বিশ্বনাথ, 25 মাৰ্চ : "কংগ্ৰেছ দলক ভোট দিয়া মানে ৰাহুল গান্ধীক ভোট দিয়া, বিজেপিক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া ৷ ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত ৷ তেওঁৰ কাৰণে দুটা সমষ্টি সাজু কৰি থৈ দিছো ৷ 2025 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বিজেপিত যোগদান কৰিব ভূপেন বৰাই ৷" শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ ৷
- " class="align-text-top noRightClick twitterSection" data="">
মঙলবাৰে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ৰঞ্জিত দত্তৰ বাসগৃত উপস্থিত হৈ কংগ্ৰেছ দলৰ লগতে গৌৰৱ গগৈ আৰু ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাবে দুটাকৈ সমষ্টি সাজু কৰি থোৱা বুলি মন্তব্য কৰে ৷ 2025 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে নিজকে ডাঙৰ বুলি ভবা সকলক বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে বিজেপিত যোগদান কৰিব বুলি কয় তেওঁ৷ আনহাতে শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীজনকো তেওঁ এটা ফোন কৰিলেই বিজেপিত যোগদান কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷