ETV Bharat / politics

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ধৰণে হ’ব উপ-নিৰ্বাচন : জনালে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই - Bye Election in Assam - BYE ELECTION IN ASSAM

Assam chief electoral officer : সমাগত উপ-নিৰ্বাচন অনুষ্ঠিত নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই অনুষ্ঠিত হ’ব পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ নবীকৰণ হ’ব ২০২১ৰ ভোটাৰ তালিকা ৷

BYE ELECTION IN ASSAM
অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 3:49 PM IST

গুৱাহাটী, ১৯ জুলাই : ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত সাজু হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল (ETV Bharat Assam)

শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ সদৰী কৰে ৷ নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ পাঁচগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সেই সমষ্টিকেইটাৰ আসনসমূহ খালী হৈ পৰে ।

নিয়ম মতে এই সমষ্টিকেইটাত ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ৷ অসমত ইতিমধ্যে লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন ২০২১ৰ নিৰ্বাচনৰ ভিত্তিতেই হ’ব । উপ-নিৰ্বাচন হ'বলগীয়া সমষ্টি পাঁচটা হৈছে ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি ।

নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে এই পাঁচটা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণ হ’ব । উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা সমষ্টিত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি নাইবা আন সংশোধনীৰ বাবে অনলাইনৰ সুবিধা নাথাকিব ৷ অফলাইনৰ যোগেদি আবেদন কৰিব লাগিব ৷

প্ৰ-পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়, ই আৰ অ’ নাইবা বি এল অ’ৰ ওচৰত শাৰীৰিকভাৱে জমা দিব লাগিব । নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে খচৰা ভোটাৰ তালিকা ৩০ জুলাইত প্ৰকাশ পাব ৷ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা হৈছে ১০ আগষ্ট । আনহাতে দাবী আৰু আপত্তি নিষ্পত্তিকৰণ ১৯ আগষ্টৰ ভিতৰত সম্পন্ন কৰা হ'ব ।

চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০ আগষ্টত । নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিচত ছেপ্টেম্বৰ মাহত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধাৰণা কৰিব পাৰি । অৱশ্যে নিৰ্বাচন আয়োগেহে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিব । ইফালে পাঁচটা সমষ্টিৰ খচৰা ভোটাৰ তালিকাৰ ছ'ফ্ট কপি শনিবাৰে ৰাজনৈতিক দলসমূহক দিয়া হ’ব । কিবা সংশোধনী নাইবা মতামত থাকিলে ২৭ জুলাইৰ ভিতৰত জনাব পাৰিব ।

উল্লেখ্য যে ৰাজ্যৰ ধলাই বিধানসভা সমষ্টিৰ পৰা পৰিমল শুক্লবৈদ্য, বিহালীৰ পৰা ৰঞ্জিত দত্ত, চামগুৰিৰ পৰা ৰকিবুল হুছেইন, বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টিকেইটাত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ।

লগতে পঢ়ক : দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য

লগতে পঢ়ক : বিধানসভাৰ উপ-নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব এক বিশেষ এপ্লিকেশ্যন

লগতে পঢ়ক : অসমত কেতিয়া হ’ব উপ-নিৰ্বাচন: ক’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.