ETV Bharat / politics

বিৰোধীৰ কেইজনমান নেতাই অসমৰ উন্নতি নিবিচাৰে: ভৱেশ কলিতা

Bhabesh Kalita on Bypoll : উপ-নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰোধীক তীব্ৰ সমালোচনা । সাংগঠনিক নিৰ্বাচনৰ বাবে প্ৰস্তুত বিজেপি ।

Bhabesh Kalita on Bypoll
উপ-নিৰ্বাচনৰ টিকট প্ৰদান ভৱেশ কলিতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী : ১৩ নৱেম্বৰত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ । আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ, সভা-সমিতি । শাসকীয় বিজেপিৰ সমান্তৰালকৈ বহি থকা নাই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছো । উপ-নিৰ্বাচন হ’বলগীয়া ৫ খন আসনৰ ৪ খন আসনত কংগ্ৰেছে নিজা প্ৰাৰ্থিত্ব ঘোষণা কৰিছে যদিও বিহালী সমষ্টিৰ প্ৰাৰ্থী বৰ্তমানেও ঘোষণা কৰা নাই ।

বিহালী সমষ্টিটো ৰাজ্যৰ প্ৰধান বিৰোধী দলসমূহক লৈ গঠন হোৱা সন্মিলিত মৰ্চাৰ সহযোগী চি পি আই এম এলক এৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। যাক লৈ কংগ্ৰেছৰ কিছু নেতাৰ মাজত সংঘাত সৃষ্টি হোৱা দেখা গৈছে ।

উপ-নিৰ্বাচনৰ টিকট প্ৰদান ভৱেশ কলিতাৰ (ETV Bharat Assam)

এই সম্পৰ্কত মঙলবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছক সমালোচনা কৰি কয়, "কেইজনমান নেতাই দল চলাইছে বিৰোধীৰ । এইকেইজন নেতাই অসমৰ উন্নতি নিবিচাৰে । এইসকলৰ মাজৰ মিত্ৰতা অশুভ মিত্ৰতা । বিহালীত বিৰোধী একত্ৰিত হ’ব নোৱৰাৰ মূলতে আদৰ্শগত সংঘাত ।"

বিহালী সমষ্টি সন্দৰ্ভত ভৱেশ কলিতাই কয়, "বিৰোধীৰ লগত কথা নাই, আমাৰ পথ বিহালীত মসৃণ হৈয়েই আছে ।" আনহাতে, চামগুৰি সমষ্টিৰ প্ৰসংগত তেওঁ কয়, "চামগুৰিত এ আই ইউ ডি এফে প্ৰাৰ্থী নিদিয়াৰ মূলতে কংগ্ৰেছেৰে থকা বুজাবুজি । কংগ্ৰেছ-এ আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি ।"

তেওঁ লগতে কয়, "ধলাই সমষ্টিৰ ক্ষেত্ৰত আমি ভালকৈ জিকিম । অমিয়কান্তি দাস দলৰ জ্যেষ্ঠ নেতা । ক্ষোভ-অসন্তুষ্টি থকাটো স্বাভাৱিক । মই অমিয়কান্তি দাসক ফোন কৰি বুজাইছোঁ । নিহাৰ-অমিয় দুয়োৰে দলৰ প্ৰতি ত্যাগ আছে । এতিয়ালৈকে মই অমিয়কান্তিৰ পদত্যাগ-পত্ৰ গ্ৰহণ কৰা নাই । কাইলৈ দিগন্ত ঘাটোৱাৰে মনোনয়ন দাখিল কৰিব । বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিব নিহাৰ ৰঞ্জন দাসে । ২৫ অক্টোবৰত মনোনয়ন দিব দীপ্লুৰঞ্জন শৰ্মাই । তিনিওজনৰ মনোনয়ন দাখিলত উপস্থিত থাকিম ।

উল্লেখ্য যে মঙলবাৰে বিজেপি প্ৰাৰ্থী তিনিগৰাকীৰ প্ৰতিনিধিয়ে টিকট সংগ্ৰহ কৰে । আনহাতে, দলীয় কথা উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সাংগঠনিক নিৰ্বাচন । বুথৰ পৰা জিলা, তাৰ পৰা ৰাজ্য আৰু শেষত ৰাষ্ট্ৰীয় সমিতি গঠন হ’ব । ২০২৬-ৰ নিৰ্বাচন অসমত নতুন সমিতিৰ দ্বাৰা অনুষ্ঠিত হ’ব । তেওঁ কয়, "মই সভাপতি হৈ থাকিম নে আন কোনোবা হ’ব, সেয়া ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব ।"

লগতে পঢ়ক :ৰণক্ষেত্ৰ বিহালীত গৌৰৱ গগৈ-ভূপেন বৰাৰ যুঁজত অচল বিৰোধীৰ সন্মিলিত মৰ্চা !
লগতে পঢ়ক :বিজেপি প্ৰাৰ্থী বাংলাদেশী ! পৰিমল শুক্লবৈদ্য়ক এশিকনি দিবলৈ সাজু অমিয়কান্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.