ETV Bharat / politics

এইবেলি অসমত "ডবল ডিজিট" লাভ কৰিছে বিজেপিয়ে : ভৱেশ কলিতা - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 6:07 PM IST

Assam BJP Press meet : বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল ৷ সভাপতি ভৱেশ কলিতাই সংবাদমেলত নিৰ্বাচনী ফলাফল সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ বিজেপিয়ে বিচৰা ফলাফল লাভ কৰাৰ বিপৰীতে অসমত বেছিদিন কংগ্ৰেছৰ দপদপনি নিটিকে বুলিও ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷ এ আই ইউ ডি এফক সাম্প্ৰদায়িকতাৰ ৰাজনীতি পৰিহাৰ কৰিবলৈও পৰামৰ্শ আগবঢ়াই কলিতাই ৷

LOK SABHA ELECTION RESULTS 2024
সংবাদমেলত ফলাফল সন্দৰ্ভত বিশ্লেষণ (Etv Bharat Assam)

গুৱাহাটী, 5 জুন : ফলাফল ঘোষণাৰ পিচত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ শাসনভাৰ চম্ভালিবলৈ আৰম্ভ কৰিছে যো-জা ৷ ইতিমধ্যে অসমত বিজেপিয়ে লাভ কৰিছে 11 খনকৈ আসন ৷ মঙলবাৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পিচতে বুধবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

ৰাজ্যিক বিজেপিৰ সংবাদমেল (Etv Bharat Assam)

নিৰ্বাচনী ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি সভাপতি কলিতাই কয় যে, নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৷ নিৰ্বাচনৰ পূৰ্বে দিয়া মোদীৰ গেৰাণ্টিৰ ভিত্তিতে গঠন হ’ব এন ডি এ চৰকাৰ ৷ অসমত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত "ডবল ডিজিট" লাভ কৰিছে বিজেপিয়ে ৷ নিৰ্বাচনী ফলাফলৰ বাবে মুখ্যমন্ত্ৰী তথা দলৰ সকলো কাৰ্যকৰ্তাৰ হৈ সভাপতিগৰাকীয়ে অসমবাসীক জ্ঞাপন কৰে ধন্যবাদ ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

আনহাতে, এই নিৰ্বাচনত কংগ্ৰেছে অসমত লাভ কৰিছে তিনিখন আসন ৷ কংগ্ৰেছৰ আসন লাভক কেন্দ্ৰ কৰিও ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ ভৱেশ কলিতাই কয় যে, একমাত্ৰ যোৰহাট সমষ্টিক বাদ দি কংগ্ৰেছে সংখ্যালঘূ এলেকাত অগ্ৰগতি লাভ কৰিছে ৷ তদুপৰি কংগ্ৰেছৰ দপদপনি বেছিদিন নিটিকে বুলিও বিৰোধী দলটোক কটাক্ষ কৰে সভাপতি ভৱেশ কলিতাই ৷

লগতে পঢ়ক: অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা: শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ: জানক এটা ক্লিকত... - Lok Sabha Election Results 2024

ইয়াৰ পিচতে কলিতাই কৰিমগঞ্জ সমষ্টিৰ কথা উল্লেখ কৰি কয় যে, কৰিমগঞ্জত আকৰ্ষণীয় প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও শেষ হাঁহি মাৰিবলৈ সক্ষম হয় বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷ বৰপেটা, কাজিৰঙা, কলিয়াবৰ, দৰং-ওদালগুৰি, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু কোকৰাঝাৰত গেৰুৱা দলটোৱে বিচৰামতে ফলাফল লাভ কৰা বুলি সংবাদমেলত ব্যক্ত কৰে ৰাজ্যিক সভাপতিয়ে ৷ এইবাৰৰ নিৰ্বাচন শেষ হ’ল ৷ গতিকে এতিয়া দলটোৰ লক্ষ্য হ’ব '26 ৰ বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাব বিজেপিয়ে ৷

লগতে পঢ়ক: গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ ! - Mrinal Saikia Controversial Facebook Post

এ আই ইউ ডি এফ সন্দৰ্ভত মন্তব্য আগবঢ়াই ভৱেশ কলিতাই কয় যে, সাম্প্ৰদায়িকতাবাদ এৰিলেহে দলটোৰ উন্নতি হ’ব ৷ পূৰ্বৰ তুলনাত এইবাৰ ধুবুৰীত বৃদ্ধি পাইছে ভোটৰ সংখ্যা ৷ ধুবুৰীত মুঠ 27 লাখৰ ভিতৰত 23 লাখেই সংখ্যালঘূৰ ভোট বুলি সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই প্ৰকাশ কৰে ৷

লগতে পঢ়ক: আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.