ETV Bharat / politics

মোদী কা পৰিৱাৰৰ সলনি বিজেপি বিধায়কে সামাজিক মাধ্যম এক্সত লিখিলে ফ্ৰম আপাৰ আছাম - MLA Mrinal Saikia - MLA MRINAL SAIKIA

MLA Mrinal Saikia : বিজেপিৰ মন্ত্ৰী-বিধায়কৰ দলীয় কন্দলে গৈ ৰূপ লৈছেগৈ উজনি-নামনিৰ বিভাজনমুখী ৰাজনীতিৰ । মোদী কা পৰিৱাৰৰ সলনি বিজেপি বিধায়কে সামাজিক মাধ্যম এক্সত লিখিলে From Upper Assam...

MLA MRINAL SAIKIA
বিধায়ক মৃণাল শইকীয়াৰ ক্ষোভ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 9:09 PM IST

Updated : Jun 8, 2024, 9:17 PM IST

গুৱাহাটী, 8 জুন : বিজেপিৰ বিধায়ক-মন্ত্ৰীৰ ক্ষমতা আৰু ন-পুৰণিৰ যুঁজখন গৈ এতিয়া উজনি অসম-নামনি অসম পৰ্যায় পালেগৈ ৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে উজনিৰ বিধায়কে নিজৰ এক্স (টুইটাৰ) হেণ্ডেলত নিজৰ নামৰ লগত লিখি লৈছে 'ফ্ৰম আপাৰ আছাম’ (From upper Assam) ৷ খুমটাইৰ বিজেপি বিধায়কে নিজৰ নামৰ সৈতে এতিয়া লিখি লৈছে- 'মৃণাল শইকীয়া, ফ্ৰম আপাৰ আছাম' ৷

MLA MRINAL SAIKIA
উজনি-নামনিৰ বিভাজনমুখী ৰূপ (ETV BHARAT ASSAM)

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আচৰণক লৈ প্ৰশ্ন তুলি মুখ্যমন্ত্ৰীৰো অপ্ৰিয়ভাজন হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া ৷ বিজেপি বিধায়ক শইকীয়াই যোৰহাট লোকসভাত গৌৰৱ গগৈক জয়ৰ পিচত শুভকামনা জনোৱাক লৈ বিজেপিত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৰ পিচতেই আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ’মৃণাল শইকীয়া বিজেপিত নাই বুলিয়েই ধৰক’- বুলিও ইতিমধ্যে মন্তব্য কৰিছে ৷ বিজেপিৰ এনে আভ্যন্তৰীণ বিতৰ্কৰ মাজতে প্ৰসংগক্ৰমে বিধায়ক মৃণাল শইকীয়াই নামনি অসমক লৈ কিছু মন্তব্য কৰে ৷ চাহ, তেল, কয়লাৰে উজনি অসমে নামনি অসমক আৰ্থিকভাৱে চলাই আছে বুলি বিধায়কজনে কৰা মন্তব্যত সৃষ্টি হৈছে বিতৰ্কৰ ৷

ইফালে মৃণাল শইকীয়াৰ এই মন্তব্যৰ বাবে তেওঁক ফেপেৰি পাতি ধৰিছে নামনি অসমৰ বিভিন্নজনে ৷ আনকি বৰপেটাত বিভেদ সৃষ্টি কৰিব খোজাৰ অভিযোগেৰে মৃণাল শইকীয়াৰ বিৰুদ্ধে গোচৰ তৰিছে কোনো এক সংগঠনেও ৷ ইয়াৰ বিপৰীতে আজি বিধায়কগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত নামৰ পিচত 'ফ্ৰম আপাৰ আছাম’ বুলি লিখে ৷ এই নিৰ্বাচনৰ বতাহ বলাৰ পিচতে বিজেপি নেতা-কৰ্মীয়ে সামাজিক মাধ্যম এক্সত নিজৰ নামৰ সৈতে লিখিছিল 'মোদী কা পৰিৱাৰ' ৷ যেনে ধৰক— Himanta Biswa Sarma (Modi ka Parivar), সেই অনুসৰি এক্সত মৃণাল শইকীয়াৰ নামৰ পিচত থাকিব লাগিছিল Mirnal Saikia (Modi Ka Parivar) বুলি ৷ কিন্তু 'মোদী কা পৰিৱাৰ' নহয়, বিজেপিৰ বিদ্ৰোহী বিধায়কজনে লিখিলে এইদৰে- Mrinal Saikia (From Upper Assam) ৷

শেহতীয়াকৈ বিধায়ক মৃণাল শইকীয়াৰ এই কাৰ্যই এতিয়া ৰাজ্যত জোকাৰণি তুলিছে ৷ ইয়াৰ দ্বাৰা বিধায়ক শইকীয়াই কি বুজাব খুজিছে সেয়া অস্পষ্ট হ’লেও বিজেপিৰ দলীয় ৰাজনীতিৰ সংঘাতক লৈ উজনি-নামনিৰ বিভাজনকামী ৰূপ লোৱাটো এক পৰিতাপৰ বিষয়ৰূপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক : উজনি-নামনি ভাগ কৰা মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

Last Updated : Jun 8, 2024, 9:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.