ETV Bharat / politics

দত্তৰ জয় : বিশ্বনাথত বিজেপিৰ বিজয় উৎসৱ - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:29 PM IST

Lok Sabha Election Results 2024: বিশ্বনাথত বিজেপি দলৰ বিজয় উৎসৱ । শোণিতপুৰবাসীক ধন্যবাদ জনালে ৰঞ্জিত দত্তই । বিশ্বনাথ চাৰিআলি ক্লক টাৱাৰৰ সন্মুখত ঢোলে-ডগৰে বিজয়ী প্রাৰ্থী ৰঞ্জিত দত্তক আদৰণি জনাই বিজেপি কৰ্মকৰ্তাই ।

BJP workers celebrate victory of Ranjit Dutta in Biswanath
বিশ্বনাথত বিজেপিৰ বিজয় উৎসৱ (ETV Bharat Assam)

বিশ্বনাথ,৪ জুন: শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তই ৩,৫৭,৮০০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । ইফালে জয়লাভৰ পিচতে ৰঞ্জিত দত্ত নিশা তেজপুৰৰ পৰা আহি উপস্থিত হয় বিশ্বনাথ চাৰিআলিত ।

বিজয়ী প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগে বিশ্বনাথ, বিহালী সমষ্টিৰ কৰ্মীসকলৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ আৰু দলীয় কাৰ্যকৰ্তাসকলে আদৰণী জনোৱাৰ লগতে বিজয় উৎসৱ পালন কৰে । দলীয় কাৰ্যকৰ্তা সকলে বিশ্বনাথ চাৰিআলি ক্লক টাৱাৰৰ সন্মুখত ঢোলে ডগৰে বিজয়ী প্রাৰ্থী ৰঞ্জিত দত্তক আদৰণি জনায় ।

লগতে পঢ়ক: পিতৃৰ সমষ্টিৰ দলীয় সমৰ্থকৰ সৈতে বিহু নাচিলে গৌৰৱ গগৈয়ে - Lok Sabha Election Results 2024

আজি ঘোষণা কৰা ভোটগণনাৰ ফলাফলত ৰঞ্জিত দত্তই লাভ কৰে মুঠ ৭,৬৬,৮৭৪টা ভোট আৰু কংগ্ৰেছৰ প্রাৰ্থী প্ৰেমলাল গঞ্জুৱে লাভ কৰে ৪,০৯,৯৪৭টা ভোট ৷ শোণিতপুৰ লোকসভা সমষ্টিত ৩,৫৭,৮০০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৰঞ্জিত দত্তই । উল্লেখযোগ্য বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী পল্লৱলোচন দাসে ৬,৮৪,১৬৬ টা ভোট লাভ কৰা বিপৰীতে কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ৪,৪১,৩২৫ টা ভোট লাভ কৰিছিল ।

বিজেপি দলৰ প্ৰাৰ্থী পল্লৱলোচন দাসে ২,৪২,৮৪১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ২০১৯ চনতকৈ শোণিতপুৰ লোকসভা সমষ্টিটোত কংগ্ৰেছৰ ভোট যথেষ্ট হ্ৰাস পোৱা দেখা গ'ল ২০২৪ ৰ লোকসভা নিৰ্বাচনত ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.