ETV Bharat / politics

‘কা’বিৰোধী আন্দোলনৰ পৰিৱৰ্তে আদালতৰ কাষ চপাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - Lok Sabha Election Assam

Himanta Biswa Sarma: অসমত বিৰোধী দলৰ নাই কোনো প্ৰাসংগিকতা । ব’হাগ বিহুৰ পূৰ্বে নিৰ্বাচন শেষ কৰাৰ পোষকতা অসম চৰকাৰৰ । 'কা'ৰ বিৰোধিতা কৰাসকলক আন্দোলনৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ ।

Himanta biswa Sarma on CAA
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 5:29 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

গুৱাহাটী, ২ মাৰ্চ: বৰ্তমান সময়ত অসমত বিৰোধী দলৰ কোনো প্ৰাসংগিকতা নাই । নিউজৰ বাবে তেওঁলোকৰ কথা কৈ থকা হয় । এই বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

শনিবাৰে গুৱাহাটীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে, ‘‘এইটো আপোনালোকৰ আৰু কংগ্ৰেছৰ বিষয়, তাত আমি নাই । এতিয়া সভা-সমিতিত কংগ্ৰেছক সমালোচনা কৰিলে কিয় মনত পেলাই দিছে বুলি মানুহে বেয়াহে পায় ৷ এতিয়া পৰিৱেশটোৱেই সলনি হৈ গৈছে ।’’

নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত লোকসভা নিৰ্বাচন ব'হাগ বিহুৰ আগত শেষ কৰাৰ বাবে আহ্বান জনোৱা হৈছে । ৫ মাৰ্চত নিৰ্বাচন আয়োগৰ দল আহিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দলটোৱে ৰাজ্যৰ জিলা আয়ুক্তসকলক লগ কৰিব । তাতেই ৰাজ্যৰ মুখ্য সচিবে অসম চৰকাৰৰ সিদ্ধান্তটো নিৰ্বাচন আয়োগৰ দলটোক অৱগত কৰিব । একো অসুবিধা নাথাকিলে ১৪ এপ্ৰিলৰ আগতে নিৰ্বাচন শেষ কৰাৰ বাবে আহ্বান জনোৱা হ'ব ।

আনহাতে 'কা'ৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এটা শ্ৰেণীয়ে 'কা'ৰ সমৰ্থন কৰে আৰু আন এটা শ্ৰেণীয়ে বিৰোধিতা কৰে ৷ মুখ্যমন্ত্ৰীয়ে নিজে 'কা'ৰ সমৰ্থন কৰা শ্ৰেণীটোত থকা বুলি কয় । সমৰ্থন আৰু বিৰোধৰ নিৰ্দিষ্ট কিছুমান যুক্তি আছে বাবেই কাকো সমালোচনা নকৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আই এম ডি টি আইনৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ গৰিষ্ঠসংখ্যক নাগৰিকে ইয়াৰ বিৰোধিতা কৰিছিল আৰু অৱশেষত আইনখন উচ্চতম ন্যায়ালয়ে বাতিল কৰিছিল ৷ আন্দোলনৰ বাবে আইনখন বাতিল হোৱা নাছিল । যাৰ বাবে মুখ্যমন্ত্ৰীয়ে 'কা'ৰ বিৰোধিতা কৰাসকলক আন্দোলনৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে আহ্বান জনায় ।

এই সন্দৰ্ভত ইতিমধ্যে ন্যায়ালয়ত তৰা গোচৰটো 'কা'ৰ বিধি প্ৰস্তুত হ'লে চলিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । অসমৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ বিপৰীতে 'কা'ৰ ক্ষেত্ৰত ন্যায়ালয়ত যুক্তি প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্টসকলক আহ্বান জনায় ।

অসমত বহুত দিনৰ মূৰত ভাল পৰিৱেশ আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আন্দোলনৰ বিপৰীতে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে বিৰোধ কৰাসকলৰ প্ৰতি পুনৰ আহ্বান জনায় । মুখ্যমন্ত্ৰী হিচাপে আন্দোলন নকৰাৰ বাবে আহ্বানহে জনাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

টিকট নোপোৱাসকলক ইতিমধ্যে কৈ দিয়া হৈছে আৰু পোৱাসকলকো ইংগিত দিয়া হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ টিকট বঞ্চিতৰ ক্ষোভৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এইবিলাক কথা কৈ নিজকে ৰাইজৰ ওচৰত হেয় কৰিব নালাগে । নতুন-পুৰণি বিজেপি একো নাই । গোটেই ভাৰতখনেই একাকাৰ । মোদীময় ভাৰতত মোদীৰ বাদে বেলেগৰ কথা পাতি লাভ নাই । মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰত হ’ল ৰামময় ভাৰত আৰু মোদীময় ভাৰত ।

লগতে পঢ়ক: কংগ্ৰেছ ত্যাগ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.