ETV Bharat / politics

মুখ্যমন্ত্ৰী পদ এৰিলে চম্পাই ছোৰেণে : আকৌ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ'ব হেমন্ত ছোৰেণ - CM Champai Soren

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:40 PM IST

CM Champai Soren Resigned: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে চম্পাই ছোৰেণে । তেওঁ ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী আছিল । আকৌ এবাৰ ক্ষমতাৰ সুযোগ আহিছে হেমন্ত ছোৰেণৰ হাতলৈ । হেমন্ত ছোৰেণ জেললৈ যোৱাৰ পিচতে মুখ্যমন্ত্ৰী হৈছিল চম্পাই ছোৰেণ ।

CM CHAMPAI SOREN
CM Champai Soren Resigned (ETV Bharat)

নিউজ ডেস্ক, ৩ জুলাই: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেণে বুধবাৰে পদত্যাগ কৰে । তেওঁ ৰাজভৱনলৈ গৈ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে । পদত্যাগ কৰাৰ পিচতে চৰকাৰ গঠনৰ দাবী কৰিছে হেমন্ত ছোৰেণে । মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছোৰেণে বহু সিদ্ধান্ত লৈছিল । ঝাৰখণ্ডৰ ৰাজনীতিত তেওঁ যুজাৰু আৰু তৃণমূল পৰ্যায়ৰ নেতা হিচাপে পৰিচিত । মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো তেওঁ নিজৰ কাম দৃঢ়তাৰে কৰিছিল ।

হেমন্ত ছোৰেণৰ পদত্যাগৰ পিচতে মুখ্যমন্ত্ৰী হৈছিল চম্পাই ছোৰেণ । তেওঁ ছেৰাইকেলাৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । কিন্তু ২০০০ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ পিচত তেওঁ একেৰাহে নিৰ্বাচনত বিজয়ী হৈ আছে চম্পাই ছোৰেণ ।

লগতে পঢ়ক: বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা নিয়া হ'ব দিল্লীলৈ : ৫ জুলাইত সাংসদৰূপে শপত ল’ব অমৃতপালে - Amritpal Singh gets parole

চম্পাই ছোৰেণ এটা সাধাৰণ খেতিয়ক পৰিয়ালৰ পৰা আহিছে । মাক-দেউতাকৰ প্ৰথম সন্তান আছিল । শিক্ষাগত অৰ্হতাৰ কথা ক’বলৈ হ’লে চৰকাৰী বিদ্যালয়ত মাত্ৰ দশম মানলৈকে পঢ়িছিল চম্পাই ছোৰেণে । তেওঁ দেউতাকৰ লগত জিলিংগাগোৰা গাঁৱত বাস কৰিছিল আৰু খেতি-বাতিৰ কামত দেউতাকক সহায় কৰিছিল । তেওঁ কম বয়সতে বিয়া পাতিছিল । তেওঁৰ তিনিজন পুত্ৰ আৰু ২ গৰাকী কন্যা আছে ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন প্ৰদান - Hemant Soren Got Bail

ঝাৰখণ্ড আন্দোলনত চম্পাই ছোৰেণৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । শিবু ছোৰেণৰ সৈতে পৃথক ৰাজ্যৰ আন্দোলনত যোগদান কৰে চম্পাই ছোৰেণে । তেওঁ মানুহৰ মাজত ঝাৰখণ্ড টাইগাৰ নামেৰে জনাজাত । প্ৰথমবাৰৰ বাবে ছেৰাইকেলা আসনৰ পৰা নিৰ্দলীয় বিধায়ক নিৰ্বাচিত হয় তেওঁ । তাৰ পিচত তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চাত যোগদান কৰে ।

২০১০ চনৰ পৰা ২০১৩ চনলৈকে তেওঁ অৰ্জুন মুণ্ডা চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈছিল । ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন আঁতৰোৱাৰ পিচত গঠন হোৱা ঝাৰখণ্ড মুক্তি মৰ্চা চৰকাৰত পুনৰ মন্ত্ৰিত্ব লাভ কৰে ছোৰেণে । ২০১৯ চনত যেতিয়া ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ গঠন হৈছিল, তেতিয়া তেওঁক পুনৰ হেমন্ত ছোৰেণৰ কেবিনেটত মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । ইয়াৰ সমান্তৰালকৈ তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চাৰ উপ-সভাপতিও আছিল ।

লগতে পঢ়ক: হেমন্ত ছোৰেনৰ জামিন সন্দৰ্ভত কি ক’লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ? - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.