ETV Bharat / politics

হাই প্ৰফাইল নেতাৰ অন্তৰ্ভূক্তিৰে ঘোষণা হ’ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ তালিকাত অন্তৰ্ভূক্ত হৈছে বিজেপিৰ কেইবাজনো ভি ভি আই পি প্ৰাৰ্থী ৷ তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:27 PM IST

নিউজ ডেস্ক, 2 মাৰ্চ : অৱশেষত ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ আজি 195 খন আসনৰ বাবে লোকসভাৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে বিজেপিয়ে ৷ ৰাষ্ট্ৰীয় ৰাজধানীত দলৰ কাৰ্যালয়ত সংবাদমেল যোগে এই তালিকা ঘোষণা কৰে দলটোৱে ৷ লোকসভাত 370 খন আসন লাভ কৰাৰ বাবে কুচকাৱাজ চলাই থকা বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পূৰ্বেই আজি ঘোষণা কৰে 195 গৰাকী প্ৰাৰ্থীৰে প্ৰথমখন তালিকা ৷ এই তালিকাত অন্তৰ্ভূক্ত হৈছে বিজেপিৰ কেইবাজনো ভি ভি আই পি প্ৰাৰ্থী ৷ তালিকাত প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো কেবিনেট তথা কেন্দ্ৰীয় মন্ত্ৰী অন্তৰ্ভূক্ত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দলৰ প্ৰথমগৰাকী প্ৰাৰ্থী হিচাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ অৰ্থাৎ তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে গুজৰাটৰ গান্ধীনগৰৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা গৃহমন্ত্ৰী অমিত শ্বাহে ৷ লক্ষ্ণৌৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা যুঁজিব, য’ত 2019 চনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁ জয়লাভ কৰিছিল ৷ আনহাতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷

বিজেপিৰ প্ৰথমখন তালিকাত 34 জন মন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী আছে, য’ত 28 গৰাকী মহিলা, 50 বছৰৰ তলৰ 47 গৰাকী নেতা আৰু অ’বিচি সম্প্ৰদায়ৰ 57 গৰাকী প্ৰাৰ্থীও আছে ৷ 195 জন প্ৰাৰ্থীৰ ভিতৰত গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশৰ 51 জন, পশ্চিম বংগৰ 20 জন আৰু দিল্লীৰ 5 জন ৷

উত্তৰ-পূব দিল্লীত মনোজ তিৱাৰী, নতুন দিল্লীত সুষমা স্বৰাজৰ কন্যা বঞ্চুৰী স্বৰাজ, পশ্চিম দিল্লীত কমলজীৎ ছেহৰাৱাট, দক্ষিণ দিল্লীত ৰামবীৰ সিং বিধুৰী আৰু দিল্লী চান্দনী চকত প্ৰবীণ খাণ্ডেলৱালক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে ৷ আনহাতে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে পুনৰ মথুৰা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অভিনেত্ৰী হেমা মালিনীয়ে ৷

অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভিতৰত ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াই মধ্যপ্ৰদেশৰ গুনাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ আনহাতে কিৰেন ৰিজিজুৱে পশ্চিম অৰুণাচলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে চমকপ্ৰদ জয়ৰ পিছতো মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা বঞ্চিত হোৱা শিৱৰাজ সিং চৌহানে বিদিশাৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ লগতে বিজেপিৰ আন এজন প্ৰভাৱশালী নেতা অৰ্জুন ৰাম মেঘোৱাল বিকানেৰ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব ডিব্ৰুগড়ৰ পৰা ৷

আজি ঘোষণা কৰা 195 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছেঃ উত্তৰ প্ৰদেশৰ 51 খন, পশ্চিম বংগৰ 20 খন, মধ্যপ্ৰদেশৰ পৰা 24 খন, গুজৰাটৰ 15 খন, ৰাজস্থান 15 , কেৰালা 12 , তেলেংগানা 9, অসম 11, ঝাৰখণ্ড 11, ছত্তীশগড় 11, দিল্লী 05, জম্মু-কাশ্মীৰ 2, উত্তৰাখণ্ড 3, অৰুণাচল প্ৰদেশ 2, গোৱা 1, ত্ৰিপুৰা 1, আন্দামান নিকোবৰ 1, দমন আৰু ডিউ 1 খন আসন ৷

লগতে পঢ়ক : ‘কা’বিৰোধী আন্দোলনৰ পৰিৱৰ্তে আদালতৰ কাষ চপাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.