ কৰিব বুলি কৈ আহিছিল ৷ মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাচত বুধবাৰে মুখ্যমন্ত্ৰীয়ে 11 খনৰ বিপৰীতে 13 খনত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সদৰী কৰিছিল ৷ কিন্তু 13 খনতে জয়ী হোৱাৰ কথা বুধবাৰে দৃঢ়তাৰে কোৱা নাছিল ৷ কিন্তু এদিন পিচতে আজি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে 13 খন আসনত বিজেপি জয়ী হ'ব বুলি একপ্ৰকাৰ ঘোষণা কৰে ৷

একমাত্ৰ ধুবুৰীক বাদ দি বাকী 13 খন আসনে বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত নিৰ্বাচনৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে 13 খন আসনত বিজেপি জয়ী হ'ব বুলি দৃঢ়তাৰে কয় ৷ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বলিউডৰ আটাইতকৈ ডাঙৰ অভিনেতা এজনো আহি নিৰ্বাচনত অৱতীৰ্ণ হ'লে জয়ী হ'ব পাৰিব জানো বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটো নিৰ্বাচন মোদীৰ নিৰ্বাচন ৷ এইটো মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ নিৰ্বাচন ৷

যোৰহাট আৰু শিৱসাগৰৰ মানুহে মোদীক যদি প্ৰধানমন্ত্ৰী নবনাই তেন্তে কোনে বনাব বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নিৰ্বাচনত কোনো প্ৰতিদ্বন্দ্বিতাৰ কথাই নাই ৷ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল তিনি লাখৰো অধিক ভোটত জয়ী হ'ব ৷ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে নগাঁও আৰু কৰিমগঞ্জত কংগ্ৰেছে আত্মহত্যা কৰি দিয়াৰ পাচত 13 খন আসনত বিজেপি জয়ী হোৱাটো নিশ্চিত হ'ল ৷ ধুবুৰীত জয়ী হ'ব নোৱাৰো বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তাত জিকিবলৈ হ'লে নিজৰ গোটেই প্ৰিন্সিপলটোৱেই সলনি কৰি দিব লাগিব ৷ ৰাজনীতিত ইমান দিনে কৈ অহা সকলো কথাই সলনি কৰি দিব লাগিব ৷ ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত তেওঁ কয়- "মই ধুবুৰীত নায়ে, নিৰ্বাচনী প্ৰচাৰতো নাযাও" ৷

ইফালে ধুবুৰীত বিধানসভা নিৰ্বাচনত ভাল হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধুবুৰীৰ চাৰিটা বিধানসভা সমষ্টিত বিজেপি জয়ী হ'ব ৷ অৱশ্যে ধুবুৰীত অগপই পাৰিব পাৰে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধুবুৰী সমষ্টিত অগপই কিছুমান মানুহৰ ভোট পায় যিটো বিজেপিয়ে নাপায় ৷ ধুবুৰীত ৰকিবুল হুছেইনে যিমান সমালোচনা কৰিলেও কোনো আপত্তি নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈয়ো নাযায় ৷ নগাঁৱত বিজেপি ভালদৰে জয়ী হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে ৰাজীৱ ভৱনত আপোনালোকৰ 'হিৰো' ভাড়া কৰা বিহু দল লৈ আহিছে ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এতিয়া মানুহৰ মন আৰু মগজুত কেৱল নৰেন্দ্ৰ মোদী আছে ৷

লগতে পঢ়ক : 'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.