ETV Bharat / politics

চামগুৰি উপ-নিৰ্বাচনৰ পৰা ৰকিবুলক আঁতৰাই ৰখাৰ দাবী বিজেপিৰ - BJP COMPLAINT AGAINST RAKIBUL

চামগুৰিত নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ লোৱাৰ সময়তে নিৰ্বাচন আয়োগক ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ ।

Samaguri Bye Election 2024
চামগুৰি উপ-নিৰ্বাচনৰ পৰা ৰকিবুলক আঁতৰাই ৰখাৰ দাবী বিজেপিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 8:22 AM IST

নগাঁও : চামগুৰি সমষ্টিত নিৰ্বাচনী হিংসা অতি ভয়ংকৰ হৈ পৰিছে । কংগ্ৰেছ-বিজেপিৰ সংঘাতে ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰিছে । তেনে সময়তে কংগ্ৰেছ আৰু ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিলে বিজেপিয়ে ।

ৰকিবুল হুছেইনক চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰা আঁতৰাই ৰখাৰ দাবী জনাই দেওবাৰে নগাঁৱৰ ৰিটাৰ্নিং বিষয়াৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগলৈ বিজেপিৰ হৈ পত্ৰ প্ৰেৰণ কৰে মন্ত্ৰী বিমল বড়া আৰু বিধায়ক ৰূপক শৰ্মাই ।

চামগুৰি উপ-নিৰ্বাচনৰ পৰা ৰকিবুলক আঁতৰাই ৰখাৰ দাবী বিজেপিৰ (ETV Bharat)

ৰকিবুলক কটাক্ষ বিমল বড়াৰ

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত পত্ৰ প্ৰেৰণৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ মন্ত্ৰী বিমল বড়াৰ । এজন লোকৰ দীৰ্ঘদিনৰ কু-অভিসন্ধিৰ বাবে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন ৰক্তাক্ত হ'বলৈ গৈ আছে বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে ।

শনিবাৰে নিশা বিধায়ক জিতু গোস্বামীকে ধৰি একাংশ বিজেপি নেতাক শিলগুটি নিক্ষেপ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে গুলীচালনাৰে হত্যাৰ ষড়যন্ত্ৰ কৰা বুলিও কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মন্ত্ৰী বিমল বড়াই ।

লগতে মন্ত্ৰী বিমল বড়াই কয়, "আমি সেয়ে সাংসদ ৰকিবুল হুছেইনক উপ-নিৰ্বাচনৰ পৰা বাৰণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো । কাৰণ তেওঁ থাকিলে ১৩ নৱেম্বৰৰ নিৰ্বাচন স্বচ্ছ আৰু নিকা নহয় ।"

চামগুৰি হিংসাত ৰকিবুল প্ৰত্যক্ষভাৱে জড়িত:বিজেপি

লগতে এই উপ-নিৰ্বাচন সন্ত্ৰাস জৰ্জৰ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে চেষ্টা চলাই অহাৰ কথা পূৰ্বেই উল্লেখ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে শনিবাৰে নিশা এজন সাংবাদিক আক্ৰমণৰ বলি হোৱা ঘটনা সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই ।

বাতৰি কৰিবলৈ যাওঁতে ৰকিবুল হুছেইনৰ উপস্থিতিত সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ গৰিহণাৰ যোগ্য বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনত জয়ী হ'বলৈ কংগ্ৰেছে বহু ব্লুপ্ৰিন্ট ৰচনা কৰা বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বড়াই । আক্ৰমণ, গুলীচালনা, সাংবাদিকক আক্ৰমণৰ জৰিয়তে দীৰ্ঘদিনৰ যি পৰিকল্পনা সেইটোক কংগ্ৰেছে কাৰ্যকৰী কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মায়ো ।

বিধায়ক ৰূপক শৰ্মাই কয়, "দিপ্লু ৰঞ্জন শৰ্মা বৃহৎ ভোটত জয়ী হ'ব । সেয়ে সাংসদ ৰকিবুল হুছেইনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে । তেওঁ বিজেপি কৰ্মী আৰু সাংবাদিকক চামগুৰি সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰি কূটকৌশলেৰে নিৰ্বাচন জয়ী হ'ব বিচাৰিছে । কিন্তু ৰাইজ সজাগ ।"

লগতে পঢ়ক :নিৰ্বাচন নহয় যেন কুৰুক্ষেত্ৰৰ ৰণহে ! অনশনত বহিল ৰকিবুল হুছেইনসহ কংগ্ৰেছী নেতা; বিজেপিৰো প্ৰতিবাদ

নিৰ্বাচনী হিংসাত উত্তপ্ত চামগুৰি; ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.