মাজুলী, 14 এপ্ৰিল: দেওবাৰে মাজুলীত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ শাসকীয় পক্ষৰ নেতাই বিৰোধীৰ পাঁচগৰাকীকৈ লোকক মাৰপিট কৰাৰ লগতে বাহনৰ ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে ৷
উল্লেখ্য যে দেওবাৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ সত্ৰপীঠখনত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিচত অখিল গগৈয়ে লোহিত খাবলু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায় ৷
লোহিত খাবলু অঞ্চলত অখিল গগৈৰ প্ৰচাৰ সভাৰ পৰা উভতাৰ পথত গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়াক লৈ কংগ্ৰেছ কৰ্মীক শাসকীয় বিজেপি নেতাই ৰাইজৰ দলৰ কৰ্মীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত আক্ৰমণত প'ক নৰহ, কৃষ্ণ পায়েং, হৰকান্ত পায়েং আৰু নিৰ্বান্দ পগাগ নামৰ ৰাইজৰ দলৰ কৰ্মীকেইগৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
ৰাইজৰ দলৰ অভিযোগ অনুসৰি বিজেপি নেতা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুকুল পেগু নামৰ এজন লোকে ৰাইজৰ দলৰ কৰ্মী পাঁচগৰাকীক মাৰপিট কৰে ৷ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মুখপাত্ৰ টি এম প্ৰাণে অভিযোগ কৰে যে বিজেপি দলৰ নীতিয়েই হৈছে মানুহক ভয় খুৱাই শাসনত থকা ৷ সেয়েহে ৰাইজৰ দলৰ কৰ্মীকেইগৰাকীক মাৰপিট কৰি ভয় খুৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ সচেতন মাজুলীবাসীয়ে এনেধৰণৰ কাৰ্যক কেতিয়াও সমৰ্থন নকৰে বুলি তেওঁ উল্লেখ কৰে ৷
ইফালে এই হিংসাত্মক পৰিস্থিতিৰ পিচতে বাতিল কৰা হয় অখিল গগৈৰ তিনিখনকৈ নিৰ্বাচনী সভা ৷ মাজুলীৰ ফুলনি, দক্ষিণপাট আৰু ৰাওপাৰৰ সভা তিনিখন বাতিল কৰা হয় হিংসাত্মক পৰিস্থিতিৰ বাবে ৷
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গড়মূৰ আৰক্ষী থানত ৰাইজৰ দলৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হয় ৷ গড়মূৰ আৰক্ষীক ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী তুলিছে ৰাইজৰ দলৰ ফালৰ পৰা ৷ গড়মূৰ থানাত সন্মুখত আৰক্ষীৰ সমৰসজ্জা ৷
লগতে পঢ়ক: প্ৰকাৰান্তৰে বিজেপিৰ প্ৰতি সমৰ্থন সাংসদ বদৰুদ্দিন আজমলৰ !