গুৱাহাটী, ৭ মে: 'অৱশেষত ঠেঁহ ভাঙিল দিছপুৰৰ বিধায়ক অতুল বৰাৰ । মঙলবৰীয়া ব্ৰত ভংগ কৰি আজি বিয়লি ৩ বজাত বিধায়ক অতুল বৰাই সপৰিয়ালে বাঘৰবড়ী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ । আজি পুৱা গুজৱ ওলাল দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই নিদিয়ে ভোট । কাৰণ আজি মঙলবাৰ । মঙলবাৰ হোৱাৰ বাবে বিধায়কগৰাকীয়ে অমংগল ঘটাৰ শংকাত ঘৰৰ পৰা নোলাই বুলি ৰাজনৈতিক মহলত আৰম্ভ হ'ল চৰ্চা । এগৰাকী জনপ্ৰতিনিধিৰ এনে মানসিকতাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰাৰ সময়তেই নিজৰ স্থিতি সলনি কৰি বিধায়কগৰাকীয়ে ঘোষণা কৰিলে আবেলি ৩ বজাত সপৰিবাৰে ভোট কেন্দ্ৰলৈ যোৱাৰ কথা । কথা মতেই কাম ।
- " class="align-text-top noRightClick twitterSection" data="">
পূৰ্বে মঙলবাৰে ঘৰৰ পৰা বাহিৰত নোলাই বাবেই ভোট নিদিও বুলি কৈছিল বিধায়কগৰাকীয়ে । ইয়াক লৈ ৰাজনীতি মহলতো বেচ চৰ্চা লাভ কৰিছিল । পিছত বিধায়কগৰাকীয়ে নিজৰ সেই সিদ্ধান্ত সলনি কৰি পত্নী,পুত্ৰসহ ভোটাধিকাৰ সাব্যস্ত কৰে । ইফালে, বিধায়ক গৰাকীয়ে পূৰ্বে ভোট নিদিয়াৰ লোৱা সিদ্ধান্তৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক অতুল বৰাই কয়,"মঙলবাৰে মোৰ পিতৃ-মাতৃ, ভাই আদিকে ধৰি কেইবাজনকো হেৰুৱাইছো । তেওঁলোকক মঙলবাৰে প্ৰাৰ্থনা কৰো বাবে ভোট নিদিয়াৰ সিদ্ধান্ত লৈছিলো । কিন্তু বহুতে জোৰ কৰাত আজি ভোট দিবলৈ আহিলো ।"
তেওঁ পুনৰ কয়," আজি আমাৰ বিবাহ বাৰ্ষিকীও । মঙলবৰীয়া ব্ৰত ভংগ কৰিলে এই বিশেষ দিনটোত অশুভ হয় বুলি ভোট দিবলৈ আহিছো । অৱশ্যে ভোট দিবলৈ আহোতে সকলোৰে অনুমতি লৈ আহিছো। " বিধায়ক গৰাকীয়ে লগতে কয়,"মই আত্মা মাতিব পাৰো বুলি কোনেও নাজানে । কিন্তু মই আজি মোৰ মা-দেউৰা সকলোৰে আত্মাক মাতি অনুমতি লৈ ভোট দিবলৈ আহিছো । হনুমানৰো অনুমতি লৈ আহিছো মই ।" আনহাতে,ন'টাত ভোট দিয়াসকল ন'টৰীয়াই হয় বুলি পুনৰ ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।এই সন্দৰ্ভত তেওঁ পুনৰ কয়,"নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰখনত এই শব্দটো লিখিব থাকি গ'ল । পুনৰ পত্ৰ লিখিলে এইবাৰ নটৰীয়াছ শব্দটো ভৰাই দিম ।"