ETV Bharat / politics

সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা হ্ৰাস পাইছে : চিত্তৰঞ্জন বসুমতাৰী - chittaranjan basumatary

Lok Sabha election 2024: খং , ক্ষোভ এৰি লুৰীণজ্যোতি গগৈক জয়ী কৰাবলৈ ৰণত নামিল দলত্যাগী চিত্তৰঞ্জন বসুমতাৰী । জাতীয়তাবাদৰ এটা শক্তিক নস্যাৎ কৰিবলৈ বিজেপিয়ে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক জোৰ কৰি প্ৰাৰ্থিত্ব দিছে বুলি ক্ষোভেৰে কয় চিত্তৰঞ্জন বসুমতাৰীয়ে ।

chittaranjan basumatary slams BJP
প্ৰাক্তন আছু নেতা চিত্তৰঞ্জন বসুমতাৰী
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 5:28 PM IST

Updated : Mar 16, 2024, 5:33 PM IST

প্ৰাক্তন আছু নেতা চিত্তৰঞ্জন বসুমতাৰী

মৰাণ, ১৬ মাৰ্চ: ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিবেশ ক্ৰমাৎ গৰম হৈ উঠিছে । বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সন্মুখত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । ডিব্ৰুগড় লোকসভা সমষ্টিত শক্তিশালী বুলি দাবী কৰা বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ দিয়াটো ইমান সহজ নহ'ব যদিও প্ৰৱল আত্মবিশ্বাসী জাতীয় পৰিষদৰ নেতা-কৰ্মীসকল ।

ইতিমধ্য়ে ডিব্ৰুগড়ত বাহৰ পাতি সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে দলটোৰ নেতা সকলে । ইয়াৰ মাজতে চৰ্চিত নাম হৈছে চিত্তৰঞ্জন বসুমতাৰী । সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি অসম জাতীয় পৰিষদ গঠন কৰাত অৰিহণা যোগোৱা চিত্তৰঞ্জন বসুমতাৰীয়ে দলৰ পৰা অব্যাহতি লৈছিল বিভিন্ন কাৰণত । কিন্তু লুৰীণজ্যোতি গগৈয়ে পুনৰ লোকসভাৰ প্ৰাৰ্থী হোৱাত মনৰ সকলো খং, ক্ষোভ এৰি নিজক দলৰ বাবে উচৰ্গা কৰিছে ।

ডিব্রুগড় লোকসভা সমষ্টিত ৰাজনৈতিক পৰিকল্পনা কৰাৰ দায়িত্বত থকা চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, "সৰ্বানন্দ সোণোৱাল দেখাতহে এটা ডাঙৰ ফিগাৰ, তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ বহুত ধুনীয়া, কিন্তু তেওঁৰ বিফলতাৰ হিচাপ দিব এইবাৰ ৰাইজে । জাতীয়তাবাদৰ এটা শক্তিক নস্যাৎ কৰিবলৈ বিজেপিয়ে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক জোৰ কৰি প্ৰাৰ্থিত্ব দিছে । ৰাইজে ইতিমধ্যে লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বক মানি লৈছে । ৰাইজৰ ইতিমধ্যে সিদ্ধান্ত লৈছে লুৰীণজ্যোতি গগৈক দিল্লীলৈ পঠিওৱাৰ প্ৰয়োজন আছে । "

তেওঁ কয়, " সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । তেওঁ মোদীৰ কথা কৈ অসমৰ কথা ক'বলৈ পাহৰিলে । জয় আই অসম বাদ দি সৰ্বানন্দ সোণোৱালে ভাৰত মাতা কী জয় বুলি কোৱা হ'ল । ডিব্ৰুগড় লোকসভাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে নিজৰ পুৰণি সতীৰ্থক দলৈ ঘুৰাই আনি সাংগঠনিক কামকাজ শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে ।

লগতে পঢ়ক:ছ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা জনাই প্ৰচাৰ আৰম্ভ কৰিলে লুৰীণজ্যোতি গগৈয়ে

Last Updated : Mar 16, 2024, 5:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.