ETV Bharat / politics

বঙাইগাঁৱত এইবাৰ অগপই ভয় খাইছে: ব্ৰজেনজিৎ সিংহ - ASSAM BYE ELECTIONS 2024

পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী । বঙাইগাঁও বিধানসভা সমষ্টিতো উপ-নিৰ্বাচনৰ গৰম বতাহ বলিছে ।

BONGAIGAON INC BYE ELECTION
বঙাইগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিত সিংহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 8:13 PM IST

বঙাইগাঁও : ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰকাৰ্য ইতিমধ্যে তুংগত উঠিছে । বঙাইগাঁও, বিহালী, চিদলী, ধলাই আৰু চামগুৰি সমষ্টিত অনুষ্ঠিত হ'ব এই উপ-নিৰ্বাচন । এই আসনকেইখন হস্তগত কৰিবৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় শিবিৰ ।

দুয়োটা শিবিৰেই নিজস্ব নিৰ্বাচনী ৰণনীতিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে । বাকী সমষ্টিকেইটাৰ সমান্তৰালভাৱে বঙাইগাঁও বিধানসভা সমষ্টিতো উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে । এইবাৰ বঙাইগাঁৱত মূল প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু এন ডি এ মিত্ৰজোঁটৰ মাজত । সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে ব্ৰজেনজিৎ সিংহক । আনহাতে, এন ডি এ মিত্ৰজোঁটৰ পৰা অগপৰ দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

বঙাইগাঁৱত এইবাৰ অগপই ভয় খাইছে: কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ (ETV Bharat Assam)

ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বঙাইগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত কংগ্ৰেছ দলৰ শেহতীয়া উপ-নিৰ্বাচনৰ স্থিতি সন্দৰ্ভত প্ৰাক্তন আই পি এছ বিষয়া ব্ৰজেনজিৎ সিংহই অৱগত কৰে ।

সংবাদ মাধ্যমৰ আগত ব্ৰজেনজিৎ সিংহই কয়, "ফণীভূষণ চৌধুৰীয়ে বহু পূৰ্বেই অৱসৰ ল'ব লাগিছিল । তেওঁ 2011 চনত কৈছিল যে অৱসৰ ল'ব । কিন্তু আজিলৈকে লোৱা নাই ।"

ব্ৰজেনজিৎ সিংহই লগতে কয়, "এইবাৰ অগপ দলে ভয় খাইছে । বহু বছৰৰ পিছত ৰাইজে নতুন মুখ দেখিছে নিৰ্বাচনত । পূৰ্বতে কংগ্ৰেছ দলে ৪০ হেজাৰ ভোট পাইছিল । এইবাৰ ৮০ হেজাৰ ভোট পাব ।"

কংগ্ৰেছ প্ৰাৰ্থীজনে আৰু কয়, "ৰাইজে তেওঁক বাচি লোৱাৰ মূল কাৰণ হৈছে প্ৰশাসনিক বিষয়া হিচাপে তেওঁৰ অভিজ্ঞতা আছে । সেইবাবে ৰাইজে মোক আদৰি ল'ব ।"

অৱশ্যে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভোটদানৰ দিনা ৰাইজে কাক আঁকোৱালি লয় সেয়া ২০ নৱেম্বৰৰ ফলাফলৰ দিনাহে স্পষ্ট হ'ব ।

লগতে পঢ়ক :ৰাজনৈতিক জীৱনৰ অপৰাহ্নত ফণীভূষণ চৌধুৰী : শীঘ্ৰে গ্ৰহণ কৰিব অৱসৰ !
লগতে পঢ়ক :কংগ্ৰেছে আজমলৰ কঁকাল ভাঙিলে: অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.